ETV Bharat / state

এহেজাৰ জাতীয় পতাকাৰে উজ্বলিছে বগীবিল দলং

author img

By

Published : Aug 14, 2022, 9:46 PM IST

Thousands of National flag hangs in Bogeebil bridge
এহেজাৰ জাতীয় পতাকাৰে উজ্বলিছে বগীবিল দলং

সমাগত স্বাধীনতা দিৱস (Independence Day 2022)৷ দেশৰ 76 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত এহাজাৰ জাতীয় পতাকাৰে উজ্বলাই তোলা হৈছে এছিয়া মহাদেশৰ সৰ্ববৃহৎ ৰে'ল আৰু স্থল পথৰ ব্যৱস্থা থকা বগীবিল দলং (Thousands of National flag hangs in Bogeebil bridge) ৷

ডিব্ৰুগড়, 14 আগষ্ট: সমাগত স্বাধীনতা দিৱস (Independence Day 2022)৷ কাইলৈ দেশজুৰি পালন কৰা হ’ব 76 সংখ্যক স্বাধীনতা দিৱস ৷ স্বাধীনতা দিৱস উদযাপনৰ পৰা দেশৰ কোনো এজন নাগৰিক যাতে বাদ পৰি নাযায় তাৰ বাবেও অধিক সতৰ্ক হৈছে ৰাজ্য চৰকাৰ ৷

এহেজাৰ জাতীয় পতাকাৰে উজ্বলিছে বগীবিল দলং

ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ পাছতে স্বাধীনতা দিৱসৰ বাবে সকলো দিশৰ পৰাই সাজু হৈ উঠিছে ডিব্ৰুগড় জিলা প্ৰশাসন ৷ দেশৰ 75 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত এহাজাৰ জাতীয় পতাকাৰে উজ্বলাই তুলিছে এছিয়া মহাদেশৰ সৰ্ববৃহৎ ৰে'ল আৰু স্থল পথৰ ব্যৱস্থা থকা বগীবিল দলং (Thousands of National flag hangs in Bogeebil bridge) ৷

ধেমাজি আৰু ডিব্ৰুগড় সংযোগী অসমৰ চতুৰ্থখন দলঙত শোভাবৰ্ধন কৰিছে হাজাৰতকৈ অধিক জাতীয় পতাকাই ৷ এই সন্দৰ্ভত ডিব্ৰুগড় জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে (DC Biswajit Pegu) কয়, "আজাদী কী অমৃত মহোৎসৱ আৰু হৰ ঘৰ ত্ৰিৰংগাৰ উপলক্ষে সংগতি ৰাখি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান ক্ৰমে ৰাজ্যত যিসমূহ কীৰ্তিচিহ্ন আছে সেইসমূহ যিধৰণে সজাবলৈ পৰা যায় সেইধৰণে জাতীয় পতাকাৰে সজাবলৈ নিৰ্দেশনা দিয়া হৈছিল ৷ সেইবাবেই 5 কিলোমিটাৰ দৈৰ্ঘ্যৰ বগীবিল দলঙত আৰম্ভনিৰ পৰা শেষলৈকে 1000তকৈ অধিক জাতীয় পতাকাৰে সজাই তোলা হৈছে ৷ প্ৰয়োজন হ’লে আৰু জাতীয় পতাকা দিবলৈ আমি সাজু"৷

লগতে পঢ়ক: নগাঁৱৰ শ্বহীদ পৰিয়ালৰ বাসগৃহত পতাকা উত্তোলন DGP ভাস্কৰজ্যোতি মহন্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.