ETV Bharat / state

টেঙাখাতৰ ঐতিহাসিক কীৰ্তিচিহ্নসমূহ পৰিদৰ্শন টাইপাৰ

author img

By

Published : Oct 7, 2021, 2:56 PM IST

TAYPA demands for reservation of Historical significance
টেঙাখাতৰ ঐতিহাসিক কীৰ্তিচিহ্নসমূহ পৰিদৰ্শন টাইপাৰ

ডিব্ৰুগড়ৰ ঐতিহাসিক কীৰ্তিচিহ্ন চিনাক্ত কৰি সংৰক্ষণৰ লগতে পৰ্যটনৰ ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিলৰ বাবে বুধবাৰে টেঙাখাতৰ ঐতিহাসিক কীৰ্তিচিহ্নস্থলী পৰিদৰ্শন কৰে টাই আহোম যুৱ পৰিষদৰ এটা সঁজাতী দলে ৷

ডিব্ৰুগড়, 7 অক্টোবৰ : ৰাজ্য চৰকাৰে সকলো ঐতিহাসিক কীৰ্তিচিহ্ন সংৰক্ষণ কৰি পৰ্যটনৰ ক্ষেত্ৰ হিচাপে গঢ়ি তোলা হ'ব বুলি ঘোষণা কৰিলেও ৰাজ্যৰ পৰ্যটন মন্ত্ৰীৰ গৃহজিলা ডিব্ৰুগড় টেঙাখাতৰ বহু ঐতিহাসিক কীৰ্তিচিহ্ন সংৰক্ষণৰ অভাৱত ধ্বংসৰ গৰাহত পৰিছে । টাই আহোম যুৱ পৰিষদ অসমৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত টেঙাখাত আঞ্চলিক সমিতিৰ এটা সঁজাতি দলে এই স্থানসমূহ পৰিদৰ্শন কৰি বৰ্তমান অৱস্থিতি সম্পৰ্কে অধ্যয়ন কৰে ৷

taypa-demands-for-reservation-of-historical-significance
টেঙাখাতৰ ঐতিহাসিক কীৰ্তিচিহ্নসমূহ পৰিদৰ্শন টাইপাৰ

টাইপাৰ সঁজাতি দলটোৱে ভেকুলাজান চাহ বাগিচাৰ দখলত থকা বৰপুখুৰী, পানধোৱা গাঁৱৰ পানধোৱা পুখুৰী, পানধোৱা চাউদাং গাঁৱৰ ম’হমৰা পুখুৰী, চৈয়াং আৰু গাভৰু আলিৰ সংলগ্ন স্থানত থকা ইটাপৰা পুখুৰী, হাতীবন্ধা গাঁৱৰ ঘোমতাল পুখুৰী আৰু তামুলীখাত গাঁৱত অৱস্থিত তামুলী মৈদাম পৰিদৰ্শন কৰে । টাইপাৰ দলটোৱে বৃহত্তৰ টেঙাখাত অঞ্চলত সিঁচৰতি হৈ থকা ঐতিহাসিক কীৰ্তিচিহ্নসমূহ বেদখলমুক্ত কৰি সেই সমূহ সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধনৰ যোগেদি পৰ্যটনস্থলীলৈ ৰূপান্তৰ কৰাৰ দাবী জনাই মুখ্যমন্ত্ৰীৰ হাতত এখন স্মাৰক পত্ৰ প্ৰদান কৰে ৷

টেঙাখাতৰ ঐতিহাসিক কীৰ্তিচিহ্নসমূহ পৰিদৰ্শন টাইপাৰ

উল্লেখযোগ্য যে, বৃহত্তৰ জালুকনী তথ বেজিনী পুখুৰীটো সম্প্ৰতি চৰকাৰৰ মীন বিভাগে সংৰক্ষণ কৰি ইয়াত মৎস্য উৎপাদনৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি হেমন্ত গগৈ আৰু সহকাৰী সাধাৰণ সম্পাদক ৰাণাৰঞ্জন গগৈ, ডিব্ৰুগড় জিলাৰ ভাৰপ্ৰাপ্ত সভাপতি হেমন্ত গগৈ আৰু কাৰ্যকৰী সভাপতি ভানুৰঞ্জন গগৈৰ লগতে আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকি ঐতিহাসিক কীৰ্তিচিহ্নসমূহ পৰিদৰ্শন কৰে ।

লগতে পঢ়ক : মৃদুপৱন-ৰাজকন্যা : চৰম অস্বস্তিত অসম আৰক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.