ETV Bharat / state

মৃদুপৱন-ৰাজকন্যা : চৰম অস্বস্তিত অসম আৰক্ষী

author img

By

Published : Oct 6, 2021, 9:32 PM IST

মৃদুপৱন নেওগ আৰু ৰাজকন্যা বৰুৱাই উদঙাইছে অসম আৰক্ষীৰ প্ৰকৃত স্বৰূপ ৷ লাহে লাহে যেন বিশ্বাসযোগ্যতা হেৰুৱাইছে অসম আৰক্ষীয়ে ৷ আৰক্ষীয়ে তালাচী চলাই থকাৰ সময়তেই পলাই যাবলৈ সক্ষম হোৱা মৃদুপৱন নেওগ আৰু সুৰামত্ত হৈ গাড়ীৰে শ্ৰমিকক মহতীয়াই নিয়া ৰাজকন্যা বৰুৱা নামৰ যুৱতীক ৰক্ষনাবেক্ষণ দিয়া কাৰ্যই অসম আৰক্ষীৰ বিশ্বাসযোগ্যতাক লৈ যেন উত্থাপন কৰিছে বহু প্ৰশ্নৰ ৷

mridupaban neog and rajkanya baruah incident raises question on assam police credibility
মৃদুপৱন নেওগ আৰু ৰাজকন্যা বৰুৱাই উদঙাইছে অসম আৰক্ষীৰ প্ৰকৃত স্বৰূপ

নিউজ ডেস্ক , 6 অক্টোবৰ : ৰাজ্যৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীক যিমানে শক্তিশালী ৰূপত গঢ়ি তুলি আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিব বিচাৰিছে, সিমানে আৰক্ষীয়ে হেৰুৱাব লৈছে বিশ্বাসযোগ্যতা ৷ বিশেষকৈ যোৱা‌ ১০ মেত ৰাজ্যত নতুন চৰকাৰ গঠন হোৱাৰ পিছত অসম আৰক্ষীৰ প্ৰকৃত স্বৰূপ যেন অধিক স্পষ্ট কৈ ৰাইজৰ সমুখত ধৰা দিছে ।

অসমত 'অসম আৰক্ষী' বোলা সংস্থাটো‌ আচলতে কিদৰে চলে সেই কথা শেহতীয়াকৈ পুনৰবাৰ প্ৰমাণিত হৈছে কেইটামান বিশেষ ঘটনাৰ দ্বাৰা ৷ বিশেষকৈ মৃদুপৱন নেওগ নামৰ এজন জনাজাত প্ৰৱঞ্চকে আৰক্ষীয়ে তালাচী চলাই থকাৰ সময়তেই অট্টালিকাৰ দ্বিতীয় মহলাৰ পৰা নিশা পলাই যাবলৈ সক্ষম হোৱা আৰু ৰাজকন্যা বৰুৱা নামৰ যুৱতীক ৰক্ষণাবেক্ষণ দিয়া কাৰ্যই যেন অসম আৰক্ষীৰ স্বৰূপ উদঙাই দিছে ৷

২৪ ছেপ্টেম্বৰৰ নিশা মৃদুপৱন নেওগ নামৰ বিতৰ্কিত যুৱকজনৰ মহানগৰীৰ কাহিলীপাৰাত থকা ঘৰত তালাচী চলাই আৰক্ষীয়ে বহু আপত্তিজনক নথি আৰু সামগ্ৰিৰ উপৰিও বাইশ জাঁই গুলীকে ধৰি এটা পিষ্টলো জব্দ কৰিছিল ৷ কিন্তু, এই তালাচীৰ মাজতে অতি ৰহস্যজনকভাৱে অভিযুক্ত প্ৰৱঞ্চক মৃদুপৱন নেওগ পলাই যাবলৈ সক্ষম হয় ৷ আৰক্ষীৰ মতে, খিৰিকীৰে পলাই যাবলৈ সক্ষম হয় এই যুৱক ৷ কিন্তু, আৰক্ষীয়ে তালাচী চলাই থাকোতেই কেনেকৈ মৃদুপৱন পলাই যাবলৈ সক্ষম হ'ল সেই কথাই সৰ্বসাধাৰণ ৰাইজক আচৰিত কৰিছে ৷

কেৱল সেয়ে নহয়, যোৱা মাহকেইটাত কেইবাজনো সাধাৰণ অভিযুক্তক 'পলাব' বিচাৰোতে ভৰিত গুলীয়াই ঘূণীয়া কৰা আৰক্ষীয়ে সিদিনা ৰাতি মৃদুপৱনক কিয় ৰখাব নোৱাৰিলে বুলি সৰ্বত্ৰে চৰ্চিত হৈছে ৷ কিন্তু, তাৰ পিছৰ যোৱা বাৰটা দিন উকলি যোৱাৰ পিছতো আজি পৰ্যন্ত গ্ৰেপ্তাৰ হোৱা নাই প্ৰৱঞ্চক মৃদুপৱন ৷

এই ঘটনাৰ সমান্তৰালকৈ যোৱা ১ অক্টোবৰৰ নিশা সুৰাসক্ত হৈ গাড়ী চলাই পাঁচজন শ্ৰমিকক ৰাজপথত মহটিয়াই নিয়া ৰাজকন্যা বৰুৱা নামৰ যুৱতীগৰাকীক দণ্ডবিধিৰ সৰল ধাৰা লগাই আইনৰ সুৰুঙা সৃষ্টি কৰা দিছপুৰ থানাৰ আৰক্ষীৰ কাৰ্যইও সচেতনজনক আচৰিত কৰিছে ৷ প্ৰশ্ন উঠিছে- ৰাজ্যৰ ৰাজধানী দিছপুৰৰ আৰক্ষীৰেই যদি অপৰাধীক সুৰক্ষা দিয়াৰ এই প্ৰৱণতা হয়, তেতিয়াহ'লে আন ঠাইৰ আৰক্ষীয়ে কি নকৰিব ? উল্লেখ্য যে, সামাজিক মাধ্যমৰ সক্ৰিয়তাৰ বাবে বিষয়টোত হস্তক্ষেপ কৰিবলগীয়া হ'ল আৰু আজি একেই থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰো কৰিবলগীয়া হ'ল ।‌‌

মন কৰিবলগীয়া যে, অসম আৰক্ষীৰ এই ভূমিকাই সৰ্বসাধাৰণ ৰাইজক চিন্তিত কৰাৰ পিছতো গৃহ বিভাগেও উদাসীনতা প্ৰদৰ্শন কৰি‌ছে ৷ কেৱল সেয়ে নহয়, আৰক্ষীৰ দায়বদ্ধতা আয়োগ নামৰ সংস্থাটোৰ ৰহস্যজনক মৌনতা এই মূহুৰ্তত সচেতন নাগৰিকৰ মাজত আলোচনাৰ বিষয় হৈ পৰিছে ৷

লগতে পঢ়ক : 10 দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ বিতৰ্কিত আৰক্ষী বিষয়া ৰৌণক আলি হাজৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.