ETV Bharat / state

Swahid Jintu Gogoi: শ্বহীদ জিণ্টু গগৈ বীৰচক্ৰ ফুটবল প্ৰতিযোগিতা উদ্বোধন

author img

By

Published : Feb 16, 2023, 1:19 PM IST

দুলীয়াজানৰ নেহেৰু ময়দানত আৰম্ভ শ্বহীদ জিণ্টু গগৈ বীৰচক্ৰ সোঁৱৰণি ফুটবল প্ৰতিযোগিতা (Swahid Jintu Gogoi Vir Chakra Memorial Football Tournament)। হাজাৰ হাজাৰ ফুটবলপ্ৰেমী দৰ্শকৰ উপস্থিতিত খেলখনৰ শুভ উদ্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

Shaheed Jintu Gogoi Birchakra memorial Football Tournament
আৰম্ভ হ’ল জিণ্টু গগৈ বীৰচক্ৰ সোঁৱৰণি ফুটবল প্ৰতিযোগিতা

আৰম্ভ হ’ল জিণ্টু গগৈ বীৰচক্ৰ সোঁৱৰণি ফুটবল প্ৰতিযোগিতা

মৰাণ, ১৬ ফেব্ৰুৱাৰী: অইল ইণ্ডিয়া লিমিটেড আৰু ৰাজ্য চৰকাৰৰ সহযোগত তথা স্পিয়াৰ কৰ্পছৰ তত্বাৱধানত ৰেড্ শ্বিল্ড ডিভিজনৰ লাইপুলি ব্রিগেডৰ উদ্যোগত বুধবাৰৰ পৰা আৰম্ভ হৈছে শ্বহীদ জিণ্টু গগৈ বীৰচক্ৰ সোঁৱৰণি ফুটবল প্ৰতিযোগিতাখন । দুলীয়াজানৰ নেহেৰু ময়দানত শ্বহীদ জিণ্টু গগৈ বীৰচক্ৰ সোঁৱৰণি ফুটবল প্ৰতিযোগিতাখনিৰ শুভ উদ্বোধন কৰা হয় (Swahid Jintu Gogoi Vir chakra memorial Football Tournament) । উত্তৰ পূৰ্বাঞ্চলৰ মুঠ ২৪ টা আগশাৰীৰ ফুটবল দলে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাখনিৰ শুভ উদ্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে (Union Minister Sarbananda Sonowal) ।

ফুটবল প্ৰতিযোগিতাৰ প্ৰথম খেলখন কাকপথাৰ এফ চি বনাম ছিকিম বাজাজৰ মাজত অনুষ্ঠিত হয় । আৰম্ভণি খেলখন শুভ উদ্ধোধন কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে খেলুৱৈসকলক উৎসাহিত কৰে । প্ৰতিযোগিতাখনিৰ আৰম্ভণিৰ পূৰ্বে ভাৰতীয় সেনাৰ জোৱানসকলে উপস্থিত দৰ্শকক দুঃসাহসিক পেৰাগ্লাইডিঙৰ লগতে বহুকেইটা নৃত্য প্ৰদৰ্শন কৰি দৰ্শকক আমোদ দিয়ে । এই উদ্বোধনী অনুষ্ঠানত ভাৰতীয় সেনা বাহিনীৰ লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা, শ্বহীদ জিণ্টু গগৈৰ পিতৃ-মাতৃৰ লগতে পৰিয়ালবৰ্গ, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু দুলিয়াজানৰ বিধায়ক তেৰচ গোৱালা উপস্থিত থাকে ।

শ্বহীদ জিণ্টু গগৈ বীৰচক্ৰ সোঁৱৰণি ফুটবল প্ৰতিযোগিতাখনিৰ শুভ উদ্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়,"সেনা বাহিনী আৰু অইল ইণ্ডিয়াই কেপ্তেইন জিন্টু গগৈ সোঁৱৰণিত যি খেল অনুষ্ঠিত কৰিছে এই ধৰণৰ অনুষ্ঠানে নতুন প্ৰজন্মৰ আগত কেপ্তেইন জিন্টু গগৈৰ বীৰ জীৱন গাঁথা সুন্দৰকৈ পৰিচিত হ'ব ।" কেপ্তেইন জিন্টু গগৈ ফুটবল প্রতিযোগিতা পৰৱৰ্তী সময়ত ৰাষ্ট্ৰীয পৰ্যায়ত অনুষ্ঠিত কৰাৰো পোষকতা কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । এই অনুষ্ঠানত অংশ কৰি কেপ্তেইন জিন্টু গগৈৰ পিতৃ ঠগীৰাম গগৈয়ে উদ্যোগতাসকলক ধন্যবাদ জ্ঞাপন কৰে (Father of Captain Jintu Gogoi)। তেওঁ নতুন প্ৰজন্মৰ যুৱক-যুৱতীসকলক সেনা বাহিনীত ভৰ্তি হৈ দেশ সেৱা কৰাৰ মানসিকতাৰে আগবাঢ়ি আহিবলৈ আহ্বান জনায় ।

উল্লেখযোগ্য যে ১৯৭০ চনত জন্মগ্ৰহণ কৰা শ্বহীদগৰাকীয়ে ১৯৯৯ চনত কাৰ্গিল যুদ্ধত প্ৰাণ বিসৰ্জন দিছিল । মাত্ৰ ২৯ বছৰ বয়সতে দেশৰ বাবে প্ৰাণ বিসৰ্জন দিয়া এইগৰাকী বীৰ শ্বহীদক শ্ৰদ্ধা জনাই ভাৰতীয় সেনা বাহিনীয়ে প্ৰতিবছৰে অনুষ্ঠিত কৰি আহিছে এই প্ৰতিযোগিতাখনি । আনহাতে, জিণ্টু গগৈ সোঁৱৰণি ফুটবল প্ৰতিযোগীতাৰ চূড়ান্ত খেলখন অহা ২২ ফেব্ৰুৱাৰীত ডিগবৈত অনুষ্ঠিত হ'ব বুলি সেনা বাহিনীয়ে সদৰি কৰিছে । দুলীয়াজান লগতে ডিব্ৰুগড়, তিনিচুকীয়া আৰু ডিগবৈত এই প্ৰতিযোগিতাখনি অনুষ্ঠিত হৈছে ।

লগতে পঢ়ক:Bura Chapori Eviction: বুঢ়াচাপৰি সংৰক্ষিত বনাঞ্চলত চলি থকা উচ্ছেদ অভিযানৰ আজি তৃতীয়টো দিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.