ETV Bharat / state

Dibrugarh University:ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ভৱনৰ সন্মুখত প্ৰতিবাদ ছাত্ৰৰ

author img

By

Published : Aug 1, 2023, 8:41 PM IST

Dibrugarh University
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ভৱনৰ সন্মুখত প্ৰতিবাদ ছাত্ৰৰ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ভৱনৰ সন্মুখত প্ৰতিবাদ একাংশ ছাত্ৰৰ ৷ কেতবোৰ নিয়ম শিথিল কাৰৰ দাবী ছাত্ৰ সকলৰ ৷

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ভৱনৰ সন্মুখত প্ৰতিবাদ ছাত্ৰৰ

ডিব্ৰুগড়,1 আগষ্ট : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ভৱনৰ সন্মুখত ডিব্ৰুগড় বিশ্ববিদ্যালয় ছাত্ৰ সমাজৰ উত্তাল প্ৰতিবাদ ৷ বিশ্ববিদ্যালয় চৌহদত নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰাৰ দাবীত এই প্ৰতিবাদ ছাত্ৰ সমাজৰ ৷ বিশ্ববিদ্যালয়খনৰ কিছু নীতি নিয়মৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সমাজে ৷

উল্লেখ্য যে 2022 বৰ্ষত ৰাজ্য কঁপাই গৈছিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডই ৷ সেই ৰেগিং কাণ্ডৰ পাচতে ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বিশ্ববিদ্যালয়খনৰ ছাত্ৰ বা ছাত্ৰীবাসত থকাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে কিছু নিয়ম সলনি কৰিছিল ৷ বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ সিদ্ধান্ত অনুসৰি বিশ্ববিদ্যালয়ৰ নৱাগত আৰু পুৰণি ছাত্ৰ-ছাত্ৰী সকল পৃথক পৃথক হোষ্টেলত থাকিব লাগিব । কিন্তু এই নিয়মক লৈ এতিয়া একাংশ অসন্তুষ্ট ছাত্ৰই কৰিলে প্ৰতিবাদ।

বিশ্ববিদ্যালয়ৰ এই সিদ্ধান্তই সমন্বয় বিলুপ্ত হোৱাৰ লগতে ছাত্ৰ সমাজৰ মাজত ঐক্য শেষ হ'ব বুলি ক্ষোভ প্ৰকাশ কৰিছে বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে । পুৰণি ঘটনাক লৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই এনে সিদ্ধান্ত লোৱাৰ পৰিৱৰ্তে নিৰাপত্তা অধিক কটকটীয়া কৰিবলৈ প্ৰতিদাবী কাৰ্যসূচীৰ জৰিয়তে দাবী কৰে প্ৰতিবাদী ছাত্ৰ সমাজে ৷

উল্লেখ্য যে কেইমাহ পূৰ্বে উজনি অসমৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ ডিব্ৰুগড় বিশ্ববিদ্যালয়খনৰ পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাবাসৰ ছাত্ৰক জ্যেষ্ঠ ছাত্ৰই প্ৰহাৰ কৰিছিল ৷ সেই ভয়ংকৰ ৰেগিংত গুৰুতৰ বাবে আহত হৈছিল আনন্দ শৰ্মা ৷ এই সমগ্ৰ ৰেগিং কাণ্ডৰ বাবে গ্ৰেপ্তাৰ কৰিছিল ৰাহুল ছেত্ৰী নামৰ প্ৰাক্তন ছাত্ৰক ৷ তেতিয়াৰ পৰাই ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা কঠোৰ নিয়ম প্ৰণয়ন কৰা হৈছিল ৷ সেই কঠোৰ নিয়মৰ বিৰুদ্ধে মঙলবাৰে প্ৰতিবাদ কৰে একাশং ছাত্ৰই ৷ আনহাতে ডিব্ৰুগড় বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনো সমাগত ৷

লগতে পঢ়ক:Electrocution Incident in Moran: মাতৃ-পুত্ৰৰ মৃত্যুক লৈ মৰাণ চাহ বাগিচাৰ কাৰ্যালয় ঘেৰাও শ্ৰমিকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.