ETV Bharat / state

Electrocution Incident in Moran: মাতৃ-পুত্ৰৰ মৃত্যুক লৈ মৰাণ চাহ বাগিচাৰ কাৰ্যালয় ঘেৰাও শ্ৰমিকৰ

author img

By

Published : Aug 1, 2023, 2:02 PM IST

বিদ্যৎপৃষ্ট হৈ মাতৃ-পুত্ৰৰ মৃত্যুৰ পিচতে নিশা মৰাণ চাহ বাগিচাৰ কাৰ্যালয় ঘেৰাও কৰিবলৈ ওলাই আহিল শ শ শ্ৰমিক । বিদ্যুৎ বিভাগ আৰু বাগিচা কৰ্তৃপক্ষক দোষাৰোপ কৰি পৰিস্থিতি উত্তপ্ত কৰে ।

Tense situation in moran tea estate

নিশা মৰাণ চাহ বাগিচাৰ কাৰ্যালয় ঘেৰাও

মৰাণ, ১ আগষ্ট: মৰাণৰ খটখটি বজাৰ লাইনত সোমবাৰে বিয়লি ৪৪০ ভল্টেজ বিদ্যুৎ পৰিবাহী তাঁৰ ছিগি মাতৃ-পুত্ৰৰ মৃত্যু হোৱাৰ পিচতেই এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় । মৰাণ খটখটিৰ বজাৰ লাইনত কালি বিয়লি বিদ্যুৎস্পৃষ্ট হৈ মাতৃ-পুত্ৰৰ শোকাৱহ মৃত্যু হোৱাৰ পাচতে নিশা মৰাণ চাহ বাগিচা কাৰ্যালয়ৰ সন্মুখত উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় । বাগিচাখনৰ শ্ৰমিকৰ লগতে বিভিন্ন চাহ জনগোষ্ঠীৰ সংগঠনে মৰাণ চাহ বাগিচাৰ কাৰ্যালয়ৰ সন্মুখত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷

প্ৰতিবাদী ৰাইজে এই ঘটনাটোৰ বাবে বিদ্যুৎ বিভাগ আৰু বাগিচা কৰ্তৃপক্ষক দোষাৰোপ কৰি পৰিস্থিতি উত্তপ্ত কৰে । পৰিয়ালৰ অভিযোগ অনুসৰি ঘটনাৰ পাচতে বাগিচাৰ চিকিৎসালয়লৈ আহত মাতৃ-পুত্ৰক অনা হৈছিল যদিও চিকিৎসালয়ত নাছিল চিকিৎসক । ফলত তিলৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰিব লগা হৈছিল যদিও মাতৃ-পুত্ৰক মৃত ঘোষণাৰ কৰে চিকিৎসকে । ইয়াৰ পিচতে নিশা মৰাণ চাহ বাগিচাৰ কাৰ্যালয় ঘেৰাও কৰিবলৈ ওলাই আহিল শ শ শ্ৰমিক ।

পিচত এই পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী মোতায়েন কৰা হয় । আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাই যদিও শ্ৰমিকসকলে মিজৰ স্থিতিত অটল থকাত পৰিস্থিতি অধিক জটিল হৈ পৰে । সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ লগতে মৰাণ চাহ বাগিচা চিকিৎসালয়ত ২৪ ঘন্টাই চিকিৎসকৰ ব্যৱস্থা কৰা, ২৪ ঘন্টাই বাগিচাত অক্সিজেনযুক্ত এম্বুলেঞ্চৰ ব্যৱস্থা কৰাৰ দাবী জনাই প্ৰতিবাদকাৰী ৰাইজে ৷

উল্লেখযোগ্য যে, সোমবাৰে আবেলি মৰাণৰ খটখটি বজাৰ লাইনত ৪৪০ ভল্টেজৰ বিদ্যুৎ পৰিবাঁহী তাঁৰ ছিঙি মাতৃ-পুত্ৰৰ অকাল মৃত্যু হয় । আবেলি ঘৰৰ চোতালত ৰিয়ান কৰ্মকাৰ নামৰ শিশুটোৱে খেলি থকাৰ সময়তে ঘৰৰ ওপৰেদি যোৱা বিদ্যুৎ পৰিবাহী তাঁৰ হঠাৎ ছিগি পৰি যায় চোতালত ৷ ফলত চোতালত খেলি থকা ৰিয়ান কৰ্মকাৰে স্পৰ্শ কৰে বিদ্যুৎ পৰিবাহী ছিগা তাঁৰত ৷ ইফালে, সন্তানক ৰক্ষা কৰিবলৈ গৈ মাতৃ ৰিমা কৰ্মকাৰেও ছিগা বিদ্যুৎ পৰিবাহী তাঁৰত স্পৰ্শ কৰে ৷ ফলত দুই মাতৃ-পুত্ৰই বিদ্যুৎস্পৃষ্ট হয় ৷ আনহাতে, বিদ্যুত বিভাগৰ গাফিলতিৰ বাবে এই ঘটনা হোৱা বুলি অভিযোগ কৰে মৃত ৰিমা কৰ্মকাৰৰ আত্মীয়ই ৷

লগতে পঢ়ক:Electrocution Incident in Moran: বিদ্যুৎ পৰিবাহী তাঁৰ ছিগি মাতৃ-পুত্ৰৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.