ETV Bharat / state

Constituency Delimitation: নাহৰসাঁকোত মহিলা প্ৰতিবাদকাৰীক দুৰ্ব্যৱহাৰ কৰা আৰক্ষীক শাস্তিৰ দাবী বিভিন্ন দল-সংগঠনৰ

author img

By

Published : Jul 9, 2023, 4:54 PM IST

Constituency Delimitation
মহিলাক প্ৰতিবাদৰাকী দুৰ্বৱ্যহাৰ কৰা আৰক্ষীক শাস্তিৰ দাবী ৰাইজৰ

শনিবাৰৰ ঘটনাৰ সন্দৰ্ভত সংবাদমেল ৷ প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে লাঠিচালনা কৰা কাৰ্যত তীব্ৰ ভাষাৰে ধিক্কাৰ ৷ প্ৰতিবাদৰাকী মহিলাক দুৰ্বৱ্যহাৰ কৰা আৰক্ষীক শাস্তিৰ দাবী ৷

মহিলাক প্ৰতিবাদৰাকী দুৰ্বৱ্যহাৰ কৰা আৰক্ষীক শাস্তিৰ দাবী ৰাইজৰ

ডিব্ৰুগড়,9 জুলাই: লাহোৱাল সমষ্টি বিলুপ্তিকৰণৰ বিৰুদ্ধে ডিব্ৰুগড়ৰ নাহৰসাঁকোত শনিবাৰে সন্ধিয়া ৰাইজে জোঁৰ সমদল উলিয়াইছিল ৷ জোঁৰ সমদলকাৰীক নিয়ন্ত্ৰণৰ নামত আৰক্ষীয়ে লাঠি চালনা কৰে ৷ প্ৰতিবাদৰাকী মহিলাক আৰক্ষীয়ে দুৰ্ব্যৱহাৰ কৰাৰো অভিযোগ উঠিছিল ৷ প্ৰশাসনৰ এনে কাৰ্যক তীব্ৰ ভাষাৰে নিন্দা প্ৰকাশ কৰিছে ৰাইজে ৷ দেওবাৰে লাহোৱাল প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদমেলত কেইবাটাও সংগঠনে প্ৰতিবাদকাৰীৰ ওপৰত অতৰ্কিতে লাঠিচালনা কৰা কাৰ্যত তীব্ৰ ভাষাৰে ধিক্কাৰ জনায় ।

মহিলা প্ৰতিবাদকাৰীক টানি আজুৰি চুচৰাই নিয়া পুৰুষ আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী তুলিলে ৰাইজে ৷ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙক সমগ্ৰ ঘটনাটোৰ ওপৰত তদন্ত কৰি দোষী আৰক্ষী বিষয়া আৰু জোৱানক শীঘ্ৰে নিলম্বন কৰিবলৈ আহ্বান জনায় সংবাদমেলযোগে ৷ এনে ঘটনাৰ পাচতো লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকা নিমাত হৈ থকা কাৰ্যক সমালোচনা কৰিছে ৰাইজে ৷ চৰকাৰৰ দমনমূলক নীতি প্ৰয়োগ কৰাটো সহ্য কৰা নহ'ব বুলি সকীয়নি প্ৰদান কৰে । তদুপৰি দণ্ডাধীশ অবিহনে কাৰ নিৰ্দেশত প্ৰতিবাদকাৰীক কোনো সতৰ্কতাৰ জাননী নিদিয়াকৈ লাঠি চালনা কৰিলে আৰক্ষীয়ে বুলিও প্ৰশ্ন উত্থাপন কৰে ।

এজন বগা ইউনিফৰ্ম পৰিহিত যান-বাহন আৰক্ষীয়ে প্ৰথমে প্ৰতিবাদী ৰাইজৰ ওপৰত জপিয়াই পৰিবলৈ ক'ত সাহস পালে বুলি মুকলি ক্ষোভ প্ৰকাশ কৰে সংবাদমেলযোগে । শনিবাৰৰ নিশা হোৱা ঘটনাক কেন্দ্ৰ কৰি আজিও অঞ্চলটোত চেঁপা উত্তেজনাই বিৰাজ কৰে । আনহাতে নিশাৰ ভাগতে মোতায়েন কৰা হৈছিল অৰ্ধ সামৰিক বাহিনী । ৰাইজৰ প্ৰতিবাদত দেখি মাজ নিশাই দণ্ডাধীশ আৰু উচ্চ পদস্থ আৰক্ষী বিষয়াৰ উপস্থিতিত প্ৰতিবাদী ৰাইজৰে হোৱা আলোচনাৰ অন্তত লিখিত প্ৰতিশ্ৰুতি অনুসৰি ছাত্ৰ নেতা অৰূপ দত্তক মুকলি কৰি দিয়ে আৰক্ষীয়ে।

শনিবাৰৰ ঘটনাৰ সন্দৰ্ভত দেওবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ লাহোৱাল আঞ্চলিক সমিতি, সদৌ মটক যুৱ ছাত্ৰ সন্মিলন, সদৌ অসম মটক যুৱ-ছাত্র পৰিষদৰ ডিব্ৰুগড় জিলা সমিতি, ৰাইজৰ দল, আম আদমী পাৰ্টি, ভাৰতীয় জাতীয় কংগ্ৰেছ, অসমীয়া মহিলা মঞ্চ, লাহোৱাল প্ৰেছ ক্লাব আদি দল সংগঠনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰাৰ লগতে দোষী আৰক্ষীৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনায়।

লগতে পঢ়ক:constituency delimitation : লাহোৱাল সমষ্টি বিলুপ্তিকৰণৰ বিৰুদ্ধে প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.