ETV Bharat / state

চাচনীত নৰ বলি দিয়াৰ চেষ্টা তিনিগৰাকীকৈ মহিলাসহ এগৰাকী কিশোৰীক

author img

By

Published : Sep 29, 2021, 7:02 PM IST

এক জঘন্য ঘটনা সংঘটিত হৈছে নাহৰকটীয়াৰ চাচনীত ৷ পূজা-পাতলৰ নামত তিনিগৰাকীকৈ মহিলাসহ এগৰাকী কিশোৰীক নৰ বলি দিবলৈ চেষ্টা এটা পৰিয়ালৰ ৷

Sensational incident in Naharkatiya
নাহৰকটীয়াত চাঞ্চল্যকৰ ঘটনা

মৰাণ, 29 ছেপ্টেম্বৰ : নাহৰকটীয়াৰ চাচনীত সংঘটিত হৈছে এক জঘন্য ঘটনা। পূজা-পাতলৰ নামত এটা পৰিয়ালে তিনিগৰাকীকৈ মহিলাসহ এগৰাকী কিশোৰীক নৰ বলি দিবলৈ চেষ্টা চলাওতেই গাঁওবাসীয়ে হাতে লোটে আটক কৰি পৰিয়ালটোক চমজাই দিয়ে আৰক্ষীক ‌। মানৱ সমাজক লজ্জানত কৰা এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে নাহৰকটীয়াৰ চাচনীত ।

নাহৰকটীয়াত চাঞ্চল্যকৰ ঘটনা

এই ঘটনা সংঘটিত হৈছে নাহৰকটীয়াৰ চাচনীৰ ২নং টিংৰাই গাঁৱত । স্থানীয় ৰাইজৰ অভিযোগ গাঁওখনৰ দেৱজিৎ হাজৰিকা, মিণ্টু হাজৰিকা, দেৱকান্ত হাজৰিকা আৰু মাতৃ টুটুমণি হাজৰিকাই ঘৰৰ ওচৰৰে তিনিগৰাকী মহিলা আৰু এগৰাকী কিশোৰীক ঘৰতে অচেতন কৰি পুৱাৰে পৰা নৰবলি দিয়াৰ উদ্দেশ্যেৰে পূজা পাতল চলাই আছিল । ইফালে মহিলা আৰু কিশোৰী কেইগৰাকী পুৱাৰে পৰা সন্ধানহীন হৈ থকাত পৰিয়ালৰ লোকে বিচৰা খোচাৰ কৰাত সমগ্ৰ ঘটনা পোহৰলৈ আহে ।

লগতে পঢ়ক: কাগজ কলৰ বিষয়া-কৰ্মচাৰীৰ বাবে চৰকাৰৰ ৫৭০ কোটি টকাৰ পেকেজ

গাঁওবাসীয়ে জানিবলৈ দিয়া মতে, মাতৃ পুত্ৰসহ এই পৰিয়ালটোৱে কিছুদিন ধৰি ঘৰতে পূজা পাতল কৰি গাঁওখনত ক’লা যাদু কৰি গাঁওবাসীৰ মাজত এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰি আহিছিল ৷ গাঁওখনৰ ৰাইজে বিশ্বাস কৰা অনুসৰি এই ক’লা যাদুৰ প্ৰভাৱ পৰিছে গাঁৱৰ আন আন মহিলাৰ ওপৰত । আনকি টুটুমণি হাজৰিকাই নিজ পুত্ৰৰ দেহত ঐশ্বৰিক শক্তি প্ৰৱেশ কৰাৰ কথা গাঁওবাসীৰ আগত প্ৰকাশ কৰি পুত্ৰই কৈ যোৱা মতে গাঁওবাসীয়ে কাম সমূহ কৰি যাবলৈ গাওঁবাসীক নিদেৰ্শ দিয়ে ৷

টুটুমণি হাজৰিকাৰ এই কাণ্ডক সহজভাৱে মানি ল’ব পৰা নাছিল গাঁওবাসীয়ে ৷ নিজ ঘৰতে পূজা পাতল কৰি তিনিগৰাকী কৈ মহিলাসহ কিশোৰীক নৰ বলি দিয়াৰ চেষ্টা চলোৱা বুলি অভিযোগ তুলি স্থানীয় ৰাইজে পৰিয়ালটোক গতাই দিয়ে আৰক্ষীক ।

লগতে পঢ়ক: শীৰ্ষ মাওবাদী নেতা টিংৰাজ ওৰাঙৰ গুৱাহাটীত আত্মসমৰ্পণ

ইফালে আৰক্ষীয়ে দেৱকান্ত হাজৰিকাৰ বাসগৃহত অভিযান চলাই প্ৰায় ১.৭ কেজি গাঞ্জা জব্দ কৰে । এই নৰবলি ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অস্বীকাৰ কৰিছে যদিও অধিক তদন্তৰ পিছতহে সেয়া স্পষ্ট হ'ব বুলি জানিবলৈ দিয়ে । ইতিমধ্যে নাহৰকটীয়া আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত ভাৰতীয় দণ্ডবিধিৰ ২৯০/৩৫৪/৩০৭/২৯৫ (A),R/w Sec 8 of POCSO ধাৰাত ১৭১/২১ নম্বৰ আৰু NDPS Actৰ ১৭২/২১ নম্বৰত দুটাকৈ গোচৰ ৰুজু কৰি ধৃত মাতৃ-পুত্ৰক জেললৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক: চাৰ্জিকেল ষ্ট্ৰাইকৰ 5 বছৰ অতিক্ৰম...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.