ETV Bharat / state

Prices fall down of Row tea leaf : সেউজীয়া সোণৰ উচিত মূল্যৰ পৰা বঞ্চিত থলুৱা খেতিয়ক

author img

By

Published : Jul 29, 2023, 1:24 PM IST

Updated : Jul 29, 2023, 2:38 PM IST

Prices fall down of Row tea leaf
কেঁচা চাহপাতৰ মূল্য হ্ৰাস

কেঁচা চাহপাতৰ মূল্য হ্ৰাস ৷ ফলত ডিব্ৰুগড়ত সহস্ৰাধিক ক্ষুদ্ৰ চাহ খেতিয়কৰ মাজত সৃষ্টি হৈছে হাহাকাৰময় পৰিস্থিতি ৷

সেউজীয়া সোণৰ উচিত মূল্যৰ পৰা বঞ্চিত থলুৱা খেতিয়ক

ডিব্ৰুগড়, ২৯ জুলাই : সেউজীয়া সোণৰ উচিত মূল্যৰ পৰা বঞ্চিত হৈ এতিয়া হতাশ আৰু দিশহাৰা হৈ পৰিছে দুৰ্ভগীয়া ক্ষুদ্ৰ চাহ খেতিয়কসকল । কেঁচা চাহপাতৰ নিম্নগামী মূল্যই জুৰুলা কৰিছে ডিব্ৰুগড় জিলাৰ টিংখাং, মৰাণ, খোৱাঙৰ হাজাৰ হাজাৰ ক্ষুদ্ৰ চাহ খেতিয়কক । চৰম ভাবুকি কঢ়িয়াই আনিছে চাহ খেতিয়কসকলৰ জীৱন আৰু জীৱিকাৰ প্ৰতি ।

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য আকাশলঙ্ঘী হোৱা সময়তে একেবাৰে নিম্নগামী হৈছে কেঁচা চাহপাতৰ দৰ । কেঁচা পাতৰ গুণগত মানৰ দোহাই দি মধ্যভোগীসকলে প্ৰতিকেজি চাহপাতৰ মূল্য ১২-১৩ টকালৈ কমাই দিয়াত কৃষকসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছ । উৎপাদন ব্যয়তকৈও কম মূল্যত বৰ্তমান খেতিয়কসকলে কেঁচাপাত বিক্ৰী কৰিবলগা হোৱাত আৰ্থিকভাৱে ব্যাপক ক্ষতিৰ সন্মুখীন হৈছে কৃষকসকল ।

অসমৰ উৎপাদিত মুঠ চাহৰ ত্ৰিশ শতাংশৰ অধিক ক্ষুদ্ৰ চাহ খেতিয়কে উৎপাদন কৰাৰ লগতে জাতীয় আয়লৈ প্ৰভূত বৰঙণি আগবঢ়োৱাৰ পাচতো চৰকাৰখনে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ প্ৰতি অলপো সহমৰ্মিতা প্ৰকাশ কৰা নাই । ফলত একাংশ বৃহৎ চাহ কোম্পানী আৰু বট্‌লিফ ফেক্টৰীৰ আঙুলিৰ ঠাৰত ৰাজ্যখনৰ লক্ষাধিক ক্ষুদ্ৰ চাহ খেতিয়কে নাচিব লগা হৈছে । বৃহৎ চাহ গোষ্ঠী আৰু বট্‌লিফ ফেক্টৰীসমূহৰ ইচ্ছা-অনিচ্ছাৰ ওপৰতে কেঁচাপাতৰ দৰ নিৰ্ধাৰণ হয় ।

কেঁচা চাহপাতৰ চলিত উৎপাদন বৰ্ষৰ আৰম্ভণিতে টিংখাঙৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে প্ৰতি কেজি কেঁচাপাতৰ মূল্য ৩০-৩৫ টকা পর্যন্ত লাভ কৰিছিল যদিও জুলাই মাহত কেঁচাপাতৰ দাম কমি আহি ১২-১৩ টকা হৈছেহি । যাৰ ফলত চাহ খেতিয়কসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । কেঁচাপাতৰ গুণগত মানৰ দুহাই দি মধ্যভোগী শ্ৰেণীটোৱে কেঁচাপাতৰ দুগুণ-তিনিগুণ পর্যন্ত দৰ কমাই দিয়ে ।

উল্লেখ্য যে কেঁচা চাহপাতৰ মূল্য নিৰ্ধাৰণৰ লগতে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ আনুষংগিক সমস্যা সমাধানৰ বাবে এখন জিলা মণিটৰিং কমিটী থকাৰ পাচতো মধ্যভোগী শ্ৰেণীটোৱে জিলা মণিটৰিং কমিটীৰ কোনো নিৰ্দেশ কার্যকৰী নকৰাৰ অভিযোগ উত্থাপন হৈছে ।

ইফালে ৰাসায়নিক সাৰ, কীটনাশক দৰৱ, শ্ৰমিকৰ মজুৰিকে ধৰি আনুষংগিক সকলো সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ফলত উৎপাদন ব্যয়তকৈ কম মূল্যত ক্ষুদ্ৰ চাহ খেতিয়কসকলে কেঁচাপাত বিক্ৰী কৰিব লগা হোৱাত খেতিয়কসকল হতাশ হৈ পৰিছে । সেয়েহে ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ এনে সমস্যাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি কেঁচা চাহপাতৰ এটা সন্তোষজনক নূন্যতম মূল্য নিৰ্ধাৰণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষ তথা উদ্যোগ মন্ত্ৰী বিমল বৰাৰ প্ৰতি আহ্বান জনাইছে টিংখাঙৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলে ।

লগতে পঢ়ক : Example Of Self reliance: চাইকেল মেৰামতিৰে স্ব-নির্ভৰশীলতাৰ নিদৰ্শন বিশেষভাৱে সক্ষম আবুৰ

Last Updated :Jul 29, 2023, 2:38 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.