ETV Bharat / state

ক’ভিডত স্বামীহাৰা বিধৱাই লাভ কৰিলে চৰকাৰী সাহায্য

author img

By

Published : Aug 16, 2021, 9:24 AM IST

মৰাণত ক’ভিড(Covid)ত স্বামীহাৰা হোৱা 7 গৰাকী বিধৱা মহিলাক চৰকাৰী সাহায্য প্ৰদান ৷ বিধৱা মহিলা কেইগৰাকীৰ প্ৰত্যেককে 2 লাখ 50 হাজাৰ টকাৰ চেক প্ৰদান ৷ তদুপৰি মুক্তিযুঁজাৰু পৰিয়ালৰ সদস্য, সমাজ সংগঠক, ক’ভিড যোদ্ধাক সম্বৰ্ধনা জ্ঞাপন ৰাজহ চক্ৰ বিষয়াৰ ৷

moran widow gets govt aid
মৰাণত বিধৱালৈ চৰকাৰী সাহায্য

মৰাণ, 16 আগষ্ট : স্বাধীনতা দিৱস(Independence Day)ৰ দিনটোতে মৰাণত ক’ভিড(Covid)ত স্বামীহাৰা হোৱা 7 গৰাকী বিধৱা মহিলাই লাভ কৰিলে সাহায্য ৷ মহিলা কেইগৰাকীৰ প্ৰত্যেককে 2 লাখ 50 হাজাৰ টকাৰ চেক প্ৰদান কৰে ৰাজহ চক্ৰ বিষয়া ড৹ সংগীতা শৰ্মাই ৷ ইয়াৰ লগতে মুক্তি যুঁজাৰু পৰিয়ালৰ সদস্য, সমাজ সংগঠক, ক’ভিড যোদ্ধা, বিশিষ্ট ব্যৱসায়ীসকলকো সম্বৰ্ধনা জনোৱা হয় ৷

covid warriors gets govt aid
মৰাণত ক’ভিড যোদ্ধালৈ চৰকাৰী সাহায্য

আনহাতে, চৰাইদেউ জিলাৰ অন্তৰ্গত মাহমৰা ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ উদ্যোগত মৰাণ পৌৰসভাৰ প্ৰাংগণত মাহমৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ইন্দিকা গগৈয়ে পতাকা উত্তোলন কৰে ৷ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰে ক’ভিড প্ৰট’কল(Covid Protocol) মানি উদযাপন কৰা হয় 75 সংখ্যক স্বাধীনতা দিৱস ৷

লগতে পঢ়ক : বোকাখাতত ক’ভিড প্ৰট’কল মানি স্বাধীনতা দিৱস উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.