ETV Bharat / state

হঠাৎ অসুস্থ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, ICUত ভৰ্তি

author img

By

Published : Oct 29, 2019, 7:35 PM IST

Updated : Oct 30, 2019, 12:00 PM IST

হঠাৎ অসুস্থ মন্ত্ৰী ৰামেশ্বৰ তেলী AMCH ত ভৰ্তি

হঠাৎ অসুস্থ কেন্দ্ৰীয় খাদ্য সংসাধন মন্ত্ৰী ৰামেশ্বৰ তেলী ৷ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি মন্ত্ৰীগৰাকী ৷

ডিব্ৰুগড়, 29 অক্টোবৰঃ হঠাৎ অসুস্থ কেন্দ্ৰীয় খাদ্য সংসাধন মন্ত্ৰী ৰামেশ্বৰ তেলী ৷ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি মন্ত্ৰীগৰাকীক ৷ ডিগবৈৰ সংকল্প যাত্ৰাৰ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি থকা অৱস্থাতে হঠাৎ অসুস্থ হৈ পৰিছিল মন্ত্ৰী তেলী ৷ তেওঁক ততাতৈয়াকৈ তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও স্বাস্থ্যৰ অধিক অৱনতি ঘটাত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালৰ হৃদৰোগ বিভাগত ভৰ্তি কৰোৱা হয় ৷

হঠাৎ অসুস্থ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, ICUত ভৰ্তি

বৰ্তমান তেওঁ ICU ত ভৰ্তি হৈ আছে আৰু হৃদৰোগ বিশেষজ্ঞ ডা: হেমচন্দ্ৰ কলিতাৰ নেতৃত্বত এটা চিকিৎসকৰ দলে চিকিৎসা অব্যাহত ৰাখিছে ৷

হঠাৎ অসুস্থ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, ICUত ভৰ্তি

আৰু পঢ়কঃ নগাঁৱৰ গুৰুদ্বাৰৰ গুদামত অগ্নিকাণ্ড

Intro:Breaking

ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ তথা কেন্দ্ৰীয় চৰকাৰৰ খাদ্য সংসাধন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী বৰ্তমান সম্পূৰ্ণ সুস্থ ।

তিনিচুকীয়াৰ অসামৰিক চিকিৎসালয়ৰ পৰা সুস্থ হৈ ইতিমধ্যে ঘৰলৈ গমন কৰিছে কেন্দ্ৰীয় মন্ত্ৰী গৰাকী ।

ডিগবৈ বিধান সমষ্টিত গান্ধী সংকল্প যাত্ৰা নামৰ এক কাৰ্য্যসূচীত অংশ লোৱাৰ সময়তে হৰ্থাৎ অসুস্থ হৈ পৰিছিল কেন্দ্ৰীয় মন্ত্ৰী গৰাকী ।

ততাতৈয়াকৈ মন্ত্ৰী গৰাকীক তিনিচুকীয়াৰ অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰাইছিল দলীয় কৰ্মী সকলে ।

ভাতৃ দ্বিতীয় উপলক্ষে পূৱাই চেইল ৰুটি, গাখীৰ আদি খোৱাৰ ফলতে এনে হোৱাৰ কথা সাংবাদিকক জনালে মন্ত্ৰী গৰাকীয়ে ।

অন্যহাতে ইতিমধ্যে সুস্থ হৈ ঘৰলৈ গমন কৰা মন্ত্ৰী গৰাকীয়ে অহাকালিৰে পৰা পুনৰ উদ্যমেৰে কাম কৰিব বুলিও স‌ংবাদ মাধ্যমক অৱগত কৰিলে মন্ত্ৰী গৰাকীয়ে ।Body:বাইট: কেন্দ্ৰীয় মন্ত্ৰী
বাইটঃ সঞ্জয় কিষান, বিধায়কConclusion:তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱাল ইটিভি ভাৰত অসম
Last Updated :Oct 30, 2019, 12:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.