ETV Bharat / state

DU Ragging Case : ন্যায়িক জিম্মালৈ প্ৰেৰণ ৰাহুল ছেত্ৰীক

author img

By

Published : Dec 9, 2022, 8:12 PM IST

Rahul Chetry
Rahul Chetry

পাঁচ দিনৰ আৰক্ষীৰ জিম্মাত ৰখাৰ পিছত ন্যায়িক জিম্মালৈ প্ৰেৰণ ৰাহুল ছেত্ৰীক । উল্লেখ্য, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ মূল অভিযুক্ত হৈছে ৰাহুল ছেত্ৰী (DU ragging master mind Rahul Chetry) ।

মৰাণ, ৯ ডিচেম্বৰ : পাঁচ দিনৰ আৰক্ষীৰ জিম্মাত ৰখাৰ পিছত ন্যায়িক জিম্মালৈ প্ৰেৰণ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল ছেত্ৰীক (DU ragging master mind Rahul Chetry) । ৫ ডিচেম্বৰত আত্মসমৰ্পণ কৰিবলৈ অহা ৰাহুল ছেত্ৰীক ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে আদালতৰ পৰা ৰাহুলক ৫ দিনৰ বাবে নিজৰ জিম্মাত লৈ আৰক্ষীয়ে অব্যাহত ৰাখিছিল তদন্ত প্ৰক্ৰিয়া ।

পাঁচ দিন ধৰি ধাৰাবাহিক জেৰা চলোৱাৰ সময়ত আৰক্ষীৰ সন্মুখত ৰাহুলে প্ৰকাশ কৰিছিল বহু জ্যেষ্ঠ ছাত্ৰৰ নাম । এই কথা বিশেষ সূত্ৰৰ জৰিয়তে জানিব পৰা গৈছে । শুকুৰবাৰে পাঁচ দিনৰ আৰক্ষীৰ জিম্মাৰ ম্যাদ উকলি যোৱাৰ পিছত আদালতত পুনৰ হাজিৰ কৰোৱা হয় ৰাহুলক । তাৰ পিছতে আদালতে ৰাহুল ছেত্ৰীক ১৫ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে (Rahul Chetry sent to judicial custody) ।

উল্লেখযোগ্য যে ২৬ নৱেম্বৰৰ নিশা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ PNGB ছাত্ৰাবাসত সংঘটিত ভয়ংকৰ ৰেগিংকাণ্ডৰ অভিযুক্ত ৭ জনক এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে (DU PNGB hostel ragging case) । অৱশ্যে ৰাহুল ছেত্ৰীক পাঁচ দিন ধৰি মাৰাথন জেৰা চলাই কেনেধৰণৰ তথ্য লাভ কৰিছে সেই কথা আৰক্ষীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া নাই । আৰক্ষীৰ তদন্তৰ শেষতহে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভয়ংকৰ ৰেগিংকাণ্ডৰ দোষী কোন, এই ঘটনাৰ লগত জড়িত সকলো কথা স্পষ্ট হৈ পৰিব ।

উল্লেখযোগ্য যে যোৱা ২৭ নৱেম্বৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত ভয়ংকৰ ৰেগিংকাণ্ডত (DU ragging case) নাম সাঙোৰ খোৱাৰ পাছতেই আত্মগোপন কৰি আছিল ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় সম্পাদক ৰাহুল ছেত্ৰীয়ে । তাৰ পিছত সোমবাৰে পুৱাতেই লেখাপানী থানাত আত্মসমৰ্পণ কৰে ৰাহুল ছেত্ৰীয়ে (Rahul Chetry surrendered) ৷

ইয়াৰ পাছতে ডিব্ৰুগড় সদৰ থানালৈ লৈ যোৱা হয় ৰাহুল ছেত্ৰীক ৷ তথ্য অনুসৰি, অৰুণাচলত আত্মগোপন কৰি আছিল ৰাহুল ছেত্ৰীয়ে । ঘটনাৰ পিছতে তেওঁ পলায়ন কৰিছিল অৰুণাচললৈ ৷ নামচাইৰ এজন বন্ধুৰ ঘৰত আশ্ৰয় লৈছিল ৰাহুলে ৷ দুদিনৰ মূৰে মূৰে স্থান সলনি কৰিছিল ৰাহুলে । অৰুণাচলৰ খাৰচাঙত দেওবাৰে নিশা কটাই ৰাহুলে পুৱাতেই লেখাপানী থানাত আত্মসমৰ্পণ কৰে (Rahul Chetry arrested) ।

আত্মগোপন কৰাৰ পূৰ্বেই সংবাদ মাধ্যমত ৰেগিঙেৰে জড়িত নহয় বুলি মন্তব্য কৰিছিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিংকাণ্ডৰ মূল অভিযুক্ত ৰাহুল ছেত্ৰীয়ে । ইফালে ডিব্ৰুগড় আৰক্ষীয়ে সদৰ থানালৈ আনি পাঁচদিনৰ জিম্মাত লয় ৰাহুল ছেত্ৰীক (Rahul Chetry in police custody) । ৰাহুল ছেত্ৰীক আশ্ৰয় দিয়া সকলো তদন্তৰ আওতালৈ আহিব বুলি সদৰী কৰে ডিব্ৰুগড় আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰই । লগতে ৰাহুল ছেত্ৰীক জেৰা চলোৱাৰ অন্তত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিংকাণ্ডৰ প্ৰকৃত দোষী পোহৰলৈ আহিব বুলিও উল্লেখ কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে ।

লগতে পঢ়ক :Illegal occupancy by Businessmen: সংৰক্ষিত ভূমিত দোকান দিয়াক কেন্দ্ৰ কৰি সংঘাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.