ETV Bharat / state

Scam in Jio Bags Scheme : ৰহমৰীয়াৰ ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধৰ বাবে আৰম্ভ কৰা কেইবা কোটি টকীয়া জিঅ’ বেগ প্ৰকল্পত অনিয়মৰ অভিযোগ

author img

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 4:22 PM IST

Rahmoria Locals Allege Scam in Jio Bags Scheme
জিঅ' বেগ স্থাপনত দুৰ্নীতি হোৱাৰ গুৰুতৰ অভিযোগ

ৰহমৰীয়াত খহনীয়া প্ৰতিৰোধৰ বাবে আৰম্ভ কৰা কেইবা কোটি টকীয়া জিঅ’ বেগ প্ৰকল্পত অনিয়মৰ অভিযোগ ৷ ৰহমৰীয়াৰ ৰক্ষা কৱচ স্বৰূপ জিঅ' বেগ স্থাপনত দুৰ্নীতি হোৱাৰ গুৰুতৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে ৷

কেইবা কোটি টকীয়া জিঅ’ বেগ প্ৰকল্পত অনিয়মৰ অভিযোগ

ডিব্ৰুগড়, 14 ছেপ্টেম্বৰ : ডিব্ৰুগড়ৰ ৰহমৰীয়াত ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ বাবে আৰম্ভ কৰা কেইবা কোটি টকীয়া জিঅ’ বেগ প্ৰকল্পত অনিয়মৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ নিম্ন মানদণ্ডৰ কামক লৈ ঠিকাদাৰ, অভিযন্তাৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ ৷ এটা বানৰ পাছতেই পছি গৈছে কোটি টকীয়া প্ৰকল্পৰ জিঅ’ বেগ ৷

মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশ আছিল চৰকাৰী আঁচনি ৰূপায়ণত কোনেও দুৰ্নীতি, অনিয়ম সংঘটিত কৰিব নোৱাৰিব ৷ কিন্তু মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো যেন গুৰুত্ব নিদিয়ে ৰাজ্যৰ একাংশ বিষয়া-কৰ্মচাৰীয়ে ৷ এইবাৰ ডিব্ৰুগড় জিলাৰ লাহোৱাল সমষ্টিৰ ৰহমৰীয়াত ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ বাবে আৰম্ভ কৰা কেইবা কোটি টকীয়া জিঅ’ বেগ প্ৰকল্পত অনিয়মৰ অভিযোগ উত্থাপন হৈছে ৷ বছৰৰ পাছত বছৰ ধৰি ৰহমৰীয়া ৰাইজৰ তীব্ৰ সংগ্ৰামৰ ফলত লাভ কৰা ৰহমৰীয়াৰ ৰক্ষা কৱচ স্বৰূপ জিঅ' বেগ স্থাপনত দুৰ্নীতি হোৱাৰ গুৰুতৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে ৷

জলসস্পদ বিভাগৰ পৰা আৱন্টিত প্ৰায় 10 কোটি টকাৰে নিৰ্মাণ হৈছিল জিঅ' বেগৰ কাম ৷ যি কাম সম্পূৰ্ণ হ'লে ৰহমৰীয়াৰ ৰাইজে গৰাখহনীয়াৰ পৰা ৰক্ষা পাম বুলি আশা কৰিছিল যদিও এতিয়া কামৰ নিম্ন মানদণ্ড দেখি ক্ষোভিত হৈ পৰিছে দল- সংগঠনৰ লগতে স্থানীয় ভুক্তভোগী ৰাইজ ৷ চাৰি মাহ পূৰ্বে নিৰ্মাণ হোৱা জিঅ' বেগ অতি নিম্নমানদণ্ডৰ হোৱাৰ বাবেই চিৰাল ফাঁট দিছে জিঅ' বেগত ৷ এটা বনপানীৰ পাছতেই পছি গৈছে কোটি টকাৰ প্ৰকল্পৰ জিঅ' বেগ ৷

জলসম্পদ বিভাগৰ গাফিলতি আৰু ঠিকাদাৰে অতি নিম্ন মানদণ্ডৰ বেগ দিয়াৰ ফলতে এই দৰে জিঅ' বেগ বিলাক ফাটিবলৈ আৰম্ভ কৰিছে বুলি অভিযোগ কৰিছে ৰাইজে ৷ খোদ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই নিজেই জিঅ' বেগৰ কাম পৰিদৰ্শন কৰিবলৈ আহিছিল কাম আৰম্ভ হওঁতেই ৷ কম দিনৰ ভিতৰতে ৰহমৰীয়াত খহনীয়াৰ স্থায়ী সমাধান হোৱাৰ প্ৰতিশ্ৰুতি দিছিল মন্ত্ৰীগৰাকীয়ে ৷ কিন্তু এতিয়া কেইবা কোটি টকীয়া খহনীয়া প্ৰতিৰোধ প্ৰকল্পত সংঘটিত অনিয়ম আৰু কামৰ নিম্ন মানদণ্ডৰ অৱস্থাই চিন্তিত কৰি তুলিছে ৰাইজক ৷ সমগ্ৰ ঘটনাৰ স্থানীয় ৰাইজে তদন্ত বিচৰাৰ লগতে এই জিঅ' বেগ বিলাক উঠাই নতুনকৈ জিঅ' বেগ স্থাপন কৰিবলৈ দাবী জনাইছে ৷

লগতে পঢ়ক : Riniki Bhuyan Sarma land scam: মুখ্যমন্ত্ৰী পত্নীৰ 10 কোটিৰ ৰাজসাহাৰ্য বিতৰ্ক; অভিযোগ প্ৰমাণিত হ’লে ৰাজহুৱা জীৱনৰ পৰা পদত্যাগ কৰিব মুখ্যমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.