ETV Bharat / state

জাতীয় সংগঠনৰ বিৰুদ্ধে ধন দাবীৰ অভিযোগ ৰাইজৰ, এজাহাৰ দাখিল

author img

By ETV Bharat Assamese Team

Published : Nov 26, 2023, 11:20 AM IST

খোৱাঙৰ চহৰীকটাত ৰাইজৰ প্ৰতিবাদী সভা ৷ বুঢ়ীদিহিঙৰ মথাউৰি নিৰ্মাণ বন্ধ কৰাক লৈ অনুষ্ঠিত হয় এই সভা ৷ সোণোৱাল কছাৰী ছাত্ৰ সন্থা আৰু সোণোৱাল গণ মঞ্চৰ বিৰুদ্ধে ধন দাবীৰ অভিযোগ ৰাইজৰ ৷ ৰাইজক বিপথে পৰিচালিত কৰাৰ অভিযোগ অভিযুক্ত নেতাৰ ৷

Protest meeting at Khowang Dibrugarh
খোৱাঙৰ চহৰীকটাত ৰাইজৰ প্ৰতিবাদী সভা

সোণোৱাল কছাৰী ছাত্ৰ সন্থা আৰু সোণোৱাল গণ মঞ্চৰ বিৰুদ্ধে ধন দাবীৰ অভিযোগ ৰাইজৰ

ডিব্ৰুগড়, 26 নৱেম্বৰ : প্ৰতিবাদী সভাত বহিল খোৱাঙৰ চহৰীকটা অঞ্চলটোৰ ৰাইজ ৷ ডিব্ৰুগড় জিলাৰ খোৱাঙৰ চহৰীকটাত বুঢ়ীদিহিঙৰ মথাউৰি নিৰ্মাণ বন্ধ কৰাক লৈ শনিবাৰে বিয়লি অনুষ্ঠিত হয় ৰাইজৰ প্ৰতিবাদী সভা ৷

জানিব পৰা মতে, টিংখাঙৰ আঘোণীবাৰীৰ পৰা খোৱাং ঘাটলৈ প্ৰায় 25 কিলোমিটাৰ বুঢ়ীদিহিঙৰ মথাউৰি "মুখ্যমন্ত্ৰী মথাউৰি পকীকৰণ আঁচনি"ৰ অধীনত প্ৰায় 72 কোটি টকাৰে কাম আৰম্ভ কৰা হৈছিল । মথাউৰিটো পকীকৰণৰ কাম আৰম্ভ হোৱাত ৰাইজৰ দীৰ্ঘদিনীয়া এটা যাতায়তৰ সমস্যা সমাধান হোৱাৰ দিশে আগবাঢ়িছিল যদিও এই মথাউৰি পকীকৰণক লৈ পৰিলক্ষিত হৈছে ব্যাপক বিশৃংখলতা ।

মথাউৰি নিৰ্মাণৰ কাম আৰম্ভ হোৱাৰ কেইটামান দিনৰ পাচতে সোণোৱাল কছাৰী ছাত্ৰ সন্থা আৰু সোণোৱাল কছাৰী গণ মঞ্চৰ কেইজনমান নেতাই মথাউৰি নিৰ্মাণৰ ফলত বহু ৰাইজৰ ক্ষতি হোৱাৰ দাবী তুলি পঞ্চাশ লাখ টকা নিৰ্মাণ কাৰ্যত জড়িতসকলক দাবী কৰাৰ অভিযোগ উত্থাপন হৈছে । ইয়াৰ পিচতে বন্ধ হৈ পৰে মথাউৰি নিৰ্মাণৰ কাম ।

Protest meeting at Khowang Dibrugarh
সোণোৱাল কছাৰী ছাত্ৰ সন্থা আৰু সোণোৱাল গণ মঞ্চৰ বিৰুদ্ধে ধন দাবীৰ অভিযোগ ৰাইজৰ

এই ধন দাবী ঘটনাৰ সৈতে নাম সাঙোৰ খাইছে সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সম্পাদক বুধিন সোণোৱাল, সভাপতি ৰতন কছাৰী আৰু সোণোৱাল কছাৰী গণ মঞ্চৰ গোপাল সোণোৱালৰ বিৰুদ্ধে ৷ খোৱাং আৰক্ষী থানাত অভিযুক্তৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে লোকনিৰ্মাণ বিভাগে ।

ইয়াৰ পাচতে জিলা দণ্ডাধীশ সুপ্ৰিয়া বাউৰী, লোকনিৰ্মাণ বিভাগৰ অভিযন্তা ৰূপম ডেকা, গীৰিন্দ বৰ্মনকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত প্ৰতিবাদী সভাত ৰাইজে মথাউৰি নিৰ্মাণ কাৰ্যৰ পৰা ধন দাবী কৰা নেতাক গ্ৰেপ্তাৰ কৰাৰ লগতে মথাউৰি নিৰ্মাণৰ কাম পুনৰ আৰম্ভ কৰিবলৈ দাবী জনায় । হাতে হাতে অভিযুক্ত নেতাৰ নাম সম্বলিত প্লে'কাৰ্ড লৈ অভিযুক্তক গ্ৰেপ্তাৰৰ দাবীত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে ।

ৰাইজৰ নামত দালালি কৰাৰ অভিযোগত সভাৰ শেষত ৰাইজে পুনৰ অভিযুক্ত ছাত্ৰ নেতাৰ বিৰুদ্ধে আন এখন এজাহাৰ দাখিল কৰে খোৱাং আৰক্ষী থানাত ।

লগতে পঢ়ক : মন্ত্ৰী বিমল বড়াৰ সমষ্টিৰ এটা পথে জলা-কলা খুৱাইছে ৰাইজক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.