ETV Bharat / state

‘কা’ বাতিলৰ দাবীৰে টিংখাঙৰ ৰাজগড়ত প্ৰতিবাদ

author img

By

Published : Sep 9, 2020, 8:45 AM IST

ৰাজগড়ত প্ৰতিবাদ
ৰাজগড়ত প্ৰতিবাদ

টিংখাঙত ‘কা’ বিৰোধী ঐক্য মঞ্চৰ উদোগত মানৱ শৃংখল ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ৰাজগড়ত মানৱ শৃংখল কাৰ্যসূচী ৷ ‘কা’ বাতিল নকৰা পৰ্যন্ত আন্দোলন আৰু অধিক শক্তিশালী কৰাৰ সংকল্প গ্ৰহণ কৰে মানৱ শৃংখলৰ উদ্যোক্তা ‘কা’ বিৰোধী ঐক্য মঞ্চই ।

টিংখাং, 9 ছেপ্তেম্বৰ: ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ৰাজগড়ত ‘কা’ বিৰোধী ঐক্য মঞ্চই ‘কা’ বাতিল দাবীৰে আন্দোলন শক্তিশালী কৰাৰ সংকল্পৰে মঙলবাৰে ৰূপায়ন কৰে এক মানৱ শৃংখল কাৰ্যসূচী । ‘কা’ বিৰোধিতাৰে ৰাজপথলৈ ওলাই অহা ৰাজ্যৰ একাংশ শিল্পী আৰু সংগঠনৰ নেতৃত্বই শেহতীয়াকৈ বিজেপিত যোগদান কৰি অসমীয়াৰ আবেগ আৰু অনুভূতিৰ সৈতে কৰিলে খেলা ৷ এই অভিযোগেৰে বিজেপিত যোগদান কৰা শিল্পী আৰু সংগঠনৰ নেতৃত্বক ‘কা’ বিৰোধী ঐক্য মঞ্চই কৰিলে সমালোচনা ৷ ইয়াৰোপৰি ‘কা’ বিৰোধিতা কৰি চৰকাৰৰ ষড়যন্ত্ৰৰ বলি হৈ কাৰাবন্দী হৈ থকা নেতা সকলক মুক্তি নিদিয়াৰ লগতে অসম আৰু অসমীয়া বিৰোধী ‘কা’ আইনখন বাতিল নকৰা পৰ্যন্ত আন্দোলন আৰু অধিক শক্তিশালী কৰাৰ সংকল্প গ্ৰহণ কৰে মানৱ শৃংখলৰ উদ্যোক্তা ‘কা’ বিৰোধী ঐক্য মঞ্চই ।

‘কা’ বাতিলৰ দাবীৰে টিংখাঙৰ ৰাজগড়ত প্ৰতিবাদ

লগতে পঢ়ক: মিতালী কোঁৱৰক বৰ্খাস্তৰ দাবীত মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.