ETV Bharat / state

8 student detained: ছল্ট ব্ৰুক একাডেমীৰ ইতিহাসত কালিমা সানিলে কোনে ?

author img

By

Published : Mar 14, 2023, 10:28 PM IST

Salt Brook academy press meet
ছল্ট ব্ৰুক একাডেমীৰ ইতিহাসত কালিমা সানিলে 8 ছাত্ৰই

ছল্ট ব্ৰুক একাডেমীৰ 8 ছাত্ৰক আটক কৰাৰ পিচতেই সংবাদমেল অনুষ্ঠিত কৰে ছল্ট ব্ৰুক একাডেমীৰ একাডেমিক অধ্যক্ষ ৰঞ্জিত বৰুৱাই ৷ এই সন্দৰ্ভত আৰক্ষীৰ লগতে চৰকাৰক আমি সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে বৰুৱাই (press meet at Salt Brook academy) ৷

ছল্ট ব্ৰুক একাডেমীৰ ইতিহাসত কালিমা সানিলে 8 ছাত্ৰই

মৰাণ, 14 মাৰ্চ: কলংকিত হ’ল ৰাজ্যৰ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান ছল্ট ব্ৰুক একাডেমী (Paper leak Issue in Assam)৷ ৰাজ্যজুৰি চলিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত ফাদিলৰ পিচতে ডিব্ৰুগড় আৰক্ষীয়ে মঙলবাৰে 8 জন ছাত্ৰৰ লগতে এজন খবৰ দিয়া লোকক কৰিছিল (8 students detained for paper leak)৷ আটকাধীন ছাত্ৰকেইজন ছল্ট ব্ৰুক একাডেমীৰ একাদশ শ্ৰেণীৰ ছাত্ৰ আছিল ৷ এই খবৰ প্ৰকাশৰ পিচতেই জিলাখনৰ লগতে শিক্ষা প্ৰতিষ্ঠানখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷

এই সমগ্ৰ ঘটনা সন্দৰ্ভত আজি বিয়লি ছল্ট ব্ৰুক একাডেমীৰ একাডেমিক অধ্যক্ষ ৰঞ্জিত বৰুৱাই এক সংবাদমেলৰ আহ্বান কৰে (press meet on 8 student detained ) ৷ বৰুৱাই কয় যে, এই সন্দৰ্ভত আৰক্ষীৰ লগতে চৰকাৰক আমি সম্পূৰ্ণ সহযোগিতা আগবঢ়াম ৷ আমাৰ কথা প্ৰশ্নকাকত ফাদিল কৰা উৎসৰ লগতে যিসকলে এই প্ৰশ্নকাকতসমূহ বিলোৱা তথা বিক্ৰী কৰাত সহায় কৰিছে তেওঁলোকক অতি সোনকালেই আটক কৰি সুবিচাৰ কৰিব লাগে ৷ আটকাধীন ছাত্ৰকেইজন আমি বচাবলৈ চেষ্টা নকৰো ৷ প্ৰশ্নকাকত ফাদিল বিষয়টো কোনো কাৰণতেই গ্ৰহণযোগ্য হ'ব নোৱাৰে । এই ঘটনাত বিদ্যালয়খনৰ শিক্ষক নতুবা আন কৰ্মচাৰী জড়িত থাকিলেও তদন্তৰ আওতালৈ আনক ৷

উল্লেখ্য যে, আটকাধীন ছাত্ৰকেইজন ছল্ট ব্ৰুক একাডেমীৰ (Salt Brook Academy) বিজ্ঞান আৰু বাণিজ্য শাখাৰ প্ৰথম বাৰ্ষিকত অধ্যয়নৰত আছিল । সম্প্ৰতি জুবিনিয়েল চাইল্ড এক্টৰ অধীনত ছাত্ৰ কেইজনক আটক কৰি চি আই ডি'ক গতাই দিছে বুলি ডিব্ৰুগড় আৰক্ষীয়ে সদৰী কৰিছিল । আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰই (SP Shwetank Mishra) জনোৱা অনুসৰি এই সন্দৰ্ভত ছল্ট ব্ৰুক একাডেমীৰ অধ্যক্ষ, সঞ্চালককে ধৰি বিদ্যালয়খনৰ কেইবাজনো শিক্ষক-কৰ্মচাৰীক সোধা-পোচা কৰিবলৈ মাতি নিছিল ডিব্ৰুগড় আৰক্ষীয়ে ।

আনহাতে, আৰক্ষীৰ জেৰাত আটকাধীন ছাত্ৰকেইজনে স্বীকাৰ কৰে যে, ৫০০ টকাৰ পৰা ২০০০ টকাৰ বিনিময়ত মেট্ৰিকৰ প্ৰশ্নকাকত লাভ কৰা বুলি মন্তব্য প্ৰকাশ কৰিছিল (8 students detained for paper leak)। ইতিমধ্যে আৰক্ষীয়ে গুৱাহাটী, উত্তৰ লখিমপুৰ, ধেমাজি, শদিয়া, ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ পৰা প্ৰশ্নকাকত ফাদিল কৰা ঘটনাত জড়িত মুঠ ২২ অভিযুক্তক আটক কৰিছে ৷ (DGP GP Singh tweet on SEBA paper leak case) । অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জিপি সিঙে এক টুইটযোগে এই কথা প্ৰকাশ কৰিছে (22 detained in SEBA paper leak case) ।

লগতে পঢ়ক: SEBA Paper Leak Case : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ২২ জনক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.