SEBA Paper Leak Case : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ২২ জনক আটক

author img

By

Published : Mar 14, 2023, 2:07 PM IST

SEBA

সোমবাৰে মেট্ৰিকৰ সাধাৰণ বিজ্ঞানৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ২২ জনক আটক । গুৱাহাটী, উত্তৰ লখিমপুৰ, ধেমাজি, শদিয়া, ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ পৰা আটক অভিযুক্তকেইজনক । অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জিপি সিঙে এক টুইটযোগে এই কথা প্ৰকাশ কৰিছে (22 detained in SEBA paper leak case) ।

গুৱাহাটী, ১৪ মাৰ্চ : অসমৰ শিক্ষা জগতত এক কলংকিত ঘটনা সংঘটিত হৈছে এইবাৰৰ উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত । অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাৰ নিয়ন্ত্ৰণত চলা ২০২৩ বৰ্ষৰ মেট্ৰিক পৰীক্ষাত গণিত আৰু সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ ঘটনাত এতিয়া ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (SEBA question paper leak case) । লগতে ছেবাৰ অধ্যক্ষ তথা শিক্ষামন্ত্ৰীৰ দিশে সকলোৱে আঙুলি টোঁৱাইছে ।

আনহাতে, মেট্ৰিকৰ দৰে এক গুৰুত্বপূৰ্ণ পৰীক্ষা সুকলমে আৰু ত্ৰুটিবিহীনভাৱে পৰিচালনা কৰিব নোৱাৰাক লৈও সৰ্বত্ৰে প্ৰতিবাদৰ জোৱাৰ উঠিছে । বৰ্তমান বিভিন্ন দল-সংগঠনে অসম চৰকাৰ, শিক্ষা বিভাগ, শিক্ষা মন্ত্ৰী তথা ছেবাৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদমুখৰ হৈ পৰিছে (protest against SEBA for paper leakage issue) ।

তাৰ মাজতে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে এক টুইটযোগে জনাইছে যে মেট্ৰিকৰ সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাত ২২ জন লোকক আটক কৰা হৈছে (Assam DGP GP Singh tweet on paper leakage case) । গুৱাহাটী, উত্তৰ লখিমপুৰ, ধেমাজি, শদিয়া, ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ পৰা এই ২২ অভিযুক্তক আটক কৰা হৈছে (DGP GP Singh tweet on SEBA paper leak case) ।

উল্লেখ্য যে ছেবাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাত সোমবাৰে গুৱাহাটীৰ পৰা আটক কৰা হয় তিনিজন অভিযুক্তক । গুৱাহাটীৰ কাহিলিপাৰাস্থিত ভাউৰী দেৱী ছেৰাউগী মূকবধিৰ বিদ্যালয়ৰ শিক্ষক তথা কৰ্মচাৰী তিনিজনক সোমবাৰে আটক কৰি সোধা-পোছাৰ পিছত মঙলবাৰে চি আই ডিয়ে গ্ৰেপ্তাৰ কৰে । চি আই ডিয়ে গ্ৰেপ্তাৰ কৰা শিক্ষক, কৰ্মচাৰী ৩ জন হৈছে ভাউৰী দেৱী ছেৰাউগী মূকবধিৰ বিদ্যালয়ৰ শিক্ষয়িত্ৰী জ্যোতিৰেখা বৰগোঁহাই, শিক্ষক হেৰম্ব কুমাৰ দাস আৰু কৰ্মচাৰী বিন্দেশ্বৰ টুমুং । আনহাতে, তিনিওজনকে পাঁচদিনৰ বাবে চি আই ডিৰ জিম্মাত ৰখাৰ বাবে আদালতত আবেদন জনাব বুলি জানিবলৈ পৰা গৈছে (CID investigating HSLC question paper leak issue)।

ইফালে মেট্ৰিকৰ সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ লগত জড়িত ৭ গৰাকী ছাত্ৰক সোমবাৰে নিশা ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰে (7 students detain on HSLC paper leaked case) । জানিব পৰা মতে, আটাইকেইগৰাকী হৈছে ডিব্ৰুগড়ৰ ছল্টব্ৰুক একাডেমীৰ ছাত্ৰ । আনহাতে, ঘটনা সন্দৰ্ভত ছল্টব্ৰুক একাডেমীৰ অধ্যক্ষ নিলাঞ্জন বৰদলৈকো সোধা-পোছাৰ বাবে নিশাতেই থানালৈ মাতি নিয়ে । অৱশ্যে সোধা-পোছাৰ অন্তত অধ্যক্ষগৰাকীক ঘৰলৈ যাবলৈ দিয়া হয় (Salt brook Academy principal interrogated) । ইফালে ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰই জানিবলৈ দিয়া মতে, সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰখা হৈছে ।

উল্লেখ্য যে ডিব্ৰুগড়ৰ ছল্টব্ৰুক একাডেমীৰ ৭ ছাত্ৰ অসমৰ বিভিন্ন জিলাৰ । আনহাতে, প্ৰশ্নকাকত ফাদিলৰ ঘটনাত আৰু বহু লোক জড়িত থকাৰ কথাও আৰক্ষী অধীক্ষকগৰাকীয়ে উল্লেখ কৰিছে । সেয়ে সন্দেহৰ আৱৰ্তত থকা লোকসকলৰ বিৰুদ্ধে আৰক্ষী তথা চি আই ডিয়ে অভিযান চলাই আছে (CID investigation on HSLC paper leak case)।

লগতে পঢ়ক :HSLC question paper leak : প্ৰশ্নকাকত ফাদিল প্ৰসংগত পুনৰ কি ক'লে শিক্ষামন্ত্রী ডাঃ পেগুৱে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.