HSLC question paper leak : প্ৰশ্নকাকত ফাদিল প্ৰসংগত পুনৰ কি ক'লে শিক্ষামন্ত্রী ডাঃ পেগুৱে ?

author img

By

Published : Mar 14, 2023, 12:26 PM IST

HSLC question paper leak

কিবা ষড়যন্ত্ৰ থাকিলে সকলো তদন্ত পোহৰলৈ আহিব । হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত বাতিল সন্দৰ্ভত এই মন্তব্য প্ৰকাশ কৰে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে । উক্ত গোচৰত ইতিমধ্যে ৩ গৰাকীক গ্ৰেপ্তাৰ (3 arrested on HSLC question paper leak case)। কেইবাজনকো আটক কৰিছে চিআইডিয়ে ।

প্ৰশ্নকাকত ফাদিল প্ৰসংগত পুনৰ প্ৰতিক্ৰিয়া শিক্ষা মন্ত্ৰীৰ

গুৱাহাটী,১৪ মাৰ্চ : মেট্ৰিকৰ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ প্ৰসংগকলৈ ৰাজ্য উত্তাল হৈ থকাৰ সময়তে পুনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে (Education minister reacts over question paper leak)। মঙলবাৰে অসম বিধানসভাৰ বাজেট অধিৱেশনৰ তৃতীয় দিনা বিধানসভা চৌহদত মন্ত্রীগৰাকীয়ে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয় যে ছেবাত চৰকাৰে উপযুক্ত মানুহক নিযুক্তি দিছে ।

ছেবা এটা স্বতন্ত্ৰ অনুষ্ঠান বুলি উল্লেখ কৰি তেওঁ কয় যে ছেবাই উপযুক্ত সময়ত উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিছে । তেওঁ লগতে কয় ক'ৰবাত কিবা ষড়যন্ত্র থাকিলে তদন্তত সকলো ওলাই যাব । উল্লেখ্য যে প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছত অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাৰ অধ্যক্ষ ৰমেশ চান্দ জৈনৰ দক্ষতাক লৈ প্ৰশ্ন উত্থাপন হৈছে (SEBA question paper leak)। ছেবাৰ অধ্যক্ষ ৰমেশ চান্দ জৈনৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ব্যক্তি বিশেষৰ লগতে বিভিন্ন দল-সংগঠন ।

এই সন্দৰ্ভত মন্ত্রী ডাঃ পেগুৱে সাংবাদিকৰ আগত কয় যে ৰমেশ চান্দ জৈনৰ কাৰ্যকালত ছেবাৰ সংস্কাৰ হৈছে । নিযুক্তি, টেট পৰীক্ষা সুকলমে হৈছে জৈনৰ দিনত । ইফালে ছেবাৰ প্ৰাক্তন অধ্যক্ষ শান্তিকাম হাজৰিকাই ছেবাত ব্যাপক ধনৰ লেন-দেন চলে বুলি কৰা অভিযোগৰ প্ৰত্যুত্তৰত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে কাৰোবাৰ ওচৰত কিবা তথ্য থাকিলে আৰক্ষীক দিয়ক । এনেয়ে মুখেৰে ক'লে নহ'ব, তথ্য দিলে নিশ্চয় তদন্ত হ'ব ।

প্ৰশ্নকাকত ফাদিল হোৱাৰ ঘটনাত শিক্ষক-ছাত্ৰ জড়িত থকাৰ প্ৰসংগত তেওঁ কয় যে তদন্তত সকলো কথা পোহৰলৈ আহিব আৰু সেইমতে ব্যৱস্থা লোৱা হ'ব । উল্লখ্য যে সোমবাৰে মেট্ৰিকৰ বিজ্ঞানৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল (HSLC Science question paper leak)। কিন্তু পৰীক্ষাৰ আগদিনা দেওবাৰে প্ৰশ্নকাকত ফাদিল হোৱাত ছেবাই পৰীক্ষাৰ ৯ ঘণ্টা পূৰ্বে নিশা ১২ বজাত পৰীক্ষা বাতিল কৰে । যাক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

আনকি বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে । ঘটনা সন্দৰ্ভত ইতিমধ্যে চি আই ডিয়ে তদন্ত আৰম্ভ কৰিছে (CID investigates HSLC question paper leak case)। তদন্ত আৰম্ভ কৰাৰ পাছতে ঘটনা সন্দৰ্ভত চি আই ডিয়ে তিনিজনক গ্রেপ্তাৰ কৰিছে । প্ৰথমে আটক কৰা শিক্ষয়িত্রী জ্যোতিৰেখা বৰগোহাঁইক গ্রেপ্তাৰ কৰাৰ লগতে শিক্ষক হেৰম্ব কুমাৰ দাস আৰু চালক বিন্দেশ্বৰ টুমুঙক গ্ৰেপ্তাৰ কৰা হৈছে ।

পানবজাৰ থানাত ৰখা হৈছে শিক্ষয়িত্রী জ্যোতিৰেখা বৰগোহাঁইক । আনহাতে চি আই ডি থানাত ৰখা হৈছে আন দুগৰাকী অভিযুক্তক (3 arrested on HSLC question paper leak case)। এতিয়াও গ্রেপ্তাৰ হোৱা নাই চিত্র ৰয় । চিত্র ৰয়ক সোধা-পোছা অব্যাহত ৰাখিছে চি আই ডিয়ে । আনহাতে ঘটনা সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

টুইটাৰত তেওঁ উল্লেখ কৰে যে প্ৰশ্নকাকত ফাদিল হোৱা ঘটনা সন্দৰ্ভত গুৱাহাটী, উত্তৰ লখিমপুৰ, ধেমাজী, শদিয়া, ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ পৰা ২২ জন লোকক সোধা-পোছাৰ বাবে আটক কৰা হৈছে ।

লগতে পঢ়ক :HSLC question paper leak : প্রশ্নকাকত ফাদিল সন্দৰ্ভত ৩ জনক গ্রেপ্তাৰ কৰিলে চিআইডিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.