ETV Bharat / state

কণ কণ শিশুৰ বাবে অংগনবাড়ী কেন্দ্ৰবোৰ কিমান সুৰক্ষিত ?

author img

By

Published : Oct 6, 2021, 6:22 PM IST

anganwadi centre
কণ কণ শিশুৰ বাবে অংগনবাড়ী কেন্দ্ৰবোৰ কিমান সুৰক্ষিত

কেনেকুৱা অৱস্থাত আছে ডিব্ৰুগড়ৰ অংগনবাড়ী কেন্দ্ৰ ? জিলাখনৰ এটা অংগনবাড়ী কেন্দ্ৰৰ দুৰৱস্থা দেখিলে আপুনিও আচৰিত হ'ব । কেন্দ্ৰটোৰ অৱস্থা দেখি অভিভাৱকসকলে এতিয়া সন্তানক তালৈ পঠিয়াবলৈ ভয় কৰে । কেন্দ্ৰটোৰ কি অৱস্থাৰ বাবে অভিভাৱকসকলে ভয় কৰে ?

ডিব্ৰুগড়, ৬ অক্টোবৰ : ইটিভি ভাৰতৰ কেমেৰাত বন্দী হৈছে অসমৰ অংগনবাড়ী কেন্দ্ৰৰ এক দুখলগা ছবি । ডিব্ৰুগড় জিলাৰ কুচিয়াখানা কেন্দ্ৰটোৰ দৃশ্য দেখিলে আপুনিও ভয়ত কঁপি উঠিব । কিয়নো যিকোনো মূহুৰ্তত কেন্দ্ৰটোৰ পকী দেৱালবোৰ খহি পৰিব পাৰে । কেন্দ্ৰটোলৈ অহা কণ কণ শিশুসকলৰ জীৱনৰ প্ৰতিও আহিব পাৰে ভাবুকি ।

কণ কণ শিশুৰ বাবে অংগনবাড়ী কেন্দ্ৰবোৰ কিমান সুৰক্ষিত

সম্প্ৰতি পকী দেৱালবোৰত চিৰাল ফাঁট মেলিছে । কেন্দ্ৰটোৰ এনে দুৰৱস্থা দেখি অভিভাৱকসকলেও সন্তানক কেন্দ্ৰলৈ পঠিয়াবলৈ ভয় কৰে । ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ সাংসদ, ৰাজ্যৰ মন্ত্ৰী-বিধায়কক নিজ নিজ সমষ্টিৰ অংগনবাড়ী কেন্দ্ৰসমূহ পৰিদৰ্শন কৰি কেন্দ্ৰসমূহ কেনেদৰে পৰিচালিত হৈছে তাৰ বুজ ল'বলৈ নিৰ্দেশ দিছিল । তেনে সময়ত ডিব্ৰুগড়ৰ জৰাজীৰ্ণ এই কেন্দ্ৰটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে ।

শিশুৰ মানসিক বিকাশত মুখ্য ভূমিকা পালন কৰা ৰাজ্যৰ অংগনবাড়ী কেন্দ্ৰসমূহকলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী তৎপৰ হোৱা সময়তে ডিব্ৰুগড় সমাজ কল্যাণ বিভাগৰ অৱহেলাক লৈ প্ৰশ্ন উত্থাপন হৈছে । বহুতে অভিযোগ কৰা মতে সমাজ কল্যাণ বিভাগৰ (Social Welfare Department) অবাধ দুৰ্নীতি অনিয়মৰ বাবে এই অৱস্থা হৈছে অংগনবাড়ী কেন্দ্ৰটোৰ । উন্নত মানদণ্ডৰে কেন্দ্ৰটো নিৰ্মাণ নকৰাৰ বাবেই এইদৰে জহি খহি গৈছে কেন্দ্ৰটো ।

একপ্ৰকাৰ পৰিৱৰ্তনকামী চৰকাৰৰ আমূল পৰিবৰ্তনৰ লজ্জাজনক প্ৰতিচ্ছবি উদঙাইছে কেন্দ্ৰটোৰ এনে দৃশ্যই । শেহতীয়াকৈ ৰাজ্য চৰকাৰে অংগনবাড়ী কেন্দ্ৰসমূহ মেৰামতি তথা পুনৰ নিৰ্মাণ কৰা হ'ব বুলি ঘোষণা কৰিছে যদিও বিভাগৰ চকুত পৰিব নে এইটো কেন্দ্ৰ । কেন্দ্ৰটো নিৰ্মাণৰ পূৰ্বেই যদি ভয়াৱহ অঘটন সংঘটিত হয় তাৰ দায়িত্ব কোনে গ্ৰহণ কৰিব সেইয়াহে লক্ষ্যনীয় বিষয় হৈ পৰিছে ।

লগতে পঢ়ক :কংগ্ৰেছৰ নেতাসকলক 'মূৰ্খ' আখ্যা বিধায়ক দিগন্ত কলিতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.