কংগ্ৰেছৰ নেতাসকলক 'মূৰ্খ' আখ্যা বিধায়ক দিগন্ত কলিতাৰ

By

Published : Oct 6, 2021, 2:32 PM IST

thumbnail

'কংগ্ৰেছ মূৰ্খৰ দল । আচলতে কংগ্ৰেছত থকা লোকসকল মূৰ্খ' । মঙলবাৰে বাইহাটাত অনুষ্ঠিত বিজেপিৰ যোগদান কাৰ্যসূচীত অংশ লৈ এই মন্তব্য কৰে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই । শ্বহীদক লৈ অপমানজনক মন্তব্য কৰা শ্বেৰমান আলী আহমেদক দলৰ পৰা বহিস্কাৰ কৰা সন্দৰ্ভত এই মন্তব্য কৰে বিধায়কগৰাকীয়ে । তেওঁ কয় যে, বৰ্তমান কংগ্ৰেছ দলটো পৰিচালনা কৰা নেতাসকলে দলটোক নিজৰ সম্পত্তিৰ দৰে ভাবিছে । লগতে তেওঁ কয় যে, ভূৱনেশ্বৰ কলিতা সভাপতি হৈ থকালৈকে কংগ্ৰেছ দলটো ঠিকে আছিল যদিও ৰিপুন বৰা আৰু প্ৰয়াত অঞ্জন দত্তৰ সভাপতিত্বৰ কালত দলটো ৭৫ শতাংশ নিঃশেষ হ'ল । কেৱল এয়াই নহয়, যোৱা বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ পৰা প্ৰতিদ্বন্দিতা কৰা কিশোৰ ভট্টয়ো গেৰুৱা দললৈ যাবলৈ মন মেলিছে বুলি বিধায়ক দিগন্ত কলিতাই মন্তব্য কৰে । আনহাতে, কংগ্ৰেছৰ কৰ্মীয়ে দল ত্যাগ কৰাৰ প্ৰসংগত তেওঁ তাচ্ছিল্য কৰে যে, বৰ্তমান দলটোৰ অসম প্ৰদেশৰ সভাপতিৰ দায়িত্বত থকা ভূপেন বৰাও কেইদিন মান পাচত বিজেপিত যোগদান কৰিব । বাইহাটাত আয়োজিত যোগদান কাৰ্যসূচীত দুই শতাধিক কংগ্ৰেছ কৰ্মীয়ে গেৰুৱা বসন পৰিধান কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.