ETV Bharat / state

Corruption in Rahmoria: দৰিদ্ৰৰ মুখৰ ভাত কাঢ়িলে বিজেপিৰ নেতা-পালিনেতাই

author img

By

Published : Jun 1, 2023, 10:54 PM IST

PDS Rice Scam at  Rahmoria in Chabua
বিজেপি নেতা লিপ্ত হ’ল দুৰ্নীতিত

ৰহমৰীয়াত বিজেপিৰ নেতা-পালিনেতাই সংঘটিত কৰিলে চাউল কেলেংকাৰী ৷ দুখীয়া ৰাইজক তিনিটা মাহৰ বিনামূলীয়া চাউলৰ পৰা বঞ্চিত কৰি বিজেপি নেতা লিপ্ত হ’ল দুৰ্নীতিত (PDS Rice Scam at Rahmoria) ৷

বিজেপিৰ নেতা-পালিনেতাই সংঘটিত কৰিলে চাউল কেলেংকাৰী

ডিব্ৰুগড়, 1 জুন: এইবাৰ দৰিদ্ৰ পৰিয়ালৰ মুখৰ ভাত কাঢ়িলে দুৰ্নীতিগ্ৰস্ত বিজেপিৰ নেতা-পালিনেতাই ৷ সমবায় চাউল কেলেংকাৰীত লিপ্ত হৈ দৰিদ্ৰ ৰাইজলৈ দিয়া বিনামূলীয়া চাউল হৰলুকী কৰিলে বিজেপিৰ নেতাই ৷ চাউল কেলেংকাৰিৰ পাচতেই অনুষ্ঠিত হ'ল ৰাইজৰ বিশাল ৰাজহুৱা সভা ৷

ৰহমৰীয়াৰ 4,775 টা দৰিদ্ৰ পৰিয়ালৰ মুখৰ ভাত কঢ়িলে বিজেপি নেতা-পালিনেতাই ৷ চাবুৱাৰ ৰহমৰীয়াত সংঘটিত হৈছে এই লজ্জাজনক ঘটনা ৷ এই ঘটনাৰ পাছতেই ৰাইজে অনুষ্ঠিত কৰিলে বিশাল ৰাজহুৱা সভা (PDS Rice Scam at Rahmoria in Chabua) ৷

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লৈ কঠোৰ নিৰ্দেশ দিছিল দৰিদ্ৰ ৰাইজলৈ বিনামূলীয়াকৈ দিয়া চাউল কোনেও লুন্ঠন কৰিব নোৱাৰিব ৷ কিন্তু মুখ্যমন্ত্ৰীৰ নিৰ্দেশতো গা নলৰিল দৰিদ্ৰ ৰাইজৰ মুখৰ ভাত কাঢ়ি খোৱা একাংশ দুৰ্নীতিগ্ৰস্ত নেতা-পালিনেতাৰ ৷ ৰাজনৈতিক শক্তিত বলীয়ান একাংশ নেতা-পালিনেতাই চক্ৰান্ত কৰি হৰলুকী কৰিলে ডিব্ৰুগড় জিলাৰ ৰহমৰীয়াৰ 4,775 টা দৰিদ্ৰ পৰিয়ালৰ মুখৰ ভাত ৷ আনুমানিক 50 লাখ টকাতকৈ অধিক মূল্যৰ চাউল দুখীয়া পৰিয়ালে পোৱাৰ আগতেই বিজেপি নেতাৰ হাতত পৰি হেৰাল বাটতেই ৷ দুখীয়া ৰাইজক তিনিটা মাহৰ বিনামূলীয়া চাউলৰ পৰা বঞ্চিত কৰি এনেদৰে বিজেপি নেতা লিপ্ত হ’ল দুৰ্নীতিত (PDS Rice Scam at Rahmoria) ৷

এই তথ্য লাভ কৰাৰ পাছতে খাদ্য আৰু অসামৰিক যোগান বিভাগে আৰম্ভ কৰে তদন্ত ৷ কিছুদিন পূৰ্বে খাদ্য আৰু অসামৰিক যোগান বিভাগে ৰহমৰীয়া সমবায় সমিতিৰ চাউলৰ গুদাম চীল কৰাৰ পিছতে তদন্ত আৰম্ভ কৰিছিল ৷ আটক হৈছিল এজন বিজেপি নেতা ৷ আটকাধীন বিজেপি নেতাজন হৈছে লাহোৱাল‌ মণ্ডলৰ কৰ্মকৰ্তা প্ৰাঞ্জল প্ৰতীম বৰুৱা ৷ আৰক্ষীৰ প্ৰাথমিক তদন্তৰ পাছতেই এতিয়া ন্যায়িক জিম্মাত প্ৰাঞ্জল প্ৰতীম বৰুৱা (Public Meeting at Rahmoria against Rice Scam) ৷

আনহাতে তিনিমাহ ধৰি চাউল লাভ নকৰাত হাহাকাৰ লাগিছে দৰিদ্ৰ পৰিয়ালৰ মাজত ৷ আজি চাউল বিচাৰি বিশাল ৰাজহুৱা সভা অনুষ্ঠিত হ'ল ৰহমৰীয়াত ৷ উৎকট গৰমকো নেওচি শ শ ৰাইজে প্ৰতিবাদী সভাত অংশ গ্ৰহণ কৰা পৰিলক্ষিত হ’ল ৷ আৰক্ষীৰ তদন্ত চলি থকাৰ সমান্তৰালভাৱে ৰাইজে কেনেকৈ চাউল নিয়মীয়াকৈ লাভ কৰিব সেই বিষযে আলোচনা কৰাৰ লগতে তদন্ত যাতে সঠিক ৰূপত হয় তাৰ দাবী জনাই এই বিশাল সভা অনুষ্ঠিত হয় ৷ ৰাইজৰ দাবী তদন্ত ভালকৈ কৰিলে বহু সমবায় এজেন্টৰ লগতে বিজেপিৰ নেতা-পালি নেতা এই ঘটনাত আটক হ'ব ৷ কিন্তু ৰাজনৈতিক আশীৰ্বাদ থকা এই সকল লুন্ঠনকাৰী নেতাৰ বিৰুদ্ধে কি দৰে তদন্ত হয় সেইয়াহে হে লক্ষ্যণীয় হ'ব (Corruption in Rahmoria) ৷

লগতে পঢ়ক: SCERT Scam: SCERT কেলেংকাৰীৰ অভিযুক্ত অনুপ শইকীয়াক লগত লৈ গেম ভিলেজত অভিযান CM ভিজিলেন্সৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.