SCERT Scam: SCERT কেলেংকাৰীৰ অভিযুক্ত অনুপ শইকীয়াক লগত লৈ গেম ভিলেজত অভিযান CM ভিজিলেন্সৰ

By

Published : Jun 1, 2023, 7:23 PM IST

thumbnail

গুৱাহাটী, 1 জুন: মহানগৰীৰ লালমাটিৰ গেম ভিলেজত মুখ্যমন্ত্ৰী তদাৰকী শাখাৰ অভিযান ৷ SCERT কেলেংকাৰীত অভিযুক্ত অনুপ শইকীয়াক লগত লৈ চলিল এই অভিযান ৷ গেম ভিলেজৰ A-2 ব্লকত বাস কৰিছিল অভিযুক্ত অনুপ শইকীয়াই (CM Vigilance Cell Raid in Lalmati Game Village) ৷  

আজি অনুপ শইকীয়াক লগত লৈ অভিযান চলোৱাৰ সময়ত তেওঁ কয় যে এয়া ষড়যন্ত্ৰ, এতিয়া একো নকওঁ, পৰৱৰ্তী সময়ত সকলো গম পাব ৷ উল্লেখ্য যে SCERT কেলেংকাৰীৰ অভিযোগত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে দুই সাংবাদিক পূজা মণি দাস আৰু ভাস্কৰজ্যোতি হাজৰিকাৰ লগতে আৰ টি আই কৰ্মী ৰবিজিৎ গগৈ আৰু অনুপ শইকীয়াক আই এ এছ বিষয়া শেৱালী দেৱী শৰ্মাৰ স্বীকাৰোক্তিৰ ভিত্তিত গ্ৰেপ্তাৰ কৰিছিল (CM Vigilance Cell Raid)  ৷ 

প্ৰাক্তন সঞ্চালক তথা আই এ এছ বিষয়া শেৱালি দেৱী শৰ্মাৰ পৰা পূজা মণি দাসে ৮ লাখ ৭০ হাজাৰ টকা, ভাস্কৰ হাজৰিকাই ৪ লাখ টকা, অনুপ শইকীয়া ৩৫ লাখ টকা লৈছিল বুলি অভিযোগ উথ্থাপন হৈছে (SCERT Scam) ৷ অনুপ শইকীয়াই লোৱা ৩৫ লাখ টকা ৰবিজিত গগৈৰ লগত ভাগ-বতৰা হৈছিল বুলিও অভিযোগ উথ্থাপন হৈছে (CM Vigilance Cell)  ৷ 

লগতে পঢ়ক: Guwahati HC shift: গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ভৱন আমিনগাঁৱলৈ স্থানান্তৰৰ সিদ্ধান্তৰ বিৰোধিতা অজাপৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.