ETV Bharat / state

বিজেপিৰ বিৰুদ্ধে মহা অভিযোগনামা আৰু ঘোষণাপত্ৰ প্ৰস্তুত কৰিছে বিৰোধী ঐক্যমঞ্চই

author img

By ETV Bharat Assamese Team

Published : Nov 30, 2023, 7:57 PM IST

বিৰোধী ঐক্যৰ এখন গুৰুত্বপূৰ্ণ বৈঠক ডিব্ৰুগড়ৰ এইছ এম ৰিজৰ্টত অনুষ্ঠিত হয় । বিৰোধী ঐক্যৰ ১৫ টাকৈ ৰাজনৈতিক দলৰ নেতৃত্বই উক্ত বৈঠকত অংশগ্ৰহণ কৰে । উক্ত বৈঠকত বিজেপিৰ বিৰুদ্ধে মহা অভিযোগনামা আৰু ঘোষণাপত্ৰ প্ৰস্তুত কৰাক লৈ আলোচনা কৰা হয় ৷

oppositions unity Assam
ডিব্ৰুগড়ত বিৰোধী ঐক্যমঞ্চৰ ৰাজনৈতিক অভিৱৰ্তন

ডিব্ৰুগড়ত বিৰোধী ঐক্যমঞ্চৰ ৰাজনৈতিক অভিৱৰ্তন

ডিব্ৰুগড়, 30 নৱেম্বৰ : বিজেপিক প্ৰতিহত কৰাৰ লক্ষ্যৰে সৰ্বভাৰতীয় পৰ্যায়ত I.N.D.I.A গঠন হোৱাৰ দৰে অসমতো গঠন হৈছে বিৰোধী ঐক্য ৷ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগেলগে বিৰোধী ঐক্য তৎপৰ হৈছে সমষ্টিয়ে সমষ্টিয়ে দলীয় সাংগঠনিক কামকাজ কৰাত ।

লোকসভা নিৰ্বাচনত বিজেপিক পৰাজিত কৰাৰ লক্ষ্যৰে গঠন হোৱা বিৰোধী ঐক্যৰ এখন গুৰুত্বপূৰ্ণ বৈঠক আজি ডিব্ৰুগড়ৰৰ এইছ এম ৰিজৰ্টত অনুষ্ঠিত হয় । বিৰোধী ঐক্যত অন্তৰ্ভুক্ত ১৫ টাকৈ ৰাজনৈতিক দলৰ নেতৃত্বই উক্ত বৈঠকত অংশগ্ৰহণ কৰে ।

গুৱাহাটীৰ বাহিৰত অনুষ্ঠিত বিৰোধী ঐক্যমঞ্চৰ প্ৰথমখন বৈঠকত আজি ভাৰতীয় জাতীয় কংগ্ৰেছ, ৰাইজৰ দল, আপ, তৃণমূল কংগ্ৰেছ, ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ পাৰ্টি, ৰাষ্ট্ৰীয় জনতা দল, কৰ্মিউনিষ্ট পাৰ্টি অব্ ইণ্ডিয়া, শিৱসেনা আদিকে ধৰি মুঠ ১৫ টা ৰাজনৈতিক দলে অংশগ্ৰহণ কৰি বিৰোধী ঐক্যৰ ৰণকৌশলৰ সম্পৰ্কে আলোচনা কৰে ।

বিশেষকৈ এই বৈঠকত বিজেপিৰ বিৰুদ্ধে মহা অভিযোগনামা আৰু ঘোষণাপত্ৰ প্ৰস্তুত কৰাক লৈ আলোচনাত বহা বুলি সভাৰ শেষত জানিবলৈ দিয়ে ঐক্যমঞ্চৰ হৈ তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে । বিজেপিৰ বিৰুদ্ধে প্ৰস্তুত কৰা মহা অভিযোগনামা আৰু ঘোষণাপত্ৰৰ খচৰা ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে জানিবলৈ দিয়ে নেতা দুগৰাকীয়ে ৷ তেওঁলোকে কয় যে কম দিনৰ ভিতৰতে উক্ত অভিযোগনামা আৰু ঘোষণাপত্ৰ ৰাজহুৱা কৰা হ’ব ৷

বিজেপি চৰকাৰে ৰাইজক কৰা প্ৰৱঞ্চনা আৰু চৰকাৰৰ দুৰ্নীতিৰ দস্তাবেজ উক্ত মহা অভিযোগনামা আৰু ঘোষণাপত্ৰত থাকিব বুলি উমান দিয়ে বিৰোধী ঐক্যমঞ্চই । মুঠৰ ওপৰত বিৰোধী ঐক্যমঞ্চত ভাঙোন আহিব বুলি শাসকীয় দলৰ নেতা-মন্ত্ৰীসকলে প্ৰচাৰ চলাই থাকিলেও আজিৰ দিনটোত ডিব্ৰুগড়ত ১৫ টাকৈ ৰাজনৈতিক দলৰ নেতৃত্বক দেখা গ'ল একেখন মঞ্চতে ।

উল্লেখ্য যে, কাইলৈ ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব বিৰোধীৰ ১৫ টা দলৰ নেতৃত্বত বিশাল এক জনসভা । উক্ত জনসভাত বিৰোধী ঐক্যমঞ্চৰ সকলো কৰ্মীয়ে অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : আজমলৰ দুখ ! পূৰ্বপুৰুষক সাঙুৰি গালি দিয়ে ভূপেন বৰাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.