ETV Bharat / state

ডিব্ৰুগড়ৰ বৰবৰুৱাত জব্দ লালিগুড়

author img

By

Published : Feb 7, 2021, 5:57 PM IST

ডিব্ৰুগড়ৰ বৰবৰুৱাত জব্দ লালিগুড়
ডিব্ৰুগড়ৰ বৰবৰুৱাত জব্দ লালিগুড়

ডিব্ৰুগড় জিলাৰ আবকাৰী বিভাগৰ সদৰ আৰু লাহোৱাল চক্ৰৰ যুটীয়া অভিযানত জব্দ ৩০০০ কিলোগ্ৰাম লালিগুড় ।

মৰাণ, ৭ ফেব্ৰুাৱৰী: ডিব্ৰুগড় জিলাৰ আবকাৰী বিভাগৰ সদৰ আৰু লাহোৱাল চক্ৰৰ বৃহৎ সাফল্য । শনিবাৰে নিশা বিভাগটোৱে আৰক্ষীৰ সৈতে বৰবৰুৱা টাউন এলেকাত এক যুটীয়া অভিযান চলাই বৃহৎ পৰিমাণৰ লালিগুড় জব্দ কৰিবলৈ সক্ষম হয় ।

ডিব্ৰুগড়ৰ বৰবৰুৱাত জব্দ লালিগুড়
ডিব্ৰুগড়ৰ বৰবৰুৱাত জব্দ লালিগুড়

উপ-আৰক্ষী অধীক্ষক অনুপ বৰাৰ নেতৃত্বত চলা এই যুটীয়া অভিযানত প্ৰায় ৩০০০ কিলোগ্ৰাম লালিগুড় জব্দ কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে, সমাগত নিৰ্বাচনৰ প্ৰতি লক্ষ্য কৰি ডিব্ৰুগড় আবকাৰী বিভাগে জিলাখনৰ অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:কলিয়াবৰত পথৰ পকীকৰণ তথা মেৰামতি কাৰ্যৰ শুভাৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.