ETV Bharat / state

Protest at Duliajan OIL Office : দুলীয়াজানৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত অইলৰ মুখ্য পৰিচালকৰ পুত্তলিকা দাহ

author img

By ETV Bharat Assamese Team

Published : Nov 9, 2023, 9:10 PM IST

অইলে অনুষ্ঠিত কৰা কাৰিকৰী পদৰ পৰীক্ষাৰ তদন্ত বিচাৰি তীব্ৰ প্ৰতিবাদ গোৰ্খা ছাত্ৰ সন্থাৰ । এই পৰীক্ষাত ব্যাপক বিসংগতিৰ অভিযোগ উত্থাপিত হৈছে ।

দুলীয়াজানৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত অইলৰ মুখ্য পৰিচালকৰ পুত্তলিকা দাহ
Protest at Duliajan OIL Office

অইলৰ মুখ্য পৰিচালকৰ পুত্তলিকা দাহ

মৰাণ, ৯ নৱেম্বৰ : শেহতীয়াভাৱে অইল ইণ্ডিয়া লিমিটেডে অনুষ্ঠিত কৰা কাৰিকৰী পৰীক্ষাৰ বিতৰ্ক এতিয়া মাৰ যোৱা নাই । উল্লেখ্য যে অইলৰ কাৰিকৰী পদৰ বাবে অনুষ্ঠিত এই পৰীক্ষাত ব্যাপক বিসংগতিৰ অভিযোগ উত্থাপিত হৈছে । যোৱা ২০ অক্টোবৰত অইল ইণ্ডিয়া লিমিটেডে অনুষ্ঠিত কৰিছিল ১৮৭ টা কাৰিকৰী পদৰ বাবে পৰীক্ষা ।

কিন্তু এই কাৰিকৰী পদৰ পৰীক্ষাত ব্যাপক বিসংগতি হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে বিভিন্ন দল-সংগঠনে । লগতে কাৰিকৰী পৰীক্ষাৰ এই বিসংগতিৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে দল-সংগঠনবোৰে । কিন্তু এই বিসংগতিপূৰ্ণ পৰীক্ষা বিষয়ত অইল কৰ্তৃপক্ষই কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে । যাৰ বাবে দল-সংগঠনবোৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হয় । ইয়াৰ অংশ হিচাপে দুলীয়াজানৰ অইলৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত অইলৰ মুখ্য পৰিচালক ৰঞ্জিত ৰথৰ পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে গোৰ্খা ছাত্ৰ সন্থাই ।

ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ জিলাৰ গোৰ্খা ছাত্ৰ সন্থাৰ জিলা সমিতিসমূহে বৃহস্পতিবাৰে যৌথভাৱে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । লগতে কাৰিকৰী পদৰ পৰীক্ষাৰ উচিত তদন্ত কৰাৰ লগতে পৰীক্ষা অনুষ্ঠিত কৰা প্ৰতিষ্ঠানক ব্লেকলিষ্টেড কৰাৰো দাবী উত্থাপন কৰে । উল্লেখ্য যে অইল ইণ্ডিয়া লিমিটেডে ইয়াৰ পূৰ্বে অনুষ্ঠিত কৰা নিযুক্তি পৰীক্ষাতো বিসংগতিৰ অভিযোগ উত্থাপন হৈছে ।

অইলৰ একাংশ শীৰ্ষ বিষয়া আৰু প্ৰভাৱশালী ৰাজনৈতিক নেতাই নিজৰ অঙহী-বঙহীক অইলত সংস্থাপনৰ চেষ্টা চলোৱাৰ বাবেই এনে ধৰণৰ ঘটনা সংঘটিত হৈ অহাৰ অভিযোগ উত্থাপন হৈছে । কিন্তু পুনৰবাৰ কাৰিকৰী পদৰ পৰীক্ষাত বিসংগতিৰ অভিযোগ উত্থাপিত হৈছে । অৱশ্যে এই প্ৰতিবাদৰ পিছত ইয়াৰ বিৰুদ্ধে অইল ইণ্ডিয়া কৰ্তৃপক্ষই কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ'ব ।

লগতে পঢ়ক :Diwali awareness program : নলবাৰীত জল দীপাৱলী প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.