ETV Bharat / state

Mah halodhi soap : ৰঙালীৰ পূৰ্বে মাহ-হালধিৰে চাবোন বনোৱাত ব্যস্ত কাশ্মীৰ

author img

By

Published : Mar 31, 2023, 10:22 PM IST

ব’হাগ পালেহিয়েই (Rongali Bihu 2023) ৷ অসমীয়া ব্যস্ত বিহুৰ যা-যোগাৰত ৷ গৰকা-দোৰপতিৰ শব্দত মুখৰিত চুবুৰীবোৰ ৷ ঢোল-পেঁপাৰ মাতত গা ৰাইজাই কৰাৰ বতৰ এয়া ৷ এনেহেন বতৰত এগৰাকী মহিলা ব্যস্ত হৈছে ব্যতিক্ৰমী ধৰণে ৷ পিছে কেনেকৈ ? সবিশেষ এই প্ৰতিবেদনত...

Mah halodhi soap
মাহ-হালধিৰে চাবোন বনোৱাত ব্যস্ত কাশ্মীৰ

ৰঙালীৰ পূৰ্বে মাহ-হালধিৰে চাবোন বনোৱাত ব্যস্ত কাশ্মীৰ

মৰাণ, 31 মাৰ্চ : হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাথোঁ কেইটামান দিন (Rongali Bihu 2023) । বিহুৰ দিনা মাহ হালধিৰে গা ধুলে বছৰটোৰ বাবে ছালৰ ৰোগ নহয় বুলি অসমীয়া সমাজ জীৱনত এক বিশ্বাস অতীজৰে পৰা চলি আহিছে । তাৰ প্ৰতি লক্ষ্য ৰাখি বিহুৰ দিনা চহৰ বা নগৰত বসবাস কৰা লোক সকলে যাতে অতি সহজতে মাহ-হালধিৰে স্পৰ্শ ঘৰতে লাভ কৰিব পাৰে তাৰ বাবে দিনে নিশাই বিশেষ চাবোন তৈয়াৰ কৰাত ব্যস্ত হৈ পৰিছে এগৰাকী মহিলা (Naharkatiya lady making soap with Mah halodhi)।

চ’ত আৰু ব’হাগ দোমাহীৰ দিনাৰ পৰা আৰম্ভ হয় অসমীয়াৰ প্ৰাণৰ উৎসৱ ৰঙালী বিহু ৷ দোমাহীৰ দিনা ঘৰৰ পশুধনক মাহ হালধিৰে নোৱাই-ধুৱাই বছৰটোৰ বাবে মংগল কামনা কৰে অসমীয়া ৰাইজে ৷ তাৰ পিচদিনা অৰ্থাৎ পহিলা ব’হাগত প্ৰতিজন অসমীয়াই মাহ-হালধি সানি গা ধোৱে । গ্ৰামাঞ্চলত মাহ-হালধি অতি সহজে পোৱা যায় (Mah halodhi soap) ৷

কিন্তু কেতবোৰ চৰাঞ্চলত মাহ-হালধি পালেও সেয়া পিচি গাত লগোৱাৰ ক্ষেত্ৰত কিছু জটিলতা আহি পৰে ৷ এতিয়া পিচে এই জটিলতাৰ সন্মুখীন হোৱা সকলে অতি সহজেই পাব মাহ-হালধিৰ স্পৰ্শ ৷ সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে মাহ-হালধিযুক্ত গা-ধোৱা চাবোন প্ৰস্তুত কৰাত ব্যস্ত হৈছে নাহৰকটীয়া চাচনী মেৰবিল ভুমুক গাঁৱৰ কাশ্মীৰ ফুকন ।

লগতে পঢ়ক : Bihu in Guinness book of world records: বিহুনাচৰ আখৰা চাবলৈ ধেমাজিত উপস্থিত মন্ত্ৰী অশোক সিংহাল

অকল মাহ-হালধিৰে নহয় নিম, হালধী, ছাগলী গাখীৰ, আলুৰ ৰস, নেমু, চন্দন, বিলাহী, গাখীৰ, মৌ, মুলতানী মাটি, মচুৰ দাইল, চাউলৰ গুড়ি, গোলাপ, জবা ফুল, ছালকুঁৱৰী, চাহপাত, তিয়ঁহ, অমিতা, বিট আদিৰ জৰিয়তে ঘৰুৱা আৰু প্ৰাকৃতিকভাৱে গা-ধোৱা চাবোন প্ৰস্তুত কৰি জীৱিকা অৰ্জন কৰি আহিছে মহিলাগৰাকীয়ে ৷ শিশুৰ দেহৰ বাবে উপযোগী চাবোনো প্ৰস্তুত কৰিছে কাশ্মীৰ ফুকনে ।

ইনষ্টাগ্ৰামৰ পৰা শিকি বুজি এনেধৰণৰ চাবোন তৈয়াৰ কৰি ফেচবুকত স্পৰ্শ নামৰে এটি ফেচবুক পেজ খুলি ঘৰৰে পৰা এখন বৃহৎ বজাৰ গঢ়ি তুলিছে মহিলাগৰাকীয়ে । 100 গ্ৰাম ওজনৰ এই জৈৱিক চাবোনসমূহ 40 পৰা 50 টকাত ফেচবুকৰ জৰিয়তে অসমৰ বিভিন্ন প্ৰান্তত বিক্ৰী কৰে কাশ্মীৰে ৷

এহেজাৰ টকাৰে ব্যৱসায় আৰম্ভ কৰি পিচলৈ আত্মসহায়ক গোটৰ পৰা পোৱা লোন সঠিক কামত ব্যৱহাৰ কৰি অন্য মহিলাসকলৰ বাবে এক আৰ্দশ স্বৰূপ হৈ পৰিছে এইগৰাকী কাশ্মীৰ ফুকন ।

লগতে পঢ়ক : Golden Thread of Assam : কলিয়াবৰত ৰোপণ কৰা হ’ল মুগা পলুৰ খাদ্য গছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.