ETV Bharat / state

Bihu in Guinness book of world records: বিহুনাচৰ আখৰা চাবলৈ ধেমাজিত উপস্থিত মন্ত্ৰী অশোক সিংহাল

author img

By

Published : Mar 31, 2023, 2:09 PM IST

Guinness book of world records
ধেমাজিত বিহুনাচৰ আখৰা

‘‘অসম আগুৱাই গৈছে ৷ সকলো ভাল হৈছে ৷ এতিয়া বিতৰ্কিত কথা নহয়, কেৱল উন্নয়নৰ কথা পাতক ৷’’ বৃহস্পতিবাৰে বিহুনাচৰ আখৰা চাবলৈ ধেমাজিত উপস্থিত হৈ এইদৰে কলে মন্ত্ৰী অশোক সিংহালে (Ashok Singhal in Dhemaji)৷

ধেমাজিত বিহুনাচৰ আখৰা

ধেমাজি, 31 মাৰ্চ : Guinness book of world records ৰ বাবে জিলা প্ৰশাসনৰ উদ্যোগত সম্প্ৰতি জিলাই জিলাই চলিছে বিহু নাচনীৰ প্ৰশিক্ষণ প্ৰক্ৰিয়া ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ জিলা প্ৰশাসনৰ উদ্যোগত পাঁচদিনীয়াকৈ ধেমাজি চিলাৰায় ভৱনত চলিছে বিহুনাচৰ আখৰা ৷ ধেমাজিৰ বিহুৱতীসকলৰ বিহুনাচৰ আখৰা চাবলৈ বৃহস্পতিবাৰে ধেমাজিত উপস্থিত হয় মন্ত্ৰী অশোক সিংহাল (Ashok Singhal in Dhemaji) ৷

জানিব পৰা মতে, ধেমাজি জিলাৰ পৰা মুঠ চাৰি শতাধিক বিহুৱা বিহুৱতীয়ে অংশ ল’ব 14 তাৰিখে গুৱাহাটীত ৰাজ্য চৰকাৰৰ দ্বাৰা আয়োজিত বিহুনাচৰ মহাৰণত (Guinness book of world record Assam Bihu) ৷ ইয়াৰে ভিতৰত কেৱল ধেমাজি সমষ্টিৰ পৰা গুৱাহাটীলৈ যাব দুই শতাধিক নাচনী ৷ এই নাচনীৰ ভৰিৰ গিৰিপনীত এতিয়া ৰজনজনাইছে ধেমাজিৰ নগাখেলিয়াৰ চিলাৰায় ভৱনৰ চৌহদ ৷

বিহুনাচৰ এই চূড়ান্ত আখৰা শিবিৰত ব্যস্ত হৈ পৰিছে ধেমাজি বিধান সভা সমষ্টিৰ 277 গৰাকী বিহুৱা আৰু বিহুৱতী ।বৃহস্পতিবাৰে ধেমাজিৰ এই আখৰা শিবিৰত উপস্থিত হৈ বিহুৱা-বিহুৱতীসকলক 14 এপ্ৰিলৰ দিনা সুন্দৰ প্ৰদৰ্শন দাঙি ধৰি ধেমাজিৰ নাম জিলিকাবলৈ আহ্বান জনায় মন্ত্ৰী অশোক সিংহালে ৷

এই অনুষ্ঠানতে মন্ত্ৰীগৰাকীয়ে কয়, ‘‘গুৱাহাটীৰ লটাশিল খেলপথাৰত আয়োজিত বিহু প্ৰতিযোগিতাত ধেমাজি আৰু লখিমপুৰৰ প্ৰতিযোগীয়ে পুৰস্কাৰ গ্ৰহণ কৰা দেখিছো ৷ সেয়ে ধেমাজিত আহি খুব ভাল পাইছো ৷ কিন্তু আৰু ভাল নাচিব লাগিব ৷ কাৰণ ইয়াৰে ভিতৰত আটাইতকৈ ভাল নচা বিহুৱতীকেইগৰাকীকহে বাছনি কৰি প্ৰধানমন্ত্ৰীৰ একেবাৰে সন্মুখত থকা শাৰীত স্থান দিয়া হ’ব ৷ সেয়ে আৰু অধিক উন্নত প্ৰদশৰ্ন কৰিব লাগিব সকলোৱে’’ ৷

ইপিনে গামোচা বিৰ্তকৰ প্ৰসংগক আঁতৰাই ৰাখি মন্ত্ৰীগৰাকীয়ে কয়, ‘‘অসম এতিয়া আগুৱাই গৈছে, উন্নতি হৈছে ৷ এতিয়া ক’তো বিৰ্তক নাই ৷ প্ৰতি মাহতে অসমত অভিলেখৰ সৃষ্টি কৰি আছে ৷ মুখ্যমন্ত্ৰীৰ চেষ্টাত সকলোতে ভাল হৈছে । বিশ্ব অভিলেখ বাবে অসম আগবাঢ়িছে ৷ ইয়াত বিৰ্তকৰ অৱকাশ নাই’’ ৷

উল্লেখ্য যে, বৃহস্পতিবাৰে ধেমাজিৰ আখৰা শিবিৰত মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে বিধায়ক মানব ডেকা, জোনাই বিধায়ক ভূৱন পেগু, জিলা উপায়ুক্ত, নগৰ উন্নয়ন পৰিকল্পনা সভাপতি আদি ।

লগতে পঢ়ক : Bihu in Guinness book of world records: বিশ্ব ৰেকৰ্ড গঢ়িবলৈ লোৱা বিহুৰ আখৰা শিবিৰত মন্ত্ৰী কেশৱ মহন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.