ETV Bharat / state

চাবুৱাত নিৰ্বাচনী প্ৰচাৰ চলালে সাংসদ প্ৰদান বৰুৱাই

author img

By

Published : Mar 14, 2021, 9:18 PM IST

mp-pradan-boruah
সাংসদ প্ৰদান বৰুৱা

দেওবাৰে চাবুৱাত বিজেপি-অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী পোনাকণ বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ সাংসদ প্ৰদান বৰুৱাৰ ৷ সমাগত নিৰ্বাচনত পোনাকণ বৰুৱা 53 হাজাৰতকৈও অধিক ভোটত জয়ী হোৱাতো নিশ্চিত বুলি মন্তব্য সাংসদ বৰুৱাৰ ৷

মৰাণ,14 মাৰ্চ: ডিব্ৰুগড়ৰ চাবুৱাত দেওবাৰে বিজেপি-অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী পোনাকণ বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় সাংসদ প্ৰদান বৰুৱাই ৷ উল্লেখ্য যে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ সমষ্টি চাবুৱাত এইবাৰ অসম গণ পৰিষদৰ পৰা প্ৰদান কৰা হৈছে প্ৰাৰ্থী ৷

চাবুৱাত নিৰ্বাচনী প্ৰচাৰ চলালে সাংসদ প্ৰদান বৰুৱাই

121 নং চাবুৱা বিধানসভা সমষ্টিৰ বিজেপি-অগপৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী পোনাকণ বৰুৱাৰ হৈ ভিন্ন প্ৰান্তত প্ৰচাৰ অভিযান চলায় সাংসদ বৰুৱাই ৷ ইয়াৰ লগতে চাবুৱাৰ দিনজয় চাহ বাগিচাত অনুষ্ঠিত হোৱা এখন দলীয় সভাত অংশগ্ৰহণ কৰি সমাগত নিৰ্বাচনত পোনাকণ বৰুৱা 53 হাজাৰতকৈও অধিক ভোটত জয়ী হোৱাতো নিশ্চিত বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে ।

লগতে পঢ়ক : ঘৰে ঘৰে নিৰ্বাচনী প্ৰচাৰ চলাইছে ডাঃ ভগৱান দেৱ মিশ্ৰই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.