ETV Bharat / state

পুত্ৰক উভতাই বিচাৰি হুক হুকাই কান্দি উঠিল মাতৃয়ে

author img

By

Published : Jun 12, 2020, 10:42 PM IST

জীৱনৰ বিয়লি বেলাত নিজ পুত্ৰক উভতাই বিচাৰি হুক হুকাই কান্দি উঠিল 2011 চনতে স্বাধীন অসমৰ সপোন লৈ নিজ ঘৰখন এৰি আলফা (স্বা)লৈ যোৱা ভাইটি তথা ভাস্কৰ গগৈ ওৰফে সংগঠনটোৰ চাৰ্জেন্ট অস্তিত্ব অসমৰ মাতৃয়ে ৷

পুত্ৰক উভতাই বিচাৰি হুক হুকাই কান্দি উঠিল মাতৃয়ে
পুত্ৰক উভতাই বিচাৰি হুক হুকাই কান্দি উঠিল মাতৃয়ে

ডিব্ৰুগড়, 12 জুনঃ কেমেৰাৰ সন্মুখত হুক হুকাই কান্দি উঠিল এগৰাকী অসহায় মাতৃ ৷ কান্দি কান্দিয়েই আলফা (স্বা)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱালৈ কাতৰ আহ্বান জনালে মাতৃগৰাকীয়ে ৷ 2011 চনতে স্বাধীন অসমৰ সপোন লৈ নিজ ঘৰখন এৰি আলফা (স্বা)লৈ যোৱা ভাইটি তথা ভাস্কৰ গগৈ ওৰফে আলফা (স্বা)ৰ চাৰ্জেন্ট অস্তিত্ব অসমৰ মাতৃয়ে অনুৰোধ জনায় পৰেশ বৰুৱাক ৷ নিজ পুত্ৰ জীয়াই আছেনে নাই তসেই কথাও নজনা মাতৃগৰাকী সম্প্ৰতি অসহায় ৷

পুত্ৰক উভতাই বিচাৰি হুক হুকাই কান্দি উঠিল মাতৃয়ে

পৰেশ বৰুৱাৰ গৃহ গাঁও জেৰাই গাঁৱৰ সমীপৰ ৰজাবাৰিৰ নিজ গৃহৰ পৰা আলফালৈ যোৱা ভাস্কৰৰ পিতৃ এতিয়া আক্ৰান্ত মধুমেহ আৰু দুৰাৰোগ্য কৰ্কট ৰোগত ৷ ৰোগগ্ৰস্ত পিতৃ এতিয়া চিকিৎসাধীন ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত ৷ প্ৰাক্তন অসম আৰক্ষী ভাস্কৰৰ পিতৃ দেৱেশ্বৰ গগৈয়ে এতিয়া গৰকিছে সত্তৰৰ দেওনা ৷ যাৰ বাবে ৰোগাক্ৰান্ত বৃদ্ধা মাতৃয়ে ঘৰখনৰ একমাত্ৰ সন্তান ভাস্কৰ(ভাইটি)ক বিচাৰি চিকিৎসালয়তে টুকিলে চকুলো ৷ এতিয়া তেওঁৰ অপেক্ষা মাথোন এটাই ৷ বৃদ্ধ পিতৃক মৃত্যুৰ পূৰ্বে যেন এবাৰ দেখা দিয়ে পুত্ৰই ৷ লগতে মাতৃয়ে আৰ্থিক দীনতাৰ বাবে পিতৃৰ সুচিকিৎসা কৰাৰ বাবেও সমস্যাৰ সন্মুখীন হোৱা বিষয়ে উল্লেখ কৰি, আমাৰো দেশপ্ৰেম আছে বুলি কৈ নিজ সন্তানক এবাৰ ঘৰলৈ পঠিয়াই দিবলৈ অনুৰোধ জনায় আলফা (স্বা)ৰ মুখ্য সেনাধ্যক্ষক ৷

লগতে পঢ়কঃ বাঘজানৰ জুই নুমুৱাবলৈ সন্মিলিতভাৱে কাম চলি আছে- চন্দ্ৰমোহন পাটোৱাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.