ETV Bharat / state

মৰাণত ৰাইজৰ সহযোগত খহনীয়া প্ৰতিৰোধৰ কাম আৰম্ভ

author img

By

Published : Feb 9, 2021, 9:53 PM IST

moran-people-comes-out-for-making-protection-for-erosion
মৰাণত ৰাইজৰ সহযোগত খহনীয়া প্ৰতিৰোধৰ কাম আৰম্ভ

মৰাণত ৰাইজৰ সহযোগত গৰাখহনীয়া প্ৰতিৰোধৰ কাম আৰম্ভ ৷ জলসম্পদ বিভাগৰ হেমাহিৰ বাবে ৰাইজে নিৰ্মাণ কৰিবলৈ আগবাঢ়িছে খহনীয়া প্ৰতিৰোধৰ বাবে বান্ধ ৷

মৰাণ, 9 ফেব্ৰুৱাৰী : জলসম্পদ বিভাগলৈ বাট নাচাই মৰাণত ৰাইজে নিৰ্মাণ কৰিবলৈ আগবাঢ়ি আহিলে ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ কাম ৷ মৰাণৰ সমীপৰ ডিমৌ ৰাজহ চক্ৰৰ অন্তৰ্গত পানীদিহিং মৌজাৰ পশ্চিম পানীদিহিঙত ৰাইজে নিজাববীয়াকৈ নিৰ্মাণ কৰিবলৈ আগবাঢ়ি আহিল খহনীয়া প্ৰতিৰোধৰ বাবে বান্ধ ৷

moran-people-comes-out-for-making-protection-for-erosion
ৰাইজে আৰম্ভ কৰা খহনীয়া প্ৰতিৰোধৰ দৃশ্য

জানিব পৰা মতে, উক্ত অঞ্চলৰ দহখনৰো অধিক গাঁৱৰ ৰাইজে খহনীয়া সমস্যাৰ কবলত পৰি আহিছিল ৷ এইক্ষেত্ৰত জলসম্পদ বিভাগক ৰাইজৰ সমস্যা সমাধানৰ বাবে অনুৰোধ জনোৱা হৈছিল যদিও জলসম্পদ বিভাগে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ৰাইজৰ ৷ আনকি এই সমস্যা সমাধানৰ বাবে 'গৰাখহনীয়া প্ৰতিৰোধ সমিতি' নামৰ সংস্থাৰো জন্ম হৈছিল উক্ত অঞ্চলত ৷

moran-people-comes-out-for-making-protection-for-erosion
ৰাইজে আৰম্ভ কৰা খহনীয়া প্ৰতিৰোধৰ দৃশ্য

শেষত উপায়বিহীন হৈ ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগলৈ বাট নাচাই গৰাখহনীয়া প্ৰতিৰোধৰ কাম কৰিবলৈ আগবাঢ়ি আহিছে সংস্থাটোৱে ৷ এইক্ষেত্ৰত ৰাইজেও সামৰ্থ অনুসৰি দান বৰঙণি সংগ্ৰহ কৰি কাম কৰি যাব বুলি জানিবলৈ দিয়ে ৷ তদুপৰি টি এম পি কে, এম এম কে আদি সংগঠনে ৰাইজক কিছু পৰিমাণে সহযোগ কৰা বুলি ৰাইজে জানিবলৈ দিয়ে ।

লগতে পঢ়ক : পূব লাডাখৰ সীমান্তত চীনা সৈন্যৰ নতুন কৌশল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.