ETV Bharat / state

পুনৰ ৰাজ্যৰ ঠিকাদাৰ সকলক মন্ত্ৰী পিযুষ হাজৰিকাৰ Warning

author img

By

Published : Dec 17, 2021, 8:22 PM IST

minister-pizush-hazarika-warns-contractors-of-assam
পুনৰ ৰাজ্যৰ ঠিকাদাৰ সকলক মন্ত্ৰী পিযুষ হাজৰিকাৰ Warning

চাবুৱাত মন্ত্ৰী পিয়ুষ হাজৰিকাৰ সকীয়নি গুৱাহাটীত বহি ঠিকাদাৰে কৰিব নোৱাৰিব কাম ((Minister Pizush Hazarika warns contractors) ৷ সবিশেষ জানো আহক ৷

মৰাণ, 17 ডিচেম্বৰ : চাবুৱাস্থিত বান বিধ্বস্ত ৰহমৰীয়াত উপস্থিত হ’ল ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকা(Water resource minister Pizush Hazarika) । ৰহমৰীয়ালৈ গৈ মন্ত্ৰীগৰাকীয়ে থিয় দিলে বান আৰু খহনীয়াই জুৰুলা কৰা ৰহমৰীয়াবাসী ৰাইজৰ কাষত(Minister Pizush Hazarika among flood affected people) । ৰহমৰীয়াৰ বৰতিচুকত অনুষ্ঠিত হোৱা এক সভাত মন্ত্ৰীগৰাকীয়ে উদ্ধোধন কৰিলে 21 কোটি টকা ব্যয়েৰে বৰটিং অঞ্চলৰ লিটিং গাঁও, ৰহমৰীয়া গাঁও আৰু লচাকনি গাঁৱৰ বানবিধ্বস্ত অংশৰ মেৰামতিকৰণ আঁচনিৰ ।

পুনৰ ৰাজ্যৰ ঠিকাদাৰ সকলক মন্ত্ৰী পিযুষ হাজৰিকাৰ Warning

উল্লেখ্য যে ৰহমৰীয়াত অনুষ্ঠিত হোৱা সভাখনতে মঞ্চৰ পৰাই ঠিকাদাৰ সকলক কঠোৰ ভাষাৰে সকীয়নি দিয়ে মন্ত্ৰী পিয়ুষ হাজৰিকাই । মন্ত্ৰী গৰাকীয়ে স্পষ্ট কৰি কয় যে, গুৱাহাটী অথবা দিল্লীত বহি ঠিকাদাৰে ঠিকাৰ কাম কৰিব নোৱাৰিব(Minister Pizush Hazarika warns contractors) । উল্লেখযোগ্য যে, ৰাজ্যৰ জলসম্পদ মন্ত্ৰীগৰাকীয়ে ইয়াৰ পূৰ্বেও ঠিকাদাৰৰ কামৰ ক্ষেত্ৰ অধ্যয়ন কৰি ফোন যোগে এগৰাকী ঠিকাদাৰৰ সৈতে তৰ্ক-বিতৰ্কত লিপ্ত হোৱা দেখা গৈছিল ৷ ইয়াৰ পিছত এতিয়া গুৱাহাটী অথবা দিল্লীত বহি ঠিকাদাৰে কাম কৰিব নোৱাৰিব বুলি মন্ত্ৰীগৰাকীয়ে বান্ধি দিয়া নিয়মক লৈ স্বাভাৱিকতেই সৃষ্টি হ’ব মিশ্ৰিত প্ৰতিক্ৰিয়াৰ ৷

উক্ত অনুষ্ঠানত মন্ত্ৰী গৰাকীক সংগ দিয়ে লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকা, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, ডিব্ৰুগড় জিলাৰ উপায়ুক্তৰ লগতে বিভাগীয় বিষয়া আৰু দলীয় কৰ্মকৰ্তা সকল।

লগতে পঢ়ক : কনভয় নহয়; সপত্নীক টেক্সিত উঠি যাত্ৰা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.