ETV Bharat / state

কনভয় নহয়; সপত্নীক টেক্সিত উঠি যাত্ৰা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ

author img

By

Published : Dec 17, 2021, 2:14 PM IST

উত্তৰ প্ৰদেশত সাধাৰণ টেক্সিৰে বিমানবন্দৰৰ পৰা হোটেললৈ যাবলগীয়া হ'ল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা(CM Himanta reached hotel by cab) । লগত আছিল পত্নী ৰিণিকি ভূঞা শৰ্মা । নিৰাপত্তা বাহিনীৰ কনভয়ৰ পৰিৱৰ্তে টেক্সিৰে মুখ্যমন্ত্ৰীগৰাকী হোটেললৈ যাবলগীয়া হোৱা ঘটনাক লৈ এতিয়া হাহাকাৰ যোগী চৰকাৰৰ প্ৰশাসন ব্যৱস্থাত ।

CM Himanta Biswa Sarma reached hotel by cab in Uttar Pradesh
উত্তৰ প্ৰদেশত টেক্সিত উঠি যাত্ৰা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ

গুৱাহাটী, ১৭ ডিচেম্বৰ : প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানত ভাগ লোৱাৰ লগতে অযোধ্যাৰ ৰাম মন্দিৰত পূজা আগবঢ়াবলৈ সপত্নীক লক্ষ্ণৌলৈ যোৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই লাভ কৰিলে এক অম্লমধুৰ অভিজ্ঞতা(Himanta Biswa Sarma Uttar Pradesh visit) । কিয়নো বিমানবন্দৰ কৰ্তৃপক্ষৰ সমন্বয়হীনতাৰ বাবেই চাৰ্টাৰ্ড বিমানেৰে অৱতৰণ কৰাৰ পিছতো নিৰাপত্তা বেষ্টনীৰে আবৃত কনভয়ৰ পৰিৱৰ্তে টেক্সিৰেহে বিমানবন্দৰৰ পৰা হোটেললৈ যাবলগীয়া হ'ল সপত্নীক মুখ্যমন্ত্ৰীগৰাকী(CM Himanta reached hotel by cab in UP)।

ইয়াকে লৈ ইতিমধ্যে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে বাতৰি পৰিবেশন কৰাৰ পিছতহে ধৰফৰণি আৰম্ভ হয় উত্তৰ প্ৰদেশৰ যোগী চৰকাৰৰ প্ৰশাসন ব্যৱস্থাত । সমস্ত ঘটনাটো আছিল এনেধৰণৰ- অযোধ্যাৰ পৰা এখন চাৰ্টাৰ্ড বিমানেৰে গৈ লক্ষ্ণৌত উপস্থিত হৈছিল মুখ্যমন্ত্ৰী ডঃ শৰ্মা আৰু তেওঁৰ পত্নী ৰিণিকি ভূঞা শৰ্মা ।

দুয়োকে কটকটীয়া নিৰাপত্তাৰ মাজেৰে বিমানবন্দৰৰ পৰা হোটেললৈ লৈ যাবলৈ ভি আই পি গেটত অপেক্ষা কৰি আছিল নিৰাপত্তা বাহিনীৰ কনভয় । কিন্তু বিমানবন্দৰ কৰ্তৃপক্ষই মুখ্যমন্ত্ৰীগৰাকীয়ে লৈ যোৱা চাৰ্টাৰ্ড বিমানখন আন সাধাৰণ বিমান ৰখা "বে" লৈ যাবলৈ দিয়ে । যাৰ ফলত ভি আই পি গেটৰ পৰিৱৰ্তে অন্যান্য যাত্ৰীৰ বাবে থকা সাধাৰণ গেটেৰেই বিমানবন্দৰৰ পৰা বাহিৰলৈ ওলাই আহিবলগীয়া হয় ডঃ শৰ্মা আৰু তেওঁৰ পত্নী । বাহিৰলৈ ওলাই আহি নিৰাপত্তা বাহিনীৰ কনভয় নেদেখি উপায়বিহীন হৈ এখন টেক্সি ভাড়া কৰিয়েই হোটেললৈ যাবলগীয়া হয় শৰ্মা দম্পতী ।

অৱশ্যে নিৰাপত্তা বেষ্টনী নাথাকিলেও নিৰাপদেই তেওঁলোক হোটেল পায়গৈ । ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি মতে টেক্সি ভাড়া আদায় দিয়ে মুখ্যমন্ত্ৰীৰ পত্নীয়ে । কিছু সময়ৰ পিছতে এই কথা চৰ্চিত হোৱাত যোগী প্ৰশাসনত হাহাকাৰ লাগে ।

লগতে পঢ়ক:কৃষকক একেডৰা মাটিত কেইবাটাও খেতি কৰাৰ আহ্বান বিধায়ক দিগন্ত কলিতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.