ETV Bharat / state

কৃষকক একেডৰা মাটিত কেইবাটাও খেতি কৰাৰ আহ্বান বিধায়ক দিগন্ত কলিতাৰ

author img

By

Published : Dec 17, 2021, 7:57 AM IST

agricultural-revolution-at-kamalpur
দ্বিগুণপাৰত বীজ সিঁচা কাৰ্যসূচী

ৰাজ্যত আৰম্ভ হৈছে কৃষি বিপ্লৱ(Agricultural Revolution in Assam) ৷ শেহতীয়াকৈ কমলপুৰৰ দ্বিগুণপাৰতো আৰম্ভ হৈছে কৃষি বিপ্লৱ(Agricultural Revolution at Kamalpur) ৷ ৰবি শস্য খেতিৰে কমলপুৰবাসী গঞাই দেখিছে শস্য শ্যামলাৰ সপোন ৷

বাইহাটা,17 ডিচেম্বৰ : সমগ্ৰ ৰাজ্যতে যেন আৰম্ভ হৈছে কৃষি বিপ্লৱ(Agricultural Revolution in Assam) ৷ বৰ্তমান অসমত ৰবি শষ্যৰ বতৰ ৷ অসমৰ পথাৰত এতিয়া সৰিয়হ, শাক-পাচলি, বিভিন্ন মাহ আদি খেতিৰ পয়োভৰ ৷ দেখা গৈছে যে, ৰাজ্যৰ একাংশ নিৱনুৱা যুৱক-যুৱতীয়ে কৃষি কৰ্মক স্বাৱলম্বনৰ পদ্ধতি হিচাপে অৱলম্বন কৰিছে (Assam youths engaged with agriculture) ৷ ধান খেতিৰ উপৰিও শাক-পাচলি, কেতবোৰ ফল-মূলৰ খেতিৰে লাভান্বিত হোৱা দেখা গৈছে এনে একাংশ তৰুণ প্ৰজন্মক ৷ শেহতীয়াকৈ দৰং জিলাৰ গৰুখুটিত চৰকাৰে স্থাপন কৰা কৃষি পামেও(Garukhuti project in assam) যুৱপ্ৰজন্মৰ খেতিৰ প্ৰতি জাগি উঠা সদিচ্ছাকে প্ৰতিফলিত কৰিছে ৷

দ্বিগুণপাৰত বীজ সিঁচা কাৰ্যসূচী

গৰুখুটিৰ দৰেই কমলপুৰৰ দ্বিগুণপাৰতো খেতিত মনোনিৱেশ কৰা দেখা গৈছে সমষ্টিটোৰ একাংশ লোকক ৷ প্ৰায় 100 বিঘা মাটিত বৃহৎ পৰিসৰত সৰিয়হৰ খেতি কৰিবলৈ দিহা কৰিছে এই সকল লোকে ৷ তাৰেই শুভাৰম্ভণী হিচাপে বৃহস্পতিবাৰে অনুষ্ঠিত হয় বীজ সিঁচা কাৰ্যসূচী ৷ এই কাৰ্যসূচীত উপস্থিত থাকে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা(MLA Diganta Kalita at Kamalpur) ৷

অনুষ্ঠানটোত উপস্থিত থাকি বিধায়ক গৰাকীয়ে কয় যে, অসমৰ খেতিয়কসকলে এতিয়া একেডৰা মাটিতে দুটাকৈ খেতি কৰিবলৈ আৰম্ভ কৰিছে ৷ বৰ্তমান সময়ত অসমৰ খেতিয়কে একেডৰা মাটিত দুটা নহয় তিনিটা খেতি কৰাৰ চেষ্টা কৰিব লাগে (Multicrop cultivation in Assam) ৷ লগতে কমলপুৰ সমষ্টিৰ মানুহে নিজৰ খেতিপথাৰত কৰা ধানৰ লগতে ঘৰৰ পুখুৰীত উৎপাদিত মাছ ৰপ্তানি কৰিবলৈও লক্ষ্য নিৰ্ধাৰণ কৰিব লাগে বুলিও কয় বিধায়ক গৰাকীয়ে ৷

ইফালে খাৰুপেটীয়াৰ পৰা অনা কেঁচা পাচলি বৰবিহতকৈ কম নহয় বুলিও মন্তব্য কৰে বিধায়ক দিগন্ত কলিতাই ৷ খাৰুপেটীয়া পৰা অনা কেঁচা পাচলিত ৰাসায়নিক দ্ৰব্য মিহলি হৈ থাকে ৷ যাৰ ফলত এনে পাচলি দেহৰ বাবে অনিষ্টকাৰী বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে ৷ লগতে এইবাৰ গৰুখুটিত পুৰুষ, মহিলা সমন্বিতে সকলোৱে খেতি কৰি নিজে স্বাৱলম্বীতাৰ বাট বিচাৰি লোৱা বিষয়টো উল্লেখ কৰে বিধায়ক গৰাকীয়ে ৷

লগতে পঢ়ক : Lok Sabha Election 2024: দায়িত্ব বাঢ়িল সোণোৱাল, তেলী, কলিতা, ৰয়, তাচাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.