Lok Sabha Election 2024: দায়িত্ব বাঢ়িল সোণোৱাল, তেলী, কলিতা, ৰয়, তাচাৰ

author img

By

Published : Dec 16, 2021, 7:49 PM IST

Loksabha Election 2024

২০২৪ ৰ লোকসভা নিৰ্বাচন(Lok Sabha Election 2024 )ৰ বাবে টঙালি বান্ধিছে বিজেপি দলে ৷ বিজেপিৰ দখলত নথকা চাৰিটা সমষ্টিত সাংগঠনিক তৎপৰতা বৃদ্ধি কৰিবলৈ বিশেষভাৱে দায়িত্ব অৰ্পণ পাঁচ সাংসদক ।

গুৱাহাটী, ১৬ ডিচেম্বৰ : ২০২৪ ৰ লোকসভা নিৰ্বাচন(Lok Sabha Election 2024 )ত অসমত বিজেপিয়ে তেওঁলোকৰ "কনিষ্ঠ ভাতৃ" অগপক কেইখন আসন এৰি দিব ! এই প্ৰশ্নৰ উত্তৰ এতিয়াই দিয়াটো টান যদিও ২০১৯ ৰ নিৰ্বাচনৰ দৰে তিনিখনকৈ আসন যে বিজেপিয়ে এইবাৰ অগপক এৰি দিব, সেয়া সন্দেহ আছে । গেৰুৱা দলটোৰ কেতবোৰ কামকাজে সেই সন্দেহ দুগুণে বৃদ্ধি কৰিছে । সম্প্ৰতি বিজেপিৰ নিজৰ দখলত নথকা পাঁচখন আসনৰ ভিতৰত চাৰিখনতেই সাংগঠনিক তৎপৰতা বৃদ্ধি কৰিবলৈ দলৰ পাঁচজনকৈ সাংসদক বিশেষভাৱে দায়িত্ব অৰ্পণ কৰা হৈছে ।

অৰ্থাৎ বৰ্তমান নিজৰ দখলত নথকা এই পাঁচটা সমষ্টিৰ চাৰিটাতে ২০২৪ৰ নিৰ্বাচনত বিজেপিয়ে শক্তিশালীভাৱে অৱতীৰ্ণ হোৱাৰ ইংগিত পোৱা গৈছে । উল্লেখ্য যে, বৰ্তমান বিৰোধীৰ দখলত থকা কলিয়াবৰ সমষ্টিৰ বাবে সৰ্বানন্দ সোণোৱাল(Union Minister Sarbananda Sonowal)ক, নগাওঁ সমষ্টিৰ বাবে কামাখ্যা প্ৰসাদ তাচাক, ধুবুৰী সমষ্টিৰ বাবে ভুৱনেশ্বৰ কলিতাক আৰু কোকৰাঝাৰ সমষ্টিৰ বাবে ৰামেশ্বৰ তেলী আৰু ডাঃ ৰাজদ্বীপ ৰয়ক বিজেপিয়ে বিশেষ পৰ্যবেক্ষক হিচাপে নিযুক্তি দিছে ।

আন এটা সমষ্টি বৰপেটা বিজেপিৰ দখলত নাই যদিও অতি তাৎপৰ্যপূৰ্ণভাবে বৰপেটাৰ বাবে কিন্তু বিজেপিয়ে কোনো পৰ্যবেক্ষক নিযুক্তি দিয়া নাই । গতিকে বৰপেটা হয়তো মিত্ৰ দললৈ এৰি বাকীকেইটা সমষ্টিত বিজেপিয়ে অকলেই ২০২৪ ৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতাত নামিব । ২০১৯ ৰ নিৰ্বাচনত বিজেপিয়ে তিনিটাকৈ সমষ্টি ক্ৰমে কলিয়াবৰ, ধুবুৰী আৰু বৰপেটা অগপক এৰি দিছিল যদিও এটাতো কিন্তু অগপ জয়ী হ’ব নোৱাৰিলে ।

লগতে পঢ়ক : শ্বেৰমান আলীৰ দল ত্যাগৰ ক্ষেত্ৰত কংগ্ৰেছৰ কোনো আপত্তি নাই : জীতেন্দ্ৰ সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.