ETV Bharat / state

অমিত শ্বাহৰ অসম ভ্ৰমণ: ডিব্ৰুগড় আৰু তিনিচুকীয়াতো বিজেপিৰ ব্যাপক তৎপৰতা

author img

By

Published : Oct 6, 2022, 11:02 AM IST

Minister Jogen Mohan react on BJP meeting of Khanapara
ডিব্ৰুগড় আৰু তিনিচুকীয়াত বিজেপি কৰ্মীসকলৰ ব্যাপক প্ৰস্তুতি

জেপি নাড্ডা আৰু অমিত শ্বাহৰ অসম ভ্ৰমণক লৈ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাতো বিজেপিৰ কৰ্মীসকলৰ মাজত ব্যাপক তৎপৰতা দেখিবলৈ পোৱা গৈছে (Amit Shah and J P Nadda to visit Assam)৷ জিলা দুখনৰ পৰা সভালৈ মানুহ নিয়াৰ দায়িত্ব প্ৰদান কৰা হৈছে মন্ত্ৰী যোগেন মহনক (Minister Jogen Mohan)।

ডিব্ৰুগড়, 6 অক্টোবৰ: অসমলৈ আহিব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ(Home minister Amit Shah) আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা (BJP President J P Nadda) ৷ অহা 7 অক্টোবৰত অসমত উপস্থিত হৈ 9 ত অক্টোবৰলৈকে অসমতে থাকিব নেতা দুগৰাকী ৷ গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই 8 অক্টোবৰত এখন দলীয় সভাতো অংশগ্ৰহণ কৰিব (Amit Shah and J P Nadda to visit assam) ৷

সভাখনত প্ৰায় 30,000 হাজাৰ কৰ্মী উপস্থিত থকাৰ বাবে যো-জা চলাইছে ৰাজ্য চৰকাৰে ৷ ইতিমধ্যে সভাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে বিজেপিৰ ৰাজ্যিক নেতৃত্বই। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ পৰা সভালৈ মানুহ নিয়াৰ দায়িত্ব প্ৰদান কৰা হৈছে মন্ত্ৰী যোগেন মহনক(Minister Jogen Mohan)।

ডিব্ৰুগড় আৰু তিনিচুকীয়াত বিজেপি কৰ্মীসকলৰ ব্যাপক প্ৰস্তুতি

মন্ত্ৰী গৰাকীয়ে এই দায়িত্ব লাভ কৰাৰ পাছতেই ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ প্ৰতিটো সমষ্টিত প্ৰস্তুতি সভা অনুষ্ঠিত কৰিছে ৷ মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ পৰা প্ৰায় চাৰি হাজাৰ মণ্ডল, বুথ আৰু পঞ্চায়ত পৰ্যায়ৰ বিজেপি কৰ্মীক সভালৈ নিয়া হ'ব বুলি ইতিমধ্যে নিশ্চিত কৰা হৈছে ৷

এই সভাখনে দলীয় কৰ্মীসকলক উৎসাহ যোগাব বুলিও আশা প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ৷ মুঠৰ ওপৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে ডিব্ৰুগড় আৰু তিনিচুকীয়াতো জেপি নাড্ডা আৰু অমিত শ্বাহৰ সভাক লৈ বিজেপি কৰ্মী সকলৰ মাজত ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে ৷

লগতে পঢ়ক: পূজাৰ পিচতেই অসমলৈ আহিব অমিত শ্বাহ-জেপি নাড্ডা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.