ETV Bharat / state

Lok Sabha Election 2024 : টিংখাঙত বিজেপিত খহনীয়া, AJP ত যোগদান শতাধিক লোকৰ

author img

By ETV Bharat Assamese Team

Published : Oct 29, 2023, 12:57 PM IST

Updated : Nov 2, 2023, 9:22 PM IST

মন্ত্ৰী বিমল বড়াৰ সমষ্টিত অসম জাতীয় পৰিষদৰ নিৰ্বাচনী ৰণডংকা । বিজেপি এৰি AJP ত যোগদান বৃহৎ সংখ্যক সদস্যৰ । লুৰীণজ্যোতি গগৈৰ উপস্থিতিত প্ৰায় পাঁচ শতাধিক লোকে পৰিধান কৰে অসম জাতীয় পৰিষদৰ গলবস্ত্ৰ ।

Hundreds of people joining AJP in Tingkhang
টিংখাঙত বিজেপিত খহনীয়া, AJP ত যোগদান শতাধিক লোকৰ

টিংখাঙত বিজেপিত খহনীয়া, AJP ত যোগদান শতাধিক লোকৰ

টিংখাং,২৯ অক্টোবৰ: আগন্তুক লোকসভা নিৰ্বাচনকলৈ টঙালি বান্ধিছে শাসক বিৰোধী সকলোৱে । হাত সাবতি বহি থকা নাই অসম জাতীয় পৰিষদো । ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ঘূৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈকে আদি কৰি দলটোৰ নেতা-কৰ্মী । বিজেপি চৰকাৰৰ বিৰুদ্ধে সৱল যুঁজ দিবলৈ সাজু হৈছে AJP ।

এইবাৰ মন্ত্ৰী বিমল বড়াৰ গৃহ সমষ্টিত লুৰীণজ্যোতি গগৈয়ে বজালে ৰণডংকা । টিংখাঙত লুৰীণজ্যোতি গগৈৰ উপস্থিতিত অনুষ্ঠিত কৰা হয় যোগদান সভা । উক্ত সভাত বিজেপি এৰি টিংখাঙত অসম জাতীয় পৰিষদত বৃহৎ সংখ্যক সদস্যই যোগদান কৰে । লক্ষ্মী পূজা অনুষ্ঠানত অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈৰ উপস্থিতিত প্ৰায় পাঁচ শতাধিক লোকে পৰিধান কৰে অসম জাতীয় পৰিষদৰ গলবস্ত্ৰ । টিংখাঙৰ দিল্লীবাৰী গাঁও পঞ্চায়তৰ শতাধিক বিজেপি কৰ্মীয়ে সমূহীয়াকৈ বিজেপি ত্যাগ কৰি অসম জাতীয় পৰিষদত যোগদান কৰে ।

আনহাতে অন্যান্য জাতীয় সংগঠনৰ বহু নেতা কৰ্মীয়েও লুৰীণজ্যোতি গগৈৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই অজাপত যোগদান কৰে । উল্লেখযোগ্য যে শনিবাৰে নিশা টিংখাঙৰ চপাতলি গাঁৱত ন-পুখুৰী যুৱক সংঘৰ উদ্যোগত অষ্টম বাৰ্ষিক লক্ষ্মী পূজা অনুষ্ঠিত কৰিছিল । ন-পুখুৰী যুৱক সংঘৰ প্ৰাংগণত অনুষ্ঠিত হোৱা লক্ষ্মী পূজাৰ সাংস্কৃতিক অনুষ্ঠানৰ উদ্বোধনী অনুষ্ঠানত দলীয় নেতা-কৰ্মীৰ সৈতে উপস্থিত থাকে লুৰীণজ্যোতি গগৈ ।

অনুষ্ঠানত উপস্থিত থাকি বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে অজাপৰ সভাপতিগৰাকীয়ে । মূল্যবৃদ্ধিকে আদি কৰি কেইবাটাও প্ৰসংগত মন্তব্য আগবঢ়াই অজাপ সভাপতিগৰাকীয়ে । আনহাতে সোৱণশিৰি নদী আৰু পিয়াঁজকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে লুৰীণজ্যোতি গগৈয়ে ।

লগতে পঢ়ক: Lurinjyoti Gogoi Slams BJP Govt; চৰকাৰৰ প্ৰতি সৃষ্টি হোৱা ক্ষোভৰ বাবেই আলফালৈ ধাৱমান যুৱক-যুৱতী : লুৰীণজ্যোতি গগৈ

Last Updated :Nov 2, 2023, 9:22 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.