ETV Bharat / state

Durga devi idol immersion: নাহৰকটীয়াত গুৰুজনাক চৰম অপমানৰ অভিযোগ শংকৰদেৱ সংঘৰ প্ৰাক্তন পদাধিকাৰৰ

author img

By ETV Bharat Assamese Team

Published : Oct 25, 2023, 2:29 PM IST

Durga devi idol immersion
গুৰুজনাক চৰম অপমানৰ অভিযোগ শংকৰদেৱ সংঘৰ প্ৰাক্তন পদাধিকাৰৰ

গুৰুজনাক চৰম অপমান নাহৰকটীয়াত ৷ নাহৰকটীয়াত মা দুৰ্গাক নদীত বিসৰ্জন দিয়াৰ সময়ত গুৰুজনাৰ অমৰ সৃষ্টি গায়ন-বায়ন ব্যৱহাৰ কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ৰাজ্য জুৰি ৷

গুৰুজনাক চৰম অপমানৰ অভিযোগ শংকৰদেৱ সংঘৰ প্ৰাক্তন পদাধিকাৰৰ

ডিব্ৰুগড়, 25 অক্টোবৰ: চাৰিটা দিন দেৱী দুৰ্গাক মৰ্ত্যত পূজা-অৰ্চনা কৰাৰ পাছতেই মঙলবাৰে ৰাজ্যজুৰি পালন কৰা হ'ল দেৱী বিসৰ্জন পৰ্ব । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ দৰে নাহৰকটীয়াতো বুঢ়ীদিহিং নদীত অনুষ্ঠিত হ'ল মা দুৰ্গাৰ বিসৰ্জন অনুষ্ঠান । দেৱী বিসৰ্জনক লৈ ভক্তপ্ৰাণ ৰাইজৰ ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছিল ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াত ।

ইয়াৰ মাজতেই নাহৰকটীয়াত একাংশই গুৰুজনাক চৰম অপমান কৰাৰ অভিযোগ উত্থাপিত কৰিছে সচেতন মহলে । কিয়নো নাহৰকটীয়াৰ ৰাজপথত বিজয়া দশমীৰ দিনা দেখিবলৈ পোৱা গ’ল ব্যতিক্ৰমী পৰিৱেশ । মা দুৰ্গাক নদীত বিসৰ্জন দিবলৈ আগবঢ়াই নিলে গুৰুজনাৰ অমৰ সৃষ্টি গায়ন-বায়নেৰে । আনকি দেৱী বিসৰ্জনস্থলীত গায়ন বায়ন পৰিৱেশন কৰা পৰিলক্ষিত হয় । এই ঘটনাই ৰাজ্যজুৰি সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ।

নাহৰকটীয়াত গায়ন-বায়নে আগবঢ়াই নিয়া আৰু বিসৰ্জনৰ সময়ত গায়ন বায়ন পৰিৱেশন কৰা কাৰ্যক প্ৰতিক্ৰিয়া প্ৰকাশ কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন পদাধিকাৰ কমলাকান্ত গগৈয়ে । গগৈয়ে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সদায় এক নাম ধৰ্মত বিশ্বাস কৰিছিল বুলি কৈ লগতে মূৰ্তি পূজাৰ বিৰোধিতা কৰিছিল বুলি উল্লেখ কৰে । ইয়াৰোপৰি, শংকৰদেৱৰ আদৰ্শ “এক দেও এক সেও এক বিনে নাই কেও” বুলি কয় সংঘৰ প্ৰাক্তন পদাধিকাৰগৰাকীয়ে ৷

গুৰুজনাৰ এই সৃষ্টি ভৰিৰে মোহাৰি পেলোৱা বুলি সংঘৰ প্ৰাক্তন পদাধিকাৰগৰাকীয়ে সমালোচনা কৰে । লগতে, বিজয়া দশমীত দেৱী বিসৰ্জনৰ সময়ত হোৱা এই ঘটনাক তীব্ৰ ভাষাৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন পদাধিকাৰগৰাকীয়ে গৰিহণা দিয়াৰ লগতে এই কাৰ্যৰ দ্বাৰা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱক অপমান কৰা হৈছে বুলি কয় ।

লগতে পঢ়ক: PMAY scam: প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ নামত কেলেংকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.