ETV Bharat / state

PMAY scam: প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ নামত কেলেংকাৰী

author img

By ETV Bharat Assamese Team

Published : Oct 25, 2023, 2:00 PM IST

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ নামত ভয়ংকৰ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ । ৰঙিয়াৰ সমীপৰ গোৰেশ্বৰ পৰিষদীয় সমষ্টিত সংঘটিত হৈছে এই কেলেংকাৰীৰ ঘটনা ৷

pmay scam in Goreswar rangia
প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ নামত ভয়ংকৰ কেলেংকাৰী

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ নামত ভয়ংকৰ কেলেংকাৰী

ৰঙিয়া, 25 অক্টোবৰ: ৰঙিয়াৰ সমীপৰ গোৰেশ্বৰ পৰিষদীয় সমষ্টিত ভয়ংকৰ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ । প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ধন আত্মসাৎ কৰাৰ বাবে দুগৰাকীকৈ লোকক মৃত সজোৱাৰ অভিযোগ এজন যুৱকৰ বিৰুদ্ধে । UPPL ৰ খন্দিকৰ VCDC ৰ অধ্যক্ষ, খন্দিকৰ প্ৰাইমাৰীৰ সাধাৰণ সম্পাদক আৰু গোৰেশ্বৰ ব্লক কমিটিৰ সদস্যৰ বিৰুদ্ধে কাউৰবাহা আৰক্ষী চকীত গোচৰ ৰুজু কৰিছে ভুক্তভোগীয়ে ।

জানিব পৰা মতে, উষা ৰাণী ঘোষ আৰু তেওঁৰ স্বামী ৰাম চন্দ্ৰ ঘোষক মৃত সজাই ভয়ংকৰ জালিয়তি কৰাৰ অভিযোগ উত্থাপিত হৈছে ভাগিনীয়েক নকুল ঘোষৰ বিৰুদ্ধে । মৃত্যুৰ ভুৱা প্ৰমাণ পত্ৰ উলিয়াই নকল নথি-পত্ৰ বনাই প্ৰৱঞ্চনা কৰাৰ চেষ্টা চলাইছে বুলিও অভিযোগ উত্থাপিত হৈছে নকুল ঘোষৰ বিৰুদ্ধে । আনকি নিজকে তেওঁলোকৰ পুত্ৰ দেখুৱাই নকল প্ৰমাণ পত্ৰ বনাই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ ধন লাভ কৰিছে বুলিও ভুক্তভোগীয়ে অভিযোগ তোলে ।

ভুক্তভোগী পৰিয়ালটোৱে এই সন্দৰ্ভত অভিযোগ দাখিল কৰাৰ পিচতে ওৰহি গছৰ ওৰ পোহৰলৈ আহে । ভুক্তভোগীৰ অভিযোগ অনুসৰি এই ভয়ংকৰ কেলেংকাৰীত নাম সাঙোৰ খাইছে UPPL ৰ খন্দিকৰ VCDC ৰ অধ্যক্ষ মইদুল ইছলাম, খন্দিকৰ প্ৰাইমাৰীৰ সাধাৰণ সম্পাদক আব্দুল কৰিম আৰু গোৰেশ্বৰ ব্লক কমিটিৰ সদস্য শ্বাহজাহান আলীৰ নাম । পিছত তিনিওজনে নকুল ঘোষৰ পৰা সমস্ত টকা উভতাই আনি 32,500 টকা প্ৰকৃত হিতাধিকাৰীক প্ৰদান কৰে বুলি জানিব পৰা গৈছে । লগতে কম সময়ৰ ভিতৰতে সমস্ত টকা প্ৰদান কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে বুলিও ভুক্তভোগীয়ে জনায় । লগতে এই ঘটনাৰ বিষয়ে কাকো নজনাবলৈ অনুৰোধ জনায় ।

আনহাতে ৰঙিয়া সমষ্টিৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই জালিয়তিৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ ধন আত্মসাৎ কৰা লোককেইজনৰ ওপৰত ব্যৱস্থা লোৱাৰ বাবে দাবী জনাইছে । লগতে সভাপতিগৰাকীয়ে বিটিআৰত প্ৰমোদ বড়োৰ চৰকাৰ থকাৰ পিছত ভিচিডিচিৰ লোককেইজনৰ এনে দুৰ্নীতি কোনোপধ্যেই সহ্য কৰা নহ’ব বুলি কয় । দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল চৰকাৰখনে কাণ্ডটোৰ সৈতে জড়িত লোককেিজনৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব পৰৱৰ্তী সময়ত লক্ষণীয় বিষয় ৷

লগতে পঢ়ক: Tortoise recovered in Rangia : ৰঙিয়াত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ কাছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.