ETV Bharat / state

Bhogali Bihu 2023: বজাৰত হাঁহ, কোমোৰা কিনাত ব্যস্ত মন্ত্ৰী যোগেন মহন আৰু শিল্পী বিপিন চাউদাং

author img

By

Published : Jan 14, 2023, 12:41 PM IST

চাওঁতে চাওঁতে পাৰ হ’ল আকৌ এটা বছৰ ৷ পথাৰৰ সোণগুটি চপাই ৰাইজে উদযাপন কৰিবলৈ লৈছে ভোগৰ উৎসৱ ভোগালী (Bhogali Bihu 2023)৷ মাঘৰ উৰুকা বুলি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ মৰাণৰ মাছ বজাৰত ভিৰ কৰিছেহি বহু গ্ৰাহকে (Many people gather at Moran fish market)৷ মৰাণৰ মাছ বজাৰত উৰুকাৰ গ্ৰাহকৰ ৰূপত দেখা গ’ল পুৱাই মন্ত্ৰী যোগেন মহন আৰু জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাউদাঙক ৷

Bhogali Bihu 2023
গ্ৰাহকৰ ৰূপত যোগেন মহন আৰু বিপিন চাউদাং

গ্ৰাহকৰ ৰূপত যোগেন মহন আৰু বিপিন চাউদাং

মৰাণ, 14 জানুৱাৰী : আজি মাঘৰ উৰুকা (Today is Uruka of Bhogali Bihu)। মাহজোৰা প্ৰস্তুতিৰ অন্তত ৰাজ্যবাসীয়ে আজি পালন কৰিবলৈ সাজু হৈছে ভোগৰ উৎসৱ ভোগালীৰ উৰুকা । উৰুকাৰ পুৱাই নিজৰ পচন্দৰ মাছ বিচাৰি মৰাণৰ মাছ বজাৰত ভিৰ কৰিছেহি গ্ৰাহকে (Many people gather at Moran fish market) । চিতল, বৰালী, আৰি, ৰৌ, বাহু মাছ গ্ৰাহকৰ বাবে যুগুতাই ৰাখিছে মৰাণৰ মাছ ব্যৱসায়ীসকলে ।

মৰাণৰ বজাৰত চিতল মাছৰ কেজি 1000 টকা আৰু প্ৰতিকেজি আৰি মাছৰ দাম 1200 টকা হৈছে । তথাপিও উৰুকাৰ দিনা লগে ভাগে এসাঁজ খাবলৈ প্ৰিয় মাছ বিচাৰি পুৱাই বজাৰত বহু গ্ৰাহকে ভিৰ কৰা পৰিলক্ষিত হৈছে ৷ ইয়াৰ মাজতে ভোগালীৰ উৰুকাৰ দিনাই মৰাণৰ বজাৰত দেখা গ'ল মন্ত্ৰী যোগেন মহনক (Jogen Mohan at Moran fish market) । বজাৰত হাঁহ, কোমোৰা আৰু দৈৰ লগতে মাছৰ বজাৰত চিতল আৰু বৰালি মাছ কিনিলে মন্ত্ৰী যোগেন মহনে ।

উৰুকাৰ দিনা সমষ্টিৰ কেইবাটাও মেজি ঘৰলৈ গৈ ৰাইজে উৰুকা পালন কৰাৰ কথা ক’লে মন্ত্ৰীগৰাকীয়ে ।

আনহাতে, মন্ত্ৰীগৰাকীৰ সৈতে মৰাণৰ মাছৰ বজাৰত পুৱাই দেখা গ’ল জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাউদাঙকো (Singer Bipin Chawdang at Moran fish market)৷ পৰিয়ালক লগত লৈ মৰাণৰ মাছৰ বজাৰত চিতল মাছ কিনিলে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে । আনকি বিহুৰ পূৰ্বেই ৰাজ্যবাসীক বিহুৰ গানো উপহাৰ দিলে কণ্ঠশিল্পীগৰাকীয়ে ৷

ইফালে এইবাৰ ভিন্ন ৰূপৰ মেজি আৰু ভেলাঘৰ নিৰ্মাণ কৰি উৰুকাৰ ব্যাপক প্ৰস্তুতি চলাইছে ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্তৰ ৰাইজে । ঐতিহ্যমণ্ডিত অসমীয়া সংস্কৃতিক নিভাঁজ ৰূপত প্ৰতিষ্ঠা কৰাত অৰিহণা যোগোৱাৰ লগতে বৰ্তমান সমাজৰ সংকীৰ্ণ চেতনাৰ বিকাশ ঘটাই ঐক্য আৰু শান্তিৰ বাঘজৰীডাল পূৰঠ কৰাৰ মানসেৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে ডিব্ৰুগড়ৰ ৰাইজেও জিলাখনৰ বিভিন্ন প্ৰান্তত একত্ৰিত হৈ আয়োজন কৰিছে এই ভোগালী উৎসৱৰ ।

য'ত ভোগালীৰ স্বকীয় পৰম্পৰাৰ ওপৰিও চহা জীৱনৰ সৈতে সংপৃক্ত বিভিন্ন সা-সঁজুলি, জাতি-জনগোষ্ঠীয় খাদ্য সম্ভাৰ, বৰ্ণিল অসমীয়া পৰম্পৰা, লোকাচাৰ আদি প্ৰতিফলিত হৈছে । ডিব্ৰুগড় জিলাৰ কৰবাত যদি ৰাইজে দিল্লীৰ ঐতিহাসিক লালকিল্লাৰ আৰ্হিত নিৰ্মাণ কৰিছে ভেলাঘৰ ৷

আন ক’ৰবাত অসমীয়া জাতিৰ স্বাভিমান ৰংঘৰক মূল আৰ্হি হিচাপে লৈ নিৰ্মাণ কৰি উলিয়াইছে 30 ফুট উচ্চতাৰ আৰু 40 ফুট দীঘল ভেলাঘৰৰ লগতে টাইটানিক আকাৰৰ ভেলাঘৰ আৰু সু-উচ্চ মেজি নিৰ্মাণ কৰি উলিয়াইছে ডিব্ৰুগড়ৰৰ ৰাইজে ৷

লগতে পঢ়ক : Uruka of Bhogali Bihu : তৰাজান মাছ বজাৰত উপলব্ধ ২০ ৰ পৰা ২৫ কেজি ওজনৰ মাছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.