ETV Bharat / state

Moran Police Station: ৰহস্যজনকভাৱে দুদিনৰ মূৰত এজাহাৰ দাখিল আৰক্ষী পত্নীৰ

author img

By

Published : Oct 10, 2022, 3:52 PM IST

অৱশেষত মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ পত্নীয়ে দাখিল কৰিলে এজাহাৰ ৷ আৰক্ষী পত্নীৰ এজাহাৰ লাভৰ পাছতে আৰম্ভ হৈছে তদন্ত প্ৰক্ৰিয়া ৷ আৰক্ষী পত্নীগৰাকীক উদ্দেশ্যি কোনো লোকে অশ্লীল মন্তব্য় কৰাৰ অভিযোগত OC বিজয় দৈমাৰীয়ে প্ৰহাৰ কৰিছিল 11 জনকৈ লোকক (Allegation against Moran OC)৷

Allegation against Moran OC
ৰহস্যজনকভাৱে দুদিনৰ মূৰত এজাহাৰ দাখিল আৰক্ষী পত্নীৰ

ডিব্ৰুগড়, 9 অক্টোবৰ: মৰাণ থানাৰ আৰক্ষী বিষয়াই 11 জনকৈ যুৱকক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰা ঘটনাৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷ সংগ্ৰহ কৰা হৈছে চিচিটিভি কেমৰাৰ ফুটেজ ৷ উচিত তদন্তলৈ আশাৰে বাট চাইছে প্ৰহৃত যুৱকে ৷

উল্লেখ্য যে, শুকুৰবাৰে নিশা মৰাণৰ পেচিফিক ধাবাত নৈশ আহাৰ গ্ৰহণ কৰি থকা অৱস্থাতে মৰাণ আৰক্ষী থানাৰ(Moran Police Station) ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজয় দৈমাৰীৰ পত্নীক এটা যুৱকৰ দলে অশালীন ব্যৱহাৰৰ অভিযোগ উত্থাপিত হৈছিল ৷ ইয়াৰ পাছতে আৰক্ষী বিষয়াগৰাকীয়ে কোনোধৰণৰ প্ৰাথমিক তদন্ত নকৰাকৈ ধাবাখনত ভাত খাই থকা 11 জনকৈ যুৱকক নিৰ্মমভাৱে প্ৰহাৰ কৰে (Brutally beaten by Moran OC) ৷ ইয়াৰোপৰি যুৱককেইজক থানালৈ নিও প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে ৷

আৰক্ষী বিষয়াগৰাকীৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হ’ল কেইবাজনো যুৱক ৷ পত্নীক উদ্দেশ্যি কোনো যুৱকে অশালীন মন্তব্য দিয়া বুলি অভিযোগ তুলি এইদৰে যুৱককেইজনক প্ৰহাৰৰ পাছতে চাঞ্চল্যৰ সৃষ্টি হয় সমগ্ৰ অঞ্চলটোত ৷ প্ৰমাণ অবিহনে যুৱককেইজনক অভিযুক্ত সজাই প্ৰহাৰ কৰা ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভিন্নজনে ৷ বিষয়টোৱে চৌদিশে চৰ্চা লাভ কৰা পাছতে শেহতীয়াকৈ আৰক্ষী বিষয়াগৰাকীৰ পত্নীয়ে মৰাণহাট আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ (FIR by wife of Moran OC)৷

ৰহস্যজনকভাৱে দুদিনৰ মূৰত এজাহাৰ দাখিল আৰক্ষী পত্নীৰ

আৰক্ষী বিষয়া বিজয় দৈমাৰীৰ পত্নীৰ এজাহাৰৰ পাছতে তদন্ত আৰম্ভ কৰিছে মৰাণহাট আৰক্ষীয়ে । দেওবাৰে মৰাণহাট আৰক্ষীৰ এটা দলে পেচিফিক ধাবাৰ পৰা চি চি টিভি ফুটেজ সংগ্ৰহ কৰে । উল্লেখ্য যে, মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজয় দৈমাৰীয়ে(Moran OC Bijoy Daimari) শুকুৰবাৰে নিশাই পত্নীক অশালীন ব্যৱহাৰ কৰা বুলি যুৱককেইজনক আটক কৰি মাৰধৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল । ইয়াৰোপৰি বিজয় দৈমাৰীয়ে সুৰাপান কৰি বিনা কাৰণত মাৰধৰ কৰা বুলি অভিযোগ কৰি শনিবাৰে এজাহাৰ দাখিল কৰে মৰাণহাট আৰক্ষী থানাত ।

আনহাতে ঘটনা সংঘটিত হোৱাৰ দুটা দিনৰ পাছতে আৰক্ষী বিষয়াগৰাকীৰ পত্নীয়ে এজাহাৰ দাখিল কৰাৰ বিষয়টোৱে ৰহস্যৰ সৃষ্টি কৰিছে ৷ আৰক্ষীৰ তদন্তত প্ৰক্ৰিয়াৰ অন্ত পৰিলেহে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত ৰহস্য ৷

লগতে পঢ়ক: পত্নীক অশালীন ব্যৱহাৰৰ অভিযোগ তুলি যুৱকক গুৰুলা-গুৰুলকৈ প্ৰহাৰ মৰাণৰ আৰক্ষী বিষয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.