ETV Bharat / state

Covid Positive in AMCH : প্ৰধানমন্ত্ৰীৰ জনসভাৰ প্ৰাকক্ষণত ডিব্ৰুগড়ত চিনাক্ত কৰ’ণা ৰোগী

author img

By

Published : Apr 27, 2022, 1:17 PM IST

Covid Positive cases Increase in AMCH
প্ৰধানমন্ত্ৰীৰ জনসভাৰ প্ৰাকক্ষণত ডিব্ৰুগড়ত চিনাক্ত কৰ’ণা ৰোগী

শংকিত ডিব্ৰুগড়বাসী ৷ দীৰ্ঘ বিৰতিৰ মূৰত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত চিনাক্ত হৈছে ক'ভিড-19 ত আক্ৰান্ত ৰোগী (Covid Positive cases Increase in AMCH ) ৷

মৰাণ, 27 এপ্ৰিল : 28 এপ্ৰিল অৰ্থাৎ কালিলৈ ডিব্ৰুগড়ৰ এক বিশাল জনসভাত অংশগ্ৰহণ কৰিব দেশৰ প্ৰধানমন্ত্ৰীৰ নৰেন্দ্ৰ মোডীয়ে (PM Modi to visit Assam on April 28) । এই সভালৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ পৰা কেইবা লক্ষাধিক মানুহৰ সমাগম হ’ব ৷ যাৰ বাবে যাৱতীয় ব্যৱস্থা সম্পূৰ্ণ কৰিছে ৰাজ্য চৰকাৰে (Preparing for PM meeting in Dibrugarh)।

কিন্তু তেনে সময়তেই আহিছে এক উদ্বেগজনক খবৰ । প্ৰধানমন্ত্ৰীৰ জনসভাৰ প্ৰাকক্ষণত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিনাক্ত হৈছে ক'ভিড 19 ত আক্ৰান্ত ৰোগী (Covid Positive cases Increase in AMCH) । দীৰ্ঘদিনৰ পিছত ডিব্ৰুগড়ত পুনৰ এজন লোকৰ দেহত ক'ভিড-19 ৰ উপস্থিতি ধৰা পৰিছে । অসম চিকিৎসা মহাবিদ্যালয়ত সোমবাৰে চিনাক্ত কৰা হৈছে ক'ভিড-19 ত আক্ৰান্ত হোৱা ৰোগীজনক ।

  • #COVID19DIB.
    After a long gap one COVID 19 +VE has been detected at AMCH DIB. Recently visited Delhi. Investigation started to find out the varient.

    — Dr Gogoi (@DrGogoi2) April 26, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

স্বাভাৱিকতে এই বাতৰিয়ে এতিয়া কিছু শংকাৰ সৃষ্টি কৰিছে ডিব্ৰুগড়বাসীৰ মনত ৷ শেহতীয়াকৈ দিল্লীৰ পৰা আহিছিল ক’ভিডত আক্ৰান্ত লোকজন ।

ক'ভিড-19 ত আক্ৰান্ত ৰোগীজন কোনটো ভেৰিয়েণ্টৰ দ্বাৰা সংক্ৰমিত হৈছে, সেই সন্দৰ্ভত এতিয়াও জানিব পৰা হোৱা নাই কোনো কথা । অৱশ্যে চিকিৎসকসকলে এই সন্দৰ্ভত যাৱতীয় সকলো পৰীক্ষা আৰম্ভ কৰিছে ৷ ডিব্ৰুগড় জিলাৰ স্বাস্থ্য বিভাগৰ নডেল বিষয়া ডাঃ নৱজ্যোতি গগৈয়ে টুইটযোগে সদৰি কৰিছে এই কথা ৷

লগতে পঢ়ক : PM Modi's Assam visit : ডিব্ৰুগড় চহৰে পাইছে প্ৰাণ ; গুৱা-পাণেৰে নিমন্ত্ৰণ ৰাইজক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.