ETV Bharat / state

DU Ragging Incident Update: দীৰ্ঘদিনীয়া চিকিৎসাৰ অন্তত ঘৰলৈ উভতিল ৰেগিংকাণ্ডৰ ভুক্তভোগী আনন্দ শৰ্মা

author img

By

Published : Feb 18, 2023, 6:18 PM IST

Updated : Feb 19, 2023, 11:04 AM IST

DU Ragging Incident Update
দীৰ্ঘদিনীয়া চিকিৎসাৰ অন্তত ঘৰলৈ উভতিল ৰেগিংকাণ্ডৰ ভুক্তভোগী আনন্দ শৰ্মা

দীৰ্ঘদিনীয়া চিকিৎসাৰ অন্তত ঘৰলৈ উভতিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিংকাণ্ডৰ ভুক্তভোগী আনন্দ শৰ্মা (DU Ragging Incident) ৷ বিগত 83 দিনে চিকিৎসাধীন হৈ আছিল আনন্দ শৰ্মা ৷ ইফালে, মাত্ৰ 4 দিন পূৰ্বে মুকলি আকাশৰ তললৈ আহিল ঘটনাৰ মূল অভিযুক্ত ৰাহুল ছেত্ৰী ৷

দীৰ্ঘদিনীয়া চিকিৎসাৰ অন্তত ঘৰলৈ উভতিল ৰেগিংকাণ্ডৰ ভুক্তভোগী আনন্দ শৰ্মা

ডিব্ৰুগড়, 18 ফেব্ৰুৱাৰী: ৰাজ্য কঁপোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ ভুক্তভোগী আনন্দ শৰ্মা সুস্থ হৈ উঠিল ৷ সুদীৰ্ঘ সময়ৰ চিকিৎসাৰ অন্তত শনিবাৰে নিজ বাসগৃহলৈ উভতিল আনন্দ শৰ্মা ৷ ছাত্ৰাবাসত ৰেগিঙৰ নামত চলোৱা নিৰ্যাতনত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল আনন্দ শৰ্মা(DU Anand Sharma) ৷

উল্লেখ্য যে, 2022 বৰ্ষৰ 27 নৱেম্বৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাবাসত সংঘটিত হোৱা ভয়ংকৰ ৰেগিংকাণ্ডৰ বলি হৈ আনন্দ শৰ্মাই চিকিৎসাধীন হ’ব লগা হৈছিল ৷ সম্পূৰ্ণ 83 দিনৰ অন্তত ঘৰলৈ উভতিল আনন্দ শৰ্মা ৷ ইফালে, মুকলি আকাশৰ তললৈয়ো আহিল সমগ্ৰ ঘটনাৰ মূল অভিযুক্ত ৰাহুল ছেত্ৰী (DU Ragging case prime accused Rahul Chetry) ৷

দীৰ্ঘদিনীয়া চিকিৎসাৰ অন্তত চিকিৎসালয়ৰ পৰা নিৰাপত্তা বেষ্টনিৰ মাজেৰে ঘৰলৈ লৈ যোৱা হ’ল আনন্দ শৰ্মাক ৷ ঘৰলৈ যোৱাৰ প্ৰাকমূহুৰ্তত আনন্দ শৰ্মাই ক’লে, ‘‘মোৰ লগত হোৱা ঘটনা যাতে আন কোনো শিক্ষাৰ্থীৰ জীৱনত পুনৰাবৃত্তি নহয় ৷ ইয়াৰ বাবে সচেতন হওক ৷ ’’ সমগ্ৰ ঘটনাৰ বাবে উচিত পদক্ষেপ গ্ৰহণ কৰা বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাকো ধন্যবাদ জ্ঞাপন কৰিলে আনন্দ শৰ্মাই ৷ উল্লেখ্য যে, প্ৰথম অৱস্থাত ডিব্ৰুগড়ৰ আদিত্য নাৰ্চি হোমত চিকিৎসাধীন হৈ আছিল আনন্দ শৰ্মা ৷ কিন্তু পৰৱৰ্তী পৰ্যায়ত ডিব্ৰুগড়ৰ মাৰোৱাৰী হাস্পতাললৈ লৈ অনা হয় আনন্দ শৰ্মাক (DU Anand Sharma discragged) ৷

চিকিৎসালয়ৰ পৰা উভতনিৰ পৰত সংবাদমাধ্যমৰ ভূমিকাকো ধন্যবাদ জ্ঞাপন কৰিলে আনন্দ শৰ্মাই ৷ আনহাতে, আনন্দ শৰ্মাৰ সকলো চিকিৎসাব্যয় বহন কৰিছিল ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ৷ এই ৰেগিঙৰ ঘটনাৰ বাবে মুঠ 7 গৰাকী ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰত গ্ৰেপ্তাৰ কৰা হৈছিল ৷ ইফালে, ৰেগিং সংঘটিত কৰি আত্মগোপন কৰি আছিল ঘটনাৰ মূল অভিযুক্ত ৰাহুল ছেত্ৰী ৷ ৰাজ্যজুৰি ৰাহুল ছেত্ৰীক গ্ৰেপ্তাৰৰ বাবে উত্থাপন হৈছিল দাবী (DU Rahul Chetry granted bail) ৷

অৱশেষত কিছুদিনৰ পাচত নিজেই আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে ঘটনাৰ মূল অভিযোগ ৰাহুল ছেত্ৰীয়ে ৷ বিগত বৰ্ষৰ 5 ডিচেম্বৰত আত্মসমৰ্পণ কৰিছিল ৰাহুলে ৷ আটাকেইজন ছাত্ৰকে মাৰাথন জেৰা চলাই দোষী সাব্যস্ত হোৱাৰ পাচতে আৰক্ষীয়ে প্ৰেৰণ কৰে জে’ললৈ (Dibrugarh University Ragging) ৷ কিন্তু লক্ষণীয়ভাৱে, মাত্ৰ 4 দিন পূৰ্বেই মুকলি আকাশৰ তললৈ ওলাই আহিল ৰাহুল ছেত্ৰী ৷ জে বি আইন মহাবিদ্যালয়ত শেহতীয়াকৈ নামভৰ্তি কৰিছিল ৰাহুল ছেত্ৰীয়ে ৷

লগতে পঢ়ক: Moran Blind School: বিদেশী পৰ্যটকক লগত গৈ মৰাণৰ অন্ধ বিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন অভিনেতা

Last Updated :Feb 19, 2023, 11:04 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.