ETV Bharat / state

Moran Blind School: বিদেশী পৰ্যটকক লগত গৈ মৰাণৰ অন্ধ বিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন অভিনেতা

author img

By

Published : Feb 18, 2023, 1:40 PM IST

বিদেশী পৰ্যটকক লগত লৈ মৰাণৰ জনমংগল আদৰ্শ অন্ধ বিদ্যালয়ত উপস্থিত হ'ল আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন অভিনেতা ভিক্টৰ বেনাৰ্জী (Victor Banerjee is in Moran Blind School) ৷ মৰাণৰ জনমংগল আদৰ্শ অন্ধ বিদ্যালয়খন পৰিচালনাৰ দায়িত্বত আছে অভিনেতাগৰাকী ৷

Victor Banerjee is in Moran Blind School
মৰাণৰ অন্ধ বিদ্যালয়ত অভিনেতা ভিক্টৰ বেনাৰ্জী

মৰাণৰ অন্ধ বিদ্যালয়ত অভিনেতা ভিক্টৰ বেনাৰ্জী

মৰাণ, 18 ফেব্ৰুৱাৰী : উজনি অসমৰ এখন আগশাৰীৰ অন্ধ বিদ্যালয় হৈছে মৰাণৰ জনমংগল আদৰ্শ অন্ধ বিদ্যালয় । 1971 চনতে প্ৰতিষ্ঠা লাভ কৰা বিদ্যালয়খন পৰিচালনা কৰি আহিছে আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন অভিনেতা ভিক্টৰ বেনাৰ্জীয়ে ( Victor Banerjee is in Moran ) । শুকুৰবাৰে দুই শৈশৱৰ বান্ধৱী তথা পৰ্যটকক লগত লৈ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেতা ভিক্টৰ বেনাৰ্জীয়ে অন্ধ বিদ্যালয়খন পৰিদৰ্শন কৰে । ইংলেণ্ড আৰু অন্ধ্ৰপ্ৰদেশৰ পৰ্যটক দুগৰাকীৰ আৰু অভিনেতা ভিক্টৰ বেনাৰ্জীয়ে অন্ধ বিদ্যালয়খনৰ ছাত্ৰ- ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে ছাত্ৰ- ছাত্ৰী সকলে পৰিৱেশন কৰা গীত উপভোগ কৰে (Victor Banerjee is in Moran Blind School) ।

অভিনেতা ভিক্টৰ বেনাৰ্জীৰ সৈতে ইংলেণ্ড আৰু অন্ধ্ৰ প্ৰদেশৰ পৰা অহা পৰ্যটক দুগৰাকী হ’ল তানি দাস আৰু থেচা থবলি ৷ অন্ধ বিদ্যালয়খনত উপস্থিত হৈ ভিক্টৰ বেনাৰ্জীয়ে সংবাদ মাধ্যমৰ আগত কয় যে তেওঁৰ দুই শৈশৱৰ বান্ধৱীয়ে অসমত উপস্থিত হৈ অন্ধ বিদ্যালয়খন পৰিদৰ্শন কৰাৰ বাবে ইচ্ছা প্ৰকাশ কৰে, সেয়ে তেওঁলোকক লৈ অহা হৈছে ডিব্ৰুগড় জিলাৰ মৰাণলৈ ৷ লগতে তেওঁ কয় যে, মৰাণৰ এই অন্ধ বিদ্যালয়খনত অধ্যয়ণ কৰিব পৰাকৈ আৰু ২৫ খন আসন খালী হৈ আছে ।

ইচ্ছুক ছাত্ৰ- ছাত্ৰীসকলক বিদ্যালয়খনত অধ্যয়নৰ সুবিধা ল'বলৈ ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকলক আহ্বান জনায় অভিনেতা ভিক্টৰ বেনাৰ্জীয়ে । মৰাণৰ এই বিদ্যালয়ত অধ্যয়ন কৰা পূৰ্বৰ ছাত্ৰ- ছাত্ৰীয়ে কটন বিশ্ববিদ্যালয়ৰ দৰে শিক্ষানুষ্ঠানৰ লগতে ৰাজ্যৰ বাহিৰৰ নাম থকা শিক্ষানুষ্ঠানতো অধ্যয়ন কৰিবলৈ সক্ষম হোৱা বুলি ভিক্টৰ বেনাৰ্জীয়ে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে । উল্লেখযোগ্য যে 1971 চনত মৰাণৰ ডোমৰদলং (ৰাইদঙীয়া) গাঁৱত কেৱল দুগৰাকী দৃষ্টিহীন শিক্ষাৰ্থীৰে আৰম্ভ কৰা বিদ্যালয়খন পৰৱৰ্তী সময়ত ফটিকাছোৱালৈ স্থানান্তৰিত কৰা হয় ৷

সম্প্ৰতি প্ৰায় 4 কুৰি শিক্ষাৰ্থী আৰু শিক্ষকেৰে পূৰ্ণ পৰ্যায়ৰ শিক্ষানুষ্ঠানলৈ পৰিণত হৈছে বিদ্যালয়খন । ঔফুলীয়া চাহ বাগিচাৰ পৰিচালক মেজৰ এছ.এন বেনাৰ্জী, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ, বৃহৎ চাহ কোম্পানী উইলিয়ামছন মেগৰ, মৰাণ টী কোম্পানী এণ্ড য়ুল গ্ৰুপ আদিৰ ওপৰিও অইল ইণ্ডিয়া লিমিটেড, তেল আৰু প্ৰাকৃতিক গেছ নিগম আদিৰ পৃষ্ঠপোষকতা লাভ কৰি আজিৰ পৰ্যায় লাভ কৰিছে বিদ্যালয়খনে ৷ মেজৰ এছ.এন বেনাৰ্জীৰ মৃত্যুৰ পাছত তেওঁৰ পুত্ৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন অভিনেতা ভিক্টৰ বেনাৰ্জীৰ পৰিচালনাত সম্প্ৰতি মৰাণৰ এই জনমংগল আদৰ্শ অন্ধ বিদ্যালয় ৰাজ্যখনৰ ভিতৰতে এখন পূৰ্ণ পৰ্যায়ৰ দৃষ্টিহীন বিদ্যালয় ৰূপে পৰিগণিত হৈছে ৷

লগতে পঢ়ক : Shivaratri 2023: শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলৰ বাকৰিত ভক্তৰ সমাগম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.