ETV Bharat / state

Fraud Doctor arrested: ডিব্ৰুগড়ৰ চাউলখোৱাত মুন্নাভাইৰূপী চিকিৎসকক গ্ৰেপ্তাৰ

author img

By

Published : Jul 14, 2022, 6:42 PM IST

ডিব্ৰুগড়ৰ চাউলখোৱাত ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ ৷ মুন্নাভাইৰূপী চিকিৎসকজনে চাউলখোৱাত চেম্বাৰ খুলি ৰোগীক কৰিছিল চিকিৎসা ৷ ৰাইজৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ ভুৱা চিকিৎসকগৰাকী(Fraud Doctor arrested in Dibrugarh) ৷

fraud-doctor-arrested-in-dibrugarh
ডিব্ৰুগড়ৰ চাউলখোৱাত মুন্নাভাইৰূপী ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ

মৰাণ, 14 জুলাই : ডিব্ৰুগড় চহৰৰ উপকণ্ঠ চাউলখোৱাত এজন ভুৱা চিকিৎসকক অৱশেষত গ্ৰেপ্তাৰ কৰে ডিব্ৰুগড় আৰক্ষীয়ে । চফিকুল হ’ক নামৰ এই ভুৱা চিকিৎসকজনৰ বিৰুদ্ধে এগৰাকী চৰকাৰী গাঁওবুঢ়াকে ধৰি প্ৰায় চাৰিজন লোকে পৃথকে পৃথকে ডিব্ৰুগড় সদৰ থানা আৰু গাভৰুপথাৰ আৰক্ষী চকীত দাখিল কৰিছিল এজাহাৰ ৷ উল্লেখ্য যে প্ৰায় ছমাহৰ পূৰ্বে মুন্নাভাইৰূপী এই চিকিৎসকজনে চাউলখোৱাত চেম্বাৰ খুলি ৰোগী চোৱা কাম আৰম্ভ কৰিছিল(Fraud Doctor arrested in Dibrugarh) ।

ডিব্ৰুগড়ৰ চাউলখোৱাত মুন্নাভাইৰূপী ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ

নিজকে চিকিৎসক হিচাপে পৰিচয় দিয়া চফিকুল হ’ক নামৰ ভুৱা চিকিৎসকগৰাকীয়ে উক্ত চেম্বাৰত আৰম্ভ কৰে ৰোগী চোৱাৰ প্ৰক্ৰিয়া ৷ প্ৰাথমিক অৱস্থাত স্থানীয় লোকে উক্ত চেম্বাৰটোত ৰোগীক পৰীক্ষা নিৰীক্ষা কৰা লোকজনক চিকিৎসক বুলিয়েই গণ্য কৰিছিল ৷ কিন্তু এগৰাকী স্থানীয় গৰ্ভৱতী মহিলাই স্বাস্থ্য পৰীক্ষা কৰিবলৈ যাওঁতে উক্ত লোকজন যে প্ৰকৃততে চিকিৎসক নহয়, এজন ভুৱা চিকিৎসকহে সেই কথা পোহৰলৈ আহে ৷

অৱশ্যে পৰৱৰ্তী সময়ত গৰ্ভৱতী মহিলাগৰাকীয়ে উক্ত ভুৱা চিকিৎসকগৰাকীৰ সন্দৰ্ভত সন্দেহ ওপজাত ডিব্ৰুগড়ৰ এগৰাকী স্ত্ৰীৰোগ বিশেষজ্ঞৰ কাষ চাপে ৷ উক্ত বিশেষজ্ঞগৰাকীয়ে মহিলাগৰাকীৰ পূৰ্বৰ চিকিৎসকজনে দিয়া প্ৰেক্ৰিপশ্যনখন প্ৰত্যক্ষ কৰি চকু কপালত উঠে আৰু শীঘ্ৰে উক্ত ব্যক্তিজনে দিয়া কোনো ঔষধ নাখাবৰ বাবে পৰামৰ্শ দিয়ে ৷ এই সমগ্ৰ বিষয়টো অঞ্চলটোত বিয়পি পৰাত স্থানীয় গাঁওবুঢ়া ৰুবুল আলীকে ধৰি সচেতন ব্যক্তিসকলে চিকিৎসকজনক জেৰা আৰম্ভ কৰে আৰু আৰক্ষীক খবৰ দিয়ে ৷

fraud-doctor-arrested-in-dibrugarh
ডিব্ৰুগড়ৰ চাউলখোৱাত মুন্নাভাইৰূপী ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ

আৰক্ষীয়ে আহি চিকিৎসকজনক আটক কৰাৰ লগতে তেওঁৰ নথি-পত্ৰসমূহ জব্দ কৰে যদিও কোনো ৰহস্যজনক কাৰণত উক্ত ব্যক্তিজনক গ্ৰেপ্তাৰ নকৰিলে ৷ পৰৱৰ্তী সময়ত চৰকাৰী গাঁওবুঢ়া তথা আমছু নেতৃবৃন্দৰ বিৰুদ্ধে ধন দাবী কৰা বুলিহে প্ৰতি অভিযোগ উত্থাপন কৰিছিল ৷ পাছত চৰকাৰী গাঁওবুঢ়া ৰুবুল আলী ভুক্তভোগী মহিলাগৰাকীৰ স্বামী বাইদুল হ’ক, স্থানীয় ফাৰ্মাচিষ্ট মুকুট দত্ত, আমছুৰ চাউলখোৱা অঞ্চলিকৰ সাধাৰণ সম্পাদক মৃদুল আলীয়ে পৃথকে পৃথকে সদৰ থানা আৰু স্থানীয় গাভৰুপথাৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল ৷ উক্ত এজাহাৰৰ ভিত্তিতে ভূৱা চিকিৎসকজনক ডিব্ৰুগড় আৰক্ষীয়ে আজি পুৱা ভাগত গ্ৰেপ্তাৰ কৰে ।

নিজকে MBBS (GU) GMCH, Registration No 01566 বুলি পৰিচয় দি চাউলখোৱাত সংখ্যালঘূ বসতিপূৰ্ণ অঞ্চলটোৰ সহজ সৰল ৰাইজক চিকিৎসাৰ নামত লাখ লাখ টকা আদায় কৰি আহিছিল । কি চিকিৎসা নকৰে এই গৰাকী চিকিৎসকে । প্ৰসূতি আৰু স্ত্ৰী, মানসিক, চৰ্ম, ডায়েবেটিছ, শিশু, মৃগী, হাঁপানীৰ পৰা আৰম্ভ কৰি নিউৰ' ৰোগলৈকে ।

Assam Council of Medical Council য়ে Safikul Haque MBBS (GU) GMCH, Registration No 01566 ৰ বিপৰীতে কোনো চিকিৎসক নাই বুলি কোৱাত বাহিৰ হৈছে ভুৱা চিকিৎসকজনৰ প্ৰকৃত স্বৰূপ । আৰক্ষীৰ আগতো লোকজনে MBBS ডিগ্ৰীৰ কোনো প্ৰমাণপত্ৰ এতিয়ালৈকে প্ৰদৰ্শন কৰিব পৰা নাই । তেওঁ Alternative Medicineৰ ডিগ্ৰী সম্বলিত এখন প্ৰমাণ পত্ৰ প্ৰদৰ্শন কৰিছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : Health Minister review meeting: জাপানীজ এনকেফেলাইটিজ-মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱক লৈ উদ্বিগ্ন স্বাস্থ্য বিভাগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.