ETV Bharat / state

বহু পুৰস্কাৰেৰে পুৰস্কৃত এজন জনপ্ৰিয় চিকিৎসক চাবুৱা থানাৰ ল‘কআপত !

author img

By

Published : Jun 4, 2021, 8:16 AM IST

চিকিৎসকৰ ভুৱা চাৰ্টিফিকেট উলিয়াই যোৱা 7 বছৰে চিকিৎসা সেৱা আগবঢ়াই আহিছিল এইগৰাকী মেট্ৰিক ফেইল ভুৱা চিকিৎসকে ৷ অৱশেষত আৰক্ষীৰ জালত পৰিছে এই ভুৱা চিকিৎসক ৷

fraud-doctor-arrested-at-dibrugarh
বহু পুৰস্কাৰেৰে পুৰস্কৃত এজন জনপ্ৰিয় চিকিৎসক চাবুৱা থানাৰ ল‘কআপত !

ডিব্ৰুগড়,4 জুন: ডিব্ৰুগড় জিলাৰ মোকলবাৰী চাহ বাগিচা আৰু তিনিচুকীয়াৰ চহৰৰ লুকচ(looks) হাস্পতালত দীৰ্ঘদিন ধৰি চিকিৎসা সেৱা আগবঢ়াই থকা এজন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰিছে চাবুৱা আৰক্ষীয়ে ৷ আৰক্ষীয়ে জনোৱা অনুসৰি মেট্ৰিক ফেইল এইজন ভুৱা চিকিৎসকে ডাঃ ষ্টিফেন এণ্টনিৰ নামত চিকিৎসা বিষয়া হিচাপে সেৱা আগবঢ়াই আহিছে ৷ ভুৱা চিকিৎসকজনৰ প্ৰকৃত নাম চাইমন নাগ ৷ বৰ্তমান ছিংগাপুৰত কাম কৰি থকা ডাঃ ষ্টিফেন এণ্টনি নামৰ এজন কৰ্ণাটকস্থিত চিকিৎসকৰ পৰিচয় চুৰি কৰি চিকিৎসক হিচাপে পৰিচয় দি আহিছে ভুৱা চিকিৎসকগৰাকীয়ে ৷

অৱশেষত গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত চাবুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তুলুমনি দুৱৰাৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে অভিযান চলাই গ্ৰেপ্তাৰ কৰে ভুৱা চিকিৎসকজনক ৷ প্ৰথমে নিজকে এম বি বি এছ ডাক্তৰ বুলি দম্ভালি মাৰিছিল যদিও অৱশেষত নিজ মুখেৰেই সকলো কথা স্বীকাৰ কৰিছে ভুৱা চিকিৎসক ডাঃ ষ্টিফেন এণ্টনি ওৰফে চাইমন নাগে ৷

বহু পুৰস্কাৰেৰে পুৰস্কৃত এজন জনপ্ৰিয় চিকিৎসক চাবুৱা থানাৰ ল‘কআপত !

উল্লেখ্য যে,এন্টনিয়ে 2003 চনত ডিব্ৰুগড়ৰ বিন্ধাকটা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা দশম শ্ৰেণীৰ পৰীক্ষাত সামগ্ৰিকভাৱে মাত্ৰ 137 নম্বৰ লাভ কৰিছিল ৷ 2009 চনৰ পৰা তেঁও চিকিৎসক হিচাপে সেৱা আগবঢ়াই আহিছে আৰু 2018 চনত মোকালবাৰী চাহ বাগিচাত যোগদান কৰাৰ আগতে কেইবাখনো চাহ বাগিচাত সেৱা আগবঢ়াইছিল । আৰক্ষীয়ে জনোৱা অনুসৰি, ভুৱা চিকিৎসকজনে চিকিৎসা সম্পৰ্কীয় বিভিন্ন আলোচনাচক্ৰত উপস্থিত আছিল আৰু আনকি বহুতো পুৰস্কাৰো লাভ কৰিছিল ৷ ৰোগীসকলৰ মাজতো যথেষ্ট জনপ্ৰিয় আছিল ডাঃ ষ্টিফেন এণ্টনি ওৰফে চাইমন নাগ ৷ বৰ্তমান আৰক্ষীয়ে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে এই গৰাকী ভুৱা চিকিৎসকক ৷

লগতে পঢ়কঃ চাৰি সৰবৰাহকাৰীসহ দৰঙত 10 কেজি গাঞ্জা জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.