ETV Bharat / state

দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত বনকৰ্মী আৰু চোৰাং চিকাৰীৰ মাজত গুলীয়াগুলি

author img

By

Published : May 18, 2022, 1:38 PM IST

দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত উত্তেজনা । উদ্যানখনৰ বাসৱ নলাৰ সমীপত নিশা চোৰাং চিকাৰী আৰু বনকৰ্মীৰ মাজত গুলীয়াগুলি (Firing between forest guard and poachers)। কাঠ ফলা মেছিনৰ লগতে বিভিন্ন সঁজুলি উদ্ধাৰ । আন্ধাৰৰ সুযোগ লৈ চোৰাং চিকাৰীৰ পলায়ন ।

Dihing Patkai National Park
দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত উত্তেজনা

মৰাণ,১৮ মে' : ৰাজ্যত চোৰাং চিকাৰীৰ কাৰ্যকলাপ অব্যাহত আছে (Activities of poachers in Assam)। বন ধ্বংস কৰাৰ লগতে একাংশ দুষ্টচক্ৰই হত্যা কৰিছে বনাঞ্চলৰ আপুৰুগীয়া জন্তু । বনাঞ্চলসমূহৰ গছ-গছনি কাটি তহিলং কৰিছে একাংশ দুষ্টচক্ৰই । যাৰ বাবে বিভিন্ন সময়ত ৰাজ্যৰ বন বিভাগে বনদস্যুৰ বিৰুদ্ধে অভিযান চলোৱাও দেখা গৈছে ।

তেনে এক অভিযানৰ মাজতে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত প্ৰচণ্ড গুলীয়াগুলি (Firing between forest guard and poachers)। চোৰাং চিকাৰী আৰু বনকৰ্মীৰ মাজত মঙলবাৰে নিশা প্ৰচণ্ড সংঘৰ্ষ হোৱা বুলি গম পোৱা গৈছে । জানিব পৰা মতে উদ্যানখনৰ বাসৱনলাৰ সমীপত নিশা মেচিনৰ সহায়ত কাঠ কাটি থকা সময়তে ঘটনাস্থলীত উপস্থিত হয় বন বিভাগৰ লোক । সেই সময়তে বনকৰ্মীয়ে চোৰাং চিকাৰীৰ দলটোক বাধা দিয়ে আৰু দলটোক লক্ষ্য কৰি গুলীচালনা কৰে (Firing in Dihing Patkai National Park)।

Dihing Patkai National Park
দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত উত্তেজনা

অৱশ্যে আন্ধাৰৰ সুযোগ লৈ চোৰাং চিকাৰীৰ দলটো পলাই যাবলৈ সক্ষম হয় । সেই স্থানৰ পৰা বনকৰ্মীসকলে এটা কাঠ ফলা মেছিনৰ লগতে বিভিন্ন সঁজুলি উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

জানিব পৰা মতে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত চলিত বৰ্ষত এইটো দ্বিতীয়টো গুলীচালনাৰ ঘটনা । ইয়াৰ পূৰ্বেও চোৰাং চিকাৰীৰ কাৰ্যকলাপ বন্ধ কৰিবলৈ উদ্যানখনৰ বনকৰ্মীসকলে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে । কিন্তু ইমানৰ পাছতো বনাঞ্চলত চোৰাং চিকাৰীৰ কাৰ্যকলাপ অব্যাহত আছে ।

লগতে পঢ়ক :এফালে কৃত্ৰিম বান; আনফালে চোৰৰ টিঘিলঘিলনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.