ETV Bharat / state

ভুৱা বিত্তীয় প্ৰতিষ্ঠানত ধন সঞ্চয় কৰি সৰ্বস্বান্ত হাজাৰ হাজাৰ গ্ৰাহক

author img

By ETV Bharat Assamese Team

Published : Dec 22, 2023, 9:04 AM IST

fake financial institutions frauds
ভুৱা বিত্তীয় প্ৰতিষ্ঠানত ধন সঞ্চয় কৰি সৰ্বস্বান্ত হাজাৰ হাজাৰ গ্ৰাহক

Fake financial company : গ্ৰাহকক জলা-কলা খুৱাইছে অসম বহুমুখী সমবায় সমিতি লিমিটেড নামৰ বিত্তীয় প্ৰতিষ্ঠানটোৱে ৷ গ্ৰাহকে জমা কৰা লাখ লাখ টকা আত্মসাৎ কৰি পলায়ন কৰাৰ অভিযোগ উঠিছে বিত্তীয় প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীৰ বিৰুদ্ধে ।

ভুৱা বিত্তীয় প্ৰতিষ্ঠানত ধন সঞ্চয় কৰি সৰ্বস্বান্ত হাজাৰ হাজাৰ গ্ৰাহক

মৰাণ, 22 ডিচেম্বৰ : ৰাজ্যত গঢ়ি উঠা একাংশ ভুৱা বিত্তীয় প্ৰতিষ্ঠানত ধন সঞ্চয় কৰি সৰ্বস্বান্ত হৈছে হাজাৰ হাজাৰ গ্ৰাহক । তেনে সময়ত অসম বহুমুখী সমবায় সমিতি লিমিটেড নামৰ বিত্তীয় প্ৰতিষ্ঠানটোৰ গ্ৰাহকে জমা কৰা লাখ লাখ টকা আত্মসাৎ কৰি পলায়ন কৰাৰ অভিযোগ উঠিছে বিত্তীয় প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীৰ বিৰুদ্ধে । গ্ৰাহকৰ জমাকৃত ধন ঘূৰাই নিদিয়াত ক্ষুব্ধ হৈ পৰা লগতে চৰাইদেউ কাৰ্যালয়ত কৰ্মৰত কৰ্মচাৰীসকলেও সমস্যাত পৰিব লগা হৈছে ।

উল্লেখ্য যে, অসম চৰকাৰৰ অধীনত অসম বহুমুখী সমবায় সমিতি নামৰ এটি প্ৰতিষ্ঠানে বিগত সময়ত অসমৰ বিভিন্ন জিলাত শাখা কাৰ্যালয় স্থাপন কৰি গ্ৰাহক ৰাইজৰ পৰা দৈনিক হিচাপত টকা জমা কৰিছিল । শ শ এজেণ্ট নিয়োগ কৰি ৰাইজৰ পৰা বিভিন্ন আঁচনিত ধন সংগ্ৰহ কৰিছিল যদিও পৰৱৰ্তী সময়ত গ্ৰাহকে নিজৰ জমা ধন লাভ নকৰাত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ।

সমগ্ৰ অসমৰ লগতে উজনি অসমৰ চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰতো সমবায়খনে এটি উজনি মণ্ডলৰ ভিত্তিত এটি কাৰ্যালয় স্থাপন কৰি চৰাইদেউ জিলাতে পাঁচটাকৈ শাখা কাৰ্যালয় স্থাপন কৰিছিল । কিন্তু যোৱাটো বৰ্ষত সমবায় সমিতিখনৰ কিছু বিত্তীয় খেলিমেলিৰ বাবে বিভাগীয় কৰ্তৃপক্ষই অডিটৰ বাবে সমগ্ৰ অসমজুৰি সমবায় সমিতিৰ সকলো শাখা কাৰ্যালয় পোন্ধৰ দিনৰ বাবে বন্ধ ঘোষণা কৰাৰ পাচতেই যোৱা এটা বছৰে সমবায় সমিতিখন বন্ধ হৈ পৰি আছে ।

বিগত বৰ্ষৰ, 29 ডিচেম্বৰত বিভাগীয় কৰ্তৃপক্ষই এক নিৰ্দেশনা জাৰি কৰি অসম জুৰি সমবায় সমিতিৰ কামকাজ বন্ধ কৰি দিয়াত সমবায় সমিতিখনৰ বিভিন্ন শাখা কাৰ্যালয়ত জমা কৰা নিজৰ কষ্টোপাৰ্জিত ধন ঘূৰাই নোপোৱাত একপ্ৰকাৰ অসহায় হৈ পৰিছে গ্ৰাহক । উজনি সংমণ্ডল কাৰ্যালয়েও গ্ৰাহক ৰাইজক দিব পৰা নাই উত্তৰ । বিভিন্ন সময়ত সোণাৰিস্থিত উজনি সংমণ্ডলৰ বিষয়াজনে একপ্ৰকাৰ পলায়নবাদী ভূমিকা পালন কৰাৰহে অভিযোগ উত্থাপিত কৰিছে গ্ৰাহকৰ লগতে শাখা কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীয়ে ।

এতিয়া কষ্টোপাৰ্জিত ধন জমা কৰি ধন ঘূৰাই পোৱাৰ ক্ষেত্ৰত অনিশ্চয়তাত ভোগা গ্ৰাহক ৰাইজে প্ৰতিষ্ঠানটোৰ শীৰ্ষ পৰিচালক আৰু কৰ্মচাৰীৰ সৈতে যোগাযোগ কৰিও ধন ঘূৰাই পোৱাৰ ক্ষেত্ৰত কোনো উত্তৰ লাভ কৰা নাই গ্ৰাহকসকলে । আনকি চৰাইদেউ সোণাৰিৰ উজনি মণ্ডলৰ বিষয়া কৰ্মচাৰীৰসকলে এতিয়া ৰাইজক কোনো ধৰণৰ সিদ্ধান্ত দিব নোৱাৰি বিপাঙত পৰা বুলি জনাইছে সংবাদ মাধ্যমৰ আগত। গ্ৰাহকৰ লাখে লাখে টকা আত্মসাৎ কৰা অসম বহুমুখী সমবায় সমিতি লিমিটেডৰ বিৰুদ্ধে চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক: মাঘ বিহুৰ পিচতে প্ৰতিটো বিধানসভা সমষ্টিত ৰেচন কাৰ্ড বিতৰণ; ম’হে-বুলবুলিয়ে এছ অ’ পি মানিহে যুঁজিব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.