ETV Bharat / state

Eviction in Dibrugarh : ডিব্ৰুগড়ত পদপথৰ অবৈধ ব্যৱসায়ীক প্ৰতিষ্ঠানত চলিল পৌৰসভাৰ বুলড'জাৰ

author img

By

Published : Aug 7, 2023, 8:12 PM IST

Eviction of Municipality in Dibrugarh
ডিব্ৰুগড়ত পৌৰসভাৰ উচ্ছেদ অভিযান

সোমবাৰে উচ্ছেদ অভিযানত নামিল ডিব্ৰুগড় পৌৰসভা ৷ পদপথৰ অবৈধ ব্যৱসায়ীক প্ৰতিষ্ঠানত চলিল পৌৰসভাৰ বুলড'জাৰ ৷

উচ্ছেদ অভিযানত নামিল ডিব্ৰুগড় পৌৰসভা

ডিব্ৰুগড়, 7 আগষ্ট : গুৱাহাটী মহানগৰৰ পাছতে এখন আগশাৰীৰ চহৰ হিচাপে বিবেচিত হৈ আহিছে উদ্যোগিক চহৰ ডিব্ৰুগড় ৷ অসম চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয় , মোহনবাৰী বিমানবন্দৰ আৰু শেহতীয়াকৈ গেছ ক্ৰেকাৰ প্ৰকল্প আৰম্ভ হোৱাত ডিব্ৰুগড় চহৰখন ব্যৱসায়-বাণিজ্যৰ প্ৰাণ কেন্দ্ৰ হৈ উঠিছে ৷ উত্তৰ-পূৱৰ এখন আগশাৰীৰ চহৰ হিচাবে বিবেচিত হোৱা ডিব্ৰুগড়ত সৃষ্টি হোৱা যান-জঁটৰ সমস্যাই দীৰ্ঘদিন ধৰি জ্বলা-কলা খুৱাই আহিছে ডিব্ৰুগড়ৰ লগতে ডিব্ৰুগড়লৈ অহা ৰাজ্য তথা দেশৰ আন আন প্ৰান্তৰ ৰাইজক ৷

চহৰখনত যানযজঁটৰ মূল কাৰণেই হ'ল ডিব্ৰুগড়ৰ একাংশ ব্যৱসায়ীয়ে দীৰ্ঘদিন ধৰি পদপথ সমূহ দখল কৰি ব্যৱসায় কৰি আহিছে ৷ ফলত মূল পথেদি যাতায়ত কৰিব লগা হয় পথচাৰীসকলে ৷ লগতে পথৰ কাষতে যান-বাহনসমূহ ৰখোৱাৰ ফলত প্ৰতিদিনে চহৰখনত সৃষ্টি হৈছে তীব্ৰ যান-জঁটৰ সমস্যা ৷ ৰাইজে এই সমস্যা সমাধানৰ বাবে ডিব্ৰুগড় প্ৰশাসন আৰু পৌৰসভাক দাবী কৰি আহিছিল যদিও ৰাইজৰ সমস্যা সমাধান হোৱা নাছিল ৷

অৱশেষত সোমবাৰে ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনাই উচ্ছেদ অভিযানত নামিল ডিব্ৰুগড় পৌৰসভা ৷ পদপথৰ অবৈধ ব্যৱসায়ীক প্ৰতিষ্ঠানত চলিল পৌৰসভাৰ বুলড'জাৰ ৷ সদৌ অসম ৰোড চাইড ব্যৱসায়ীয়ে কল্যাণকামী সন্থাৰ নাম লৈ অবৈধভাৱে ব্যৱসায় চলোৱা প্ৰতিষ্ঠানত উচ্ছেদ চলালে ডিব্ৰুগড় পৌৰসভাই ৷ সোমবাৰে চহৰখনৰ মাৰোৱাৰীপট্টিত অবৈধভাৱে পদপথ দখল কৰি থকা প্ৰায় দহখনৰো অধিক ব্যৱসায়ীক প্ৰতিষ্ঠানত উচ্ছেদ চলালে ডিব্ৰুগড় পৌৰসভা আৰু জিলা প্ৰশাসনে ৷

ডিব্ৰুগড় পৌৰসভা কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে ইতিমধ্যে পৌৰসভাই চহৰখনৰ ৬ টাকৈ স্থানত ভেণ্ডিং জ'ন স্থাপন কৰিছে ৷ ইতিমধ্যে সকলো পদপথৰ ব্যৱসায়ীক এই স্থান সমূহলৈ যাবলৈ জাননী দিয়াৰ লগতে ব্যৱসায়ী সকলক কাৰ্যালয়লৈ মাতি নি অৱগত কৰোৱা হৈছিল ৷ কিন্তু কাৰ্যত পৌৰসভাৰ কথাত কোনো গুৰুত্ব নিদিয়াত আজি এইদৰে উচ্ছেদ অভিযান চলোৱা বুলি জানিবলৈ দিছে ডিব্ৰুগড় পৌৰসভাৰ কৰ্তৃপক্ষই ৷ পদপথ দখলেৰে অবৈধভাৱে ব্যৱসায় কৰা সকলো ব্যৱসায়ীক প্ৰতিষ্ঠানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জনাইছে ডিব্ৰুগড় পৌৰসভাই ৷

লগতে পঢ়ক : Eviction notice: চিৰাঙত ৰাজহুৱা উচ্ছেদৰ জাননীক লৈ উত্তপ্ত পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.