ETV Bharat / state

Eviction notice: চিৰাঙত ৰাজহুৱা উচ্ছেদৰ জাননীক লৈ উত্তপ্ত পৰিস্থিতি

author img

By

Published : Aug 7, 2023, 6:06 PM IST

চিৰাঙৰ হাশ্ৰাউবাৰী গাঁৱত বাস কৰা ১৯ টাকৈ পৰিয়ালক ১৫ দিনৰ ভিতৰত খালী কৰি দিবলৈ জাননী জাৰি ৷ ইয়াৰ পিচতে অঞ্চলটোত স্থানীয় লোকৰ সৈতে স্থানীয় দল-সংগঠনে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

tension-prevails-over-issue-of-public-eviction-notice-in-chirang
চিৰাঙত ৰাজহুৱা উচ্ছেদৰ জাননী জাৰিক লৈ উত্তপ্ত পৰিস্থিতি

চিৰাঙত ৰাজহুৱা উচ্ছেদৰ জাননী জাৰিক লৈ উত্তপ্ত পৰিস্থিতি

চিৰাং, 7 আগষ্ট : চিৰাঙৰ চিদলী ৰাজহ চক্ৰ কাৰ্যালয়ৰ পৰা শতিকা পুৰণি হাশ্ৰাউবাৰী গাঁৱত বাস কৰা ১৯ টাকৈ পৰিয়ালক উচ্ছেদৰ ৰাজহুৱা জাননী প্ৰদান কৰিছে । ইয়াৰ পিচতে অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

জাননীখনত হাশ্ৰাউবাৰী গাঁৱৰ জনজাতি বেষ্টনী আৰু আবেষ্টনী এলেকাৰ চৰকাৰী ভূমি অবৈধভাৱে বেদখল কৰি বসবাস কৰা ১৯ টা পৰিয়ালক ১৫ দিনৰ ভিতৰত খালী কৰি দিবলৈ উল্লেখ কৰিছে ৷ জাননীৰ পিচতো খালী নকৰিলে জনজাতি বেষ্টনী এলেকাটো বেদখলমুক্ত কৰিবলৈ প্ৰশাসনৰ পৰা উচ্ছেদ অভিযান চলোৱা হ’ব ।

এই ৰাজহুৱা জাননী লাভ কৰাৰ পিচত হাশ্ৰাউবাৰী গাঁৱৰ ৰাইজৰ মাজত হুৱাদুৱা পৰিৱেশৰ সৃষ্টি হৈছে । লক্ষ্যণীয়ভাৱে, জাননীখনত যি ১৯ টা পৰিয়ালৰ নাম উল্লেখ কৰা হৈছে সেই পৰিয়ালকেইটা এটা বিশেষ সম্প্ৰদায়ৰ হোৱা বাবেই চৰকাৰী জাননীখনক লৈ স্থানীয় দল-সংগঠনৰ মাজতো ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

উল্লেখনীয় কথাটো হৈছে যে, উচ্ছেদৰ জাননী দিয়া এই 19 টা পৰিয়ালৰ ওচৰে পাজৰে থকা আন জনগোষ্ঠীৰ লোক আছে যদিও তেওঁলোকক কোনো জাননী দিয়া হোৱা নাই। কিয় মাথো এটা জনগোষ্ঠীকেই টাৰ্গেট কৰা হৈছে বুলি হুলুস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে পৰিয়ালকেইটাই।

এই ক্ষেত্ৰত এবিএমছুৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক আব্ৰু জুবেইেৰ মণ্ডলে কয় যে অসম চৰকাৰ আৰু বিটিআৰ প্ৰশাসনে এইদৰে বচা বচা ঠাইত উচ্ছেদৰ জাননী প্ৰেৰণ কৰি শান্তিৰ পৰিৱেশ বিঘ্নিত কৰিছে। শতিকা পুৰণি এখন গাঁৱৰ বচা বচা তথা বিশেষ সম্প্ৰদায়ৰ লোকক জাননী প্ৰেৰণ কৰাৰ মানে কি বুলি প্ৰশ্ন কৰে মণ্ডলে ।

তেওঁ লগতে কয় যে বিটিচি চুক্তি অনুসৰি ২০০৩ চনৰ বিটিচি চুক্তিৰ পূৰ্বৰে পৰা বসবাস কৰা লোকক ভূমিৰ অধিকাৰ দিয়া হ’ব কৈছিল কিন্তু এতিয়া তাৰ ওলোটাহে কৰা পৰিলক্ষিত হৈছে। এই হাশ্ৰাউবাৰী গাঁৱত যি ১৯ ঘৰ লোকক উচ্ছেদৰ জাননী দিয়া হৈছে তেওঁলোকৰ ইয়াতে থকা ১৯৫১ চনৰ পূৰ্বৰ নথি আছে, তাৰ পিচতো কিদৰে চৰকাৰী কোনো পৰিকল্পনা নোহোৱাকৈ যধে মধে উচ্ছেদৰ জাননী জাৰী কৰিলে ? এই জাননীৰ আঁৰত ৰহস্যৰ গোন্ধ পোৱা বুলিও উল্লেখ কৰে ছাত্ৰ নেতাজনে।

বিটিআৰ প্ৰশাসনে প্ৰেৰণ কৰা এই উচ্ছেদৰ জাননীৰ বিৰুদ্ধে এবিএমছুয়ে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ৷
লগতে পঢ়ক: Protest in Delhi : ভূমিৰ অধিকাৰৰ দাবীত দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ শিলসাঁকোৰ উচ্ছেদিত জনতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.