ETV Bharat / state

Erosion in Dibrugarh: ডিব্ৰুগড়ত খহনীয়াৰ কালৰূপ: অসম চিকিৎসা মহাবিদ্যালয়লৈ অশনি সংকেত

author img

By

Published : Jul 13, 2022, 9:55 PM IST

Brahmaputra erosion in Dibrugarh
ডিব্ৰুগড়ত খহনীয়াৰ কালৰূপ: অসম চিকিৎসা মহাবিদ্যালয়লৈ অশনি সংকেত

ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াই কালৰূপ ধাৰণ কৰিছে ৷ দৈনিক নদীৰ বুকুত জাহ গৈছে মথাউৰিৰ অংশ ৷ অসম চিকিৎসা মহাবিদ্যালয়লৈ(Assam Medical College) নামি আহিছে ভাবুকি ৷

মৰাণ, 19 জুলাই: কৃত্ৰিম বানৰ পিছতেই এইবাৰ ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰ নদীৰ ভয়াবহ গৰাখহনীয়া (Brahmaputra erosion in Dibrugarh)। ঐতিহাসিক চহৰখনৰ প্ৰতি সৃষ্টি হৈছে তীব্ৰ ভাবুকিৰ । চহৰখনৰ নিচেই কাষতে থকা মাইজান-নতুন গাঁৱত আৰম্ভ হৈছে এই গৰাখহনীয়া ।

ডিব্ৰুগড়ত খহনীয়াৰ কালৰূপ: অসম চিকিৎসা মহাবিদ্যালয়লৈ অশনি সংকেত

গৰাখহনীয়াই ইতিমধ্যে 8/4 আৰু 7/4 মথাউৰিৰ প্ৰায় 40 মিটাৰ প্ৰৱল সোঁতে উটুৱাই লৈ যায় । ইয়াৰোপৰি খহনীয়াৰ ফলত মথাউৰিটোৰ আন ডেৰশ মিটাৰ অংশ বিগত চাৰিদিনত নদীৰ বুকুত জাহ যোৱা বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে । ঐতিহাসিক অসম চিকিৎসা মহাবিদ্যালয়ৰ(Assam Medical College) পৰা প্ৰায় দুই কিলোমিটাৰ আঁতৰত নদীৰ এই ভয়াবহ খহনীয়াই চিকিৎসা মহাবিদ্যালয়খনৰ প্ৰতিও ভাবুকিৰ সৃষ্টি কৰিছে ।

সমান্তৰালকৈ মাইজান মথলা আৰু নতুন গাঁৱতো অনুৰূপ পৰিস্থিতিৰ সৃষ্টি হৈছে । মাইজান চাহ বাগিচাৰ(Maijan tea estate) শ্ৰমিকসকলে এতিয়া আতংকৰ মাজেৰে দিন কটাবলগীয়া হৈছে । ডিব্ৰুগড়ৰ জলসম্পদ বিভাগে খহনীয়াই কালৰূপ ধাৰণ কৰা এইসমূহ অংশ পৰিদৰ্শন নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাক(Assam Water Resource minister) এই ক্ষেত্ৰত জৰুৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ নৈপৰীয়া ৰাইজে আহ্বান জনাইছে ৷

লগতে পঢ়ক: নলবাৰীত ৰেড ক্ৰছ চ'ছাইটিৰ বান সাহায্য বিতৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.